গুৱাহাটী, 8 জুন : বিজেপিৰ বিধায়ক-মন্ত্ৰীৰ ক্ষমতা আৰু ন-পুৰণিৰ যুঁজখন গৈ এতিয়া উজনি অসম-নামনি অসম পৰ্যায় পালেগৈ ৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছেগৈ যে উজনিৰ বিধায়কে নিজৰ এক্স (টুইটাৰ) হেণ্ডেলত নিজৰ নামৰ লগত লিখি লৈছে 'ফ্ৰম আপাৰ আছাম’ (From upper Assam) ৷ খুমটাইৰ বিজেপি বিধায়কে নিজৰ নামৰ সৈতে এতিয়া লিখি লৈছে- 'মৃণাল শইকীয়া, ফ্ৰম আপাৰ আছাম' ৷
উজনি-নামনিৰ বিভাজনমুখী ৰূপ (ETV BHARAT ASSAM) মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ আচৰণক লৈ প্ৰশ্ন তুলি মুখ্যমন্ত্ৰীৰো অপ্ৰিয়ভাজন হৈ পৰিছে বিধায়ক মৃণাল শইকীয়া ৷ বিজেপি বিধায়ক শইকীয়াই যোৰহাট লোকসভাত গৌৰৱ গগৈক জয়ৰ পিচত শুভকামনা জনোৱাক লৈ বিজেপিত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তাৰ পিচতেই আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ’মৃণাল শইকীয়া বিজেপিত নাই বুলিয়েই ধৰক’- বুলিও ইতিমধ্যে মন্তব্য কৰিছে ৷ বিজেপিৰ এনে আভ্যন্তৰীণ বিতৰ্কৰ মাজতে প্ৰসংগক্ৰমে বিধায়ক মৃণাল শইকীয়াই নামনি অসমক লৈ কিছু মন্তব্য কৰে ৷ চাহ, তেল, কয়লাৰে উজনি অসমে নামনি অসমক আৰ্থিকভাৱে চলাই আছে বুলি বিধায়কজনে কৰা মন্তব্যত সৃষ্টি হৈছে বিতৰ্কৰ ৷
ইফালে মৃণাল শইকীয়াৰ এই মন্তব্যৰ বাবে তেওঁক ফেপেৰি পাতি ধৰিছে নামনি অসমৰ বিভিন্নজনে ৷ আনকি বৰপেটাত বিভেদ সৃষ্টি কৰিব খোজাৰ অভিযোগেৰে মৃণাল শইকীয়াৰ বিৰুদ্ধে গোচৰ তৰিছে কোনো এক সংগঠনেও ৷ ইয়াৰ বিপৰীতে আজি বিধায়কগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত নামৰ পিচত 'ফ্ৰম আপাৰ আছাম’ বুলি লিখে ৷ এই নিৰ্বাচনৰ বতাহ বলাৰ পিচতে বিজেপি নেতা-কৰ্মীয়ে সামাজিক মাধ্যম এক্সত নিজৰ নামৰ সৈতে লিখিছিল 'মোদী কা পৰিৱাৰ' ৷ যেনে ধৰক— Himanta Biswa Sarma (Modi ka Parivar), সেই অনুসৰি এক্সত মৃণাল শইকীয়াৰ নামৰ পিচত থাকিব লাগিছিল Mirnal Saikia (Modi Ka Parivar) বুলি ৷ কিন্তু 'মোদী কা পৰিৱাৰ' নহয়, বিজেপিৰ বিদ্ৰোহী বিধায়কজনে লিখিলে এইদৰে- Mrinal Saikia (From Upper Assam) ৷
শেহতীয়াকৈ বিধায়ক মৃণাল শইকীয়াৰ এই কাৰ্যই এতিয়া ৰাজ্যত জোকাৰণি তুলিছে ৷ ইয়াৰ দ্বাৰা বিধায়ক শইকীয়াই কি বুজাব খুজিছে সেয়া অস্পষ্ট হ’লেও বিজেপিৰ দলীয় ৰাজনীতিৰ সংঘাতক লৈ উজনি-নামনিৰ বিভাজনকামী ৰূপ লোৱাটো এক পৰিতাপৰ বিষয়ৰূপে পৰিগণিত হৈছে ৷
লগতে পঢ়ক :উজনি-নামনি ভাগ কৰা মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল