গুৱাহাটী, ৪ জুন: পুনৰ বিতৰ্কত শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়া । এইবাৰ যোৰহাট সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হোৱা কংগ্ৰেছৰ গৌৰৱ গগৈক প্ৰশংসা কৰি বিতৰ্কত সোমাই পৰে বিধায়কগৰাকী । শাসকীয় দলৰ ব্যাপক ৰণকৌশলৰ পাচতো যোৰহাট সমষ্টিত বিপুল ভোটত জয়ী হয় গৌৰৱ গগৈ । গৌৰৱ গগৈৰ এই জয়ক শাসকীয় দলে সহজভাৱে লোৱা নাই যদিও শাসকীয় দলৰ এজন বিধায়ক গৌৰৱ গগৈক প্ৰশংসা কৰাক লৈ বিজেপিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
শাসকীয় বিধায়কৰ সামাজিক মাধ্য়মত বিৰোধীৰ প্ৰশংসা, গৰজি উঠিল মুখ্যমন্ত্ৰী (ETV BHARAT ASSAM) যোৰহাটত গৌৰৱ গগৈ জয়ী হোৱাৰ পাচতে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক মৃণাল শইকীয়াই । সামাজিক মাধ্যমত তেওঁ কয় -"যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষভাৱে অভিনন্দন । এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে-ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰা নেতৃত্ব আৰু দৰ্পী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে । লগতে অসমৰ পৰা নিৰ্বাচিত সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো ।"
সামাজিক মাধ্যমত বিধায়ক মৃণাল শইকীয়াৰ এই প্ৰতিক্ৰিয়াই বিজেপিত জোকাৰণিৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত মঙলবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মৃণাল শইকীয়াই অন্য দলত যোগদান কৰাৰ সম্ভাৱনা আছে বাবেই এনে মন্তব্য কৰিছে। মৃণাল শইকীয়াই প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীক অভিনন্দন জনোৱাৰ বিপৰীতে কংগ্ৰেছৰ বিজয়ী এজনক অভিনন্দন জনাইছে । অৰ্থাৎ মৃণাল শইকীয়া আৰু বেছিদিন বিজেপিত নাথাকে আৰু তেওঁ আন দললৈ যোৱাৰ মন মেলিছে বুলি মুখ্যমন্ত্রীয়ে কয় ।
কংগ্ৰেছত ক্ষোভ থকা সকলে বিজেপিত যোগদান কৰিছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "আমাৰ বিৰুদ্ধে ক্ষোভ থকা দুই-এজনে কংগ্ৰেছত যোগদান কৰিব পাৰে ।" অৱশ্যে মৃণাল শইকীয়াই ক্ষোভৰ কথা মুখ্যমন্ত্রী নাইবা ৰাজ্যিক সভাপতিক অৱগত কৰোৱা নাই বুলি কয় মুখ্যমন্ত্রীগৰাকীয়ে ৷
লগতে পঢ়ক:লখিমপুৰত পুনৰ পদুম ফুলিলেও সন্তুষ্ট নহয় প্ৰদান বৰুৱা - lok sabha election results 2024