নেশ্যনেল ডেস্ক,৪ ফেব্ৰুৱাৰী :সমাগত লোকসভা নিৰ্বাচন । বিভিন্ন ৰাজ্যত শাসক-বিৰোধীয়ে ৰণনীতি প্ৰস্তুত কৰিছে । উত্তৰ প্ৰদেশতো লোকসভা নিৰ্বাচনক লৈ ব্যাপক ৰাজনৈতিক তৎপৰতা দেখা গৈছে । অৱশ্যে শাসকীয় বিজেপিয়ে এতিয়ালৈ প্ৰাৰ্থীসকলৰ নাম স্পষ্ট কৰা নাই । যাক লৈ বিৰোধী সমাজবাদী পাৰ্টীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰিছে । দলটোৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে দেওবাৰে দাবী কৰিছে যে শাসকীয় দলৰ টিকট গ্ৰহণ কৰি কোনেও পৰাজয়ৰ সন্মুখীন হ'ব নিবিচাৰে ।
তেওঁ লগতে দাবী কৰিছে যে ৰাজ্যখনত বিজেপি কেডাৰৰ মাজত হতাশাৰ স্পষ্ট হৈছে । আনকি নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে উত্তৰ প্ৰদেশত পৰাজয় স্বীকাৰ কৰিছে বুলিও অখিলেশ যাদৱে দাবী কৰে । এক্সৰ এটা পোষ্টত সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে শেহতীয়া এক জৰীপৰ উদ্ধৃতি দি দাবী কৰিছে যে ৰাজ্যখনৰ ৯০ শতাংশ পিছপৰা শ্ৰেণী, দলিত আৰু সংখ্যালঘু সকলে একত্ৰিত হৈ পিডিএক ভোট দিব ।
আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনত গুৰুত্বপূৰ্ণ লোকচানৰ দিশে আগবাঢ়িছে বুলি দাবী কৰি অখিলেশে কয় যে শেহতীয়া এক সমীক্ষা মতে ৰাজ্যখনৰ ৪৯ শতাংশ পিছপৰা শ্ৰেণী, ১৬ শতাংশ দলিত, ২১ শতাংশ সংখ্যালঘু, ৪ শতাংশ পিছপৰা শ্ৰেণীৰ লোক পিডিএৰ সৈতে আছে । তেওঁলোকে এইবাৰ পিডিএৰ বাবে ঐক্যবদ্ধভাৱে ভোট দিব ।