পঞ্চকুলা (হাৰিয়ানা) : সাত জনম একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাই বিবাহৰ দৰে পবিত্ৰ বান্ধোনত বান্ধ খাই পৰে ৷ বিবাহ কেৱল এক দায়িত্বই নহয়, ই হৈছে প্ৰেম, বিশ্বাস আৰু ইজনে সিজনৰ প্ৰতি ৰখা সহানুভূতি ৷ এই বন্ধনক আটাইতকৈ পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় যদিও শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ দৰে ঘটনা সঘনে বাঢ়িবলৈ ধৰিছে । সৰু সৰু কথাতে স্বামী-স্ত্ৰী দুয়ো নিজৰ সংসাৰ ভাঙি পেলোৱা দেখা যায় ।
আজি আমি ক’বলৈ লৈছো, এটা দম্পতীৰ বিবাহ বিচ্ছেদৰ ঘটনা ৷ বিয়াৰ ২-৩ বছৰৰ পাছৰ এই কথা নহয় ৷ বিয়াৰ ৪৩ বছৰৰ পাছত এটা দম্পতীয়ে বেলেগ বেলেগ পথত খোজকঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আপোনালোকে জানি আচৰিত হ’ব যে বিবাহৰ ৪৩ বছৰৰ পাছত বিবাহ বিচ্ছেদৰ সময়ত স্বামীয়ে পত্নীক ৩.৭ কোটি টকা ভৰণ-পোষণৰ খৰচ দিবলৈ সন্মত হয় ।
এই পৰিমাণ দিবলৈ স্বামীয়ে আনকি নিজৰ কৃষিভূমিও বিক্ৰী কৰিব লগা পৰিস্থিতি আহি পৰিছে । মন কৰিবলগীয়া কথাটো হ’ল যে স্বামীৰ বয়স প্ৰায় ৬৯ বছৰ আৰু পত্নীৰ বয়স ৭৩ বছৰ ৷ দুয়োজনেই বিগত প্ৰায় ১৮ বছৰে সুকীয়া সুকীয়াকৈ বাস কৰিছিল । এই বিবাহ বিচ্ছেদৰ ঘটনাটো হাৰিয়ানাৰ কৰ্ণাল জিলাৰ ৷
১৯৮০ চনত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো :
হিন্দু ৰীতি-নীতি অনুসৰি ১৯৮০ চনৰ ২৭ আগষ্টত দুয়োৰে বিবাহ হৈছিল । বিয়াৰ পিছত তেওঁলোকৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানৰ জন্ম হয় । কিন্তু সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক কিছু ঠুনুকা হৈ পৰে ।
অৱশেষত ২০০৬ চনৰ ৮ মে’ত দম্পতীটোৱে ইজনে সিজনৰ পৰা পৃথকে থাকিবলৈ আৰম্ভ কৰে । স্বামীয়ে মানসিক অশান্তিৰ দোহাই দি কৰ্ণালৰ পৰিয়াল আদালতত (Family Court) বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰে । কিন্তু ২০১৩ চনৰ জানুৱাৰী মাহত পৰিয়াল আদালতে এই আবেদন নাকচ কৰে ।
উচ্চ ন্যায়ালয়ৰ মধ্যস্থতাত সন্মতি :
এই গোচৰত উচ্চ ন্যায়ালয়ত বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰা হৈছিল । ২০২৪ চনৰ ৪ নৱেম্বৰত এই বিষয়ত নিষ্পত্তি কৰিবলৈ মধ্যস্থতা কৰা হয় । এই সময়ছোৱাত দুয়োপক্ষই ৩.৭ কোটি টকা দি বিবাহ বিচ্ছেদ কৰিবলৈ সন্মত হয় ।
কৃষিভূমি আৰু শস্য বিক্ৰী কৰি ধন প্ৰদান :
চুক্তি অনুসৰি স্বামীয়ে নিজৰ কৃষিভূমি বিক্ৰী কৰি পত্নীক ২.১৬ কোটি টকাৰ ডিমাণ্ড ড্ৰাফ্ট (Demand Draft) দিয়ে । ইয়াৰ উপৰিও স্বামীয়ে কুঁহিয়াৰ আৰু অন্যান্য বিভিন্ন শস্য বিক্ৰী কৰি লাভ কৰা ধনৰ পৰা জে-ফৰ্মৰ অধীনত ৫০ লাখ টকা নগদ ধন পৰিশোধ কৰে ।
চুক্তিখনত স্পষ্ট কৰি দিয়া হৈছিল যে ৩.৭ কোটি টকাৰ ধনৰাশি স্থায়ী জীৱিকা হিচাপে গণ্য কৰা হ’ব । কিন্তু ইয়াৰ পিছত পত্নী আৰু সন্তানে স্বামী বা তেওঁৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ সাব্যস্ত নকৰে ।
মৃত্যুৰ পিছতো সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাই :
এইক্ষেত্ৰত মধ্যস্থতাকাৰীসকলৰ জৰিয়তে এই সিদ্ধান্ত লোৱা হৈছিল যে স্বামীৰ মৃত্যুৰ পিছতো পত্নী আৰু সন্তানে সম্পত্তিৰ ওপৰত কোনো দাবী কৰিব নোৱাৰিব । এই চুক্তি মানি লৈ ন্যায়াধীশ সুধীৰ সিং আৰু ন্যায়াধীশ যশজিৎ সিং বেদীৰ বিচাৰপীঠে বিবাহ বিচ্ছেদ সন্দৰ্ভত এই আদেশ জাৰি কৰে ।