কোকৰাঝাৰ, ১৮ এপ্ৰিল :কোকৰাঝাৰ লোকসভা সমষ্টিত এন ডি এ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ মনোনয়ন দাখিলৰ সতে সংগতি ৰাখি বৃহস্পতিবাৰে কোকৰাঝাৰৰ গ্ৰীণফিল্ডত এক বিশাল নিৰ্বাচনী জনসভা অনুষ্ঠিত হয় ৷ কেবা সহস্ৰাধিক লোকৰ উপস্থিতত অনুষ্ঠিত হোৱা উক্ত জনসভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত থাকে ।
ইয়াৰোপৰি উক্ত নিৰ্বাচনী সভাত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, ইউ পি পি এলৰ মুৰব্বী তথা বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, অগপৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম চৰকাৰৰ মন্ত্ৰী ইউ.জি ব্ৰহ্ম, অশোক সিংহল, চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই পোনপ্ৰথমে নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিশেষ বিমানযোগে পশ্চিমবংগ হাচিমাৰাৰ বায়ুসেনা বাহিনীৰ বিমানবন্দৰত উপস্থিত হয় আৰু তাৰ পৰা হেলিকপ্টাৰযোগে কোকৰাঝাৰৰ গ্ৰীণফিল্ডত উপস্থিত হয় । কোকৰাঝাৰৰ গ্ৰীণফিল্ডত ইউ পি পি এলৰ প্ৰাৰ্থী তথা এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় জে পি নাড্ডাই ৷
জে পি নাড্ডাই কয়, ‘‘পূৰ্বতে এই অঞ্চলটোত গোষ্ঠী সংঘৰ্ষ , ভাতৃঘাতী সংঘৰ্ষ হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেৰ্তৃত্বত বি টি আৰ চুক্তি সম্পন্ন হোৱাৰ পিচত অঞ্চলটোলৈ শান্তি ঘূৰি আহিল ।’’ উত্তৰ-পূৱৰ প্ৰতি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ টানৰ কথা উল্লেখ কৰি জেপি নাড্ডাই কয় যে প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৱ ৭০ বাৰকৈ ভ্ৰমণ কৰিছে । উত্তৰ-পূৱক অষ্ঠলক্ষ্মী আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ নেৰ্তৃত্বত উত্তৰ-পূৱ আগবাঢ়ি গৈছে, দেশ আগবাঢ়ি গৈছে । উদ্যোগখণ্ডত উল্লেখযোগ্য পৰিবৰ্তন আহিছে । শক্তিখণ্ডত বিপুল উন্নতি হৈছে ।
ঔষধ, মোবাইল ফোন নিৰ্মাণত ভাৰতবৰ্ষ বিশ্বৰ আগশাৰীৰ দেশত পৰিণত হৈছে বুলিও উল্লেখ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে । ভাৰত মাতা কমজোৰ হ’লে দেশ কমজোৰ হ'ব বুলি উল্লেখ কৰি বিৰোধীক তীব্ৰ সমালোচনাৰে থকাসৰকা কৰে জে পি নাড্ডাই । ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি অৰবিন্দ কেজেৰিৱাললৈকে সমালোচনা কৰি বিৰোধীসকল কেৱল দুৰ্নীতি-ভ্ৰষ্টাচাৰত লিপ্ত হোৱা বুলি মন্তব্য কৰি জেপি নাড্ডাই কয় যে সেয়েহে বিৰোধী দলৰ নেতাসকল হয় জামিনত আছে নতুবা জে’লত আছে ।
পূৰ্বতে দিল্লী দূৰত আছিল আৰু হৃদয়ো দূৰত আছিল, কিন্তু এতিয়া দিল্লী আৰু আমাৰ হৃদয় দূৰত নহয় বুলি উল্লেখ কৰে জে পি নাড্ডাই । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান উদ্দেশ্য আছিল শান্তি স্থাপন, পৰ্যটন, কলা-সংস্কৃতি ৰক্ষণাবেক্ষণ, হাইড্ৰ’পাৱাৰ জেনেৰেচন, জৈৱিক ফাৰ্মিং, নেচাৰেল ফাৰ্মিং আৰু নাগৰিকৰ সুৰক্ষা ৷ নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিচতে ভাৰতবৰ্ষ অৰ্থনীতিৰ ক্ষেত্ৰত উন্নত দেশ হিচাপে পৰিগণিত হ'ব বুলি দৃঢ়তাৰে দাবী কৰি কোকৰাঝাৰত এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহবান জনায় জে পি নাড্ডাই ।
ইপিনে জয়ন্ত বসুমতাৰীৰ মনোনয়ন দাখিলৰ সতে সংগতি ৰাখি অনুষ্ঠিত হোৱা বিশাল জনসভাত অংশগ্ৰহণ কৰি ইউ পি পি এলৰ মুৰব্বী তথা বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে কোকৰাঝাৰ লোকসভা সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী তথা এন ডি এ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব । তেওঁ নিজ ভাষণত কয়, ‘‘এই নিৰ্বাচন শান্তি-সম্প্ৰীতি আৰু উন্নয়নৰ নিৰ্বাচন । এই নিৰ্বাচন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত নিৰ্বাচন । বিটিআৰত এতিয়া স্বাভাৱিক পৰিৱেশ, জাতি-বৰ্ণ-ধৰ্মৰ কোনো ভেদাভেদ নাই ।’’
ইউ পি পি এল-বিজেপিৰ চৰকাৰ অহাৰ পিচত সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ পৰিৱেশ গঢ়ি উঠিছে বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে । আজিৰ জনসমুদ্ৰই এন ডি এৰ বিজয় সুনিশ্চিত কৰিলে বুলি মন্তব্য কৰে বিটিচি প্ৰধানগৰাকীয়ে ।
উল্লেখ্য যে বিশাল নিৰ্বাচনী সভা অন্ত পৰাৰ পিচতেই গ্ৰীণফিল্ডৰ পৰাই এখন পুষ্পসজ্জিত খোলা গাড়ীত উঠি বিশাল ৰেলী কৰি ৰিটাৰ্ণিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে জয়ন্ত বসুমতাৰীয়ে । মনোনয়ন দাখিলৰ সময়ত জয়ন্ত বসুমতাৰীক সংগ দিয়ে বি টি চি প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা বসুমতাৰী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অগপৰ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতা আদিকে ধৰি বহু জ্যেষ্ঠ নেতাই ।
আনহাতে সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়দান সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত প্ৰমোদ বড়োৱে কয় যে সাংসদ নৱ কুমাৰ শৰণীয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ ৰাজনৈতিক ভাগ্য উচ্চ ন্যায়ালয়ৰ ওপৰত নিৰ্ভৰ কৰিছে ৷ ইপিনে মনোনয়ন দাখিলৰ পিচত ইউ পি পি এলৰ প্ৰাৰ্থী তথা এন ডি এ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে কয় যে তেওঁ ২.৫ পৰা ৩ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব । উল্লেখ্য যে এন ডি এ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ উপৰিও আজি তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰীশংকৰ শৰণীয়া আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অজয় নাৰ্জাৰীয়ে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷
লগতে পঢ়ক:মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’লে ভাৰত উন্নত ৰাষ্ট্ৰৰ তৃতীয় স্থানত থাকিব: জে পি নাড্ডা