ETV Bharat / business

২০২৫ বৰ্ষত ফেডাৰেল ৰিজাৰ্ভৰ হাৰ কৰ্তনৰ প্ৰভাৱ: সৰ্বকালৰ সৰ্বনিম্ন স্তৰলৈ হ্ৰাস টকাৰ মূল্য - RUPEE FALLS TO ALL TIME LOW

এছিয়াৰ অন্যান্য বজাৰসমূহতো অৱনমন ঘটে । টকিঅ', হংকং, ছাংহাই, ছিডনী, চিউল, টাইপেই, বেংকক, ছিংগাপুৰ, ৱেলিংটন, মানিলা আৰু জাকাৰ্টা এই সকলোতে যথেষ্ট অৱনমন ঘটে ।

Rupee Falls to all Time Low
প্ৰতিনিধিত্বমূলক ছবি (AP)
author img

By ETV Bharat Assamese Team

Published : Dec 19, 2024, 12:25 PM IST

মুম্বাই : আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভে বুধবাৰে সুতৰ হাৰ এক চতুৰ্থাংশ হ্ৰাস কৰে আৰু 2025 চনত হ্ৰাসৰ লেহেম গতিৰ সংকেত দিয়ে । যাৰ ফলত ভাৰতকে ধৰি বিশ্বজুৰি বিত্তীয় বজাৰত তীব্ৰ আঘাত পৰে, য'ত নিফটি 50-এ 1.33 শতাংশ বা 321 পইণ্টতকৈ অধিক অৱনমন ঘটি 23,877.15 পইণ্টত মুকলি হয় । আনহাতে, বি এছ ই চেঞ্চেক্স 1,153.17 পইণ্ট বা 1.44 শতাংশ হ্ৰাস হৈ 79,029.03 পইণ্টত মুকলি হয় ।

আনহাতে, আমেৰিকান ফেডাৰেল ৰিজাৰ্ভৰ আক্ৰমণাত্মক দৃষ্টিভংগীৰ বাবে ডলাৰত ব্যাপক বৃদ্ধি হোৱাৰ ফলত বৃহস্পতিবাৰে প্ৰাৰম্ভিক বাণিজ্যত আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ১২ পইচা হ্ৰাস হৈ সৰ্বকালৰ সৰ্বনিম্ন ৮৫.০৬ ত উপনীত হয় ।

ভাৰতৰ উপৰি এছিয়াৰ অন্যান্য বজাৰসমূহো হ্ৰাস পায় । টকিঅ', হংকং, ছাংহাই, ছিডনী, ছিউল, টাইপেই, বেংকক, ছিংগাপুৰ, ৱেলিংটন, মানিলা আৰু জাকাৰ্টা সকলোতে যথেষ্ট পৰামাণে হ্ৰাস পায় ।

ফেডে এক বিবৃতিত ঘোষণা কৰে যে নীতি নিৰ্ধাৰকসকলে কেন্দ্ৰীয় বেংকৰ মূল ঋণৰ হাৰ হ্ৰাস কৰি 4.25 শতাংশ আৰু 4.50 শতাংশৰ মাজত ৰাখিবলৈ 11-1 ব্যৱধানত ভোট দিয়ে, যিটো অপেক্ষাকৃত আছিল । কিন্তু তেওঁলোকে অহা বছৰ আশা কৰা ত্ৰৈমাসিক পইণ্ট কৰ্তনৰ সংখ্যাও আধা কৰে, যিটো ছেপ্টেম্বৰত গড় চাৰিৰ পৰা বুধবাৰে মাত্ৰ দুইলৈ হ্ৰাস কৰা হয় । যাৰ ফলত বজাৰবোৰক আচৰিত কৰি তোলে ।

ফেডাৰেল ৰিজাৰ্ভৰ এই ঘোষণাৰ পিছত ২০২৫ চনত আমেৰিকাৰ বিত্তীয় ব্যৱস্থাৰ বাবে পূৰ্বৰ আশা কৰাতকৈ কম উৎসাহজনক বৃদ্ধি হ'ব পাৰে, আমেৰিকান শ্বেয়াৰ বজাৰ বৰ্ষটোৰ আটাইতকৈ বেয়া দিনবোৰৰ এটালৈ হ্ৰাস পাইছে ।

এছ এণ্ড পি 500-ত 2.9% হ্ৰাস পায়, যিটো বছৰটোৰ সবাতোকৈ ডাঙৰ লোকচানৰ মাত্ৰ কিছু কম । লগতে কেইসপ্তাহমান পূৰ্বে স্থাপন কৰা নিজৰ সৰ্বকালৰ উচ্চ স্তৰৰ পৰা অধিক তললৈ নামি গৈছে । ডাও জোনছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ 1,123 পইণ্ট বা 2.6% হ্ৰাস পাইছে আৰু নাছডেক কম্পোজিট 3.6% হ্ৰাস পাইছে ।

ফেডে কয় যে তেওঁলোকে এই বছৰ তৃতীয়বাৰৰ বাবে ইয়াৰ মুখ্য সুতৰ হাৰ হ্ৰাস কৰিছে, যিটো ছেপ্টেম্বৰত আৰম্ভ হোৱা তীব্ৰ পৰিৱৰ্তন, যেতিয়া ই চাকৰিৰ বজাৰক সমৰ্থন কৰিবলৈ দুই দশকৰ উচ্চতাৰ পৰা হাৰ হ্ৰাস কৰা আৰম্ভ কৰিছিল ।

লগতে পঢ়ক :বিশেষজ্ঞৰ দৃষ্টিত 2024 : এই বছৰটো ভাল আছিল, অহা বছৰে অৰ্থনীতিৰ ওপৰত অধিক স্পষ্টতা দিব - YEARENDER 2024
লগতে পঢ়ক :নিম্ন আয়ৰ তুলনাত উচ্চ আয়ৰ ৰাজ্যত মুদ্ৰাস্ফীতি দ্ৰুতগতিত হ্ৰাস - SBI INFLATION REPORT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.