অসম

assam

ETV Bharat / politics

উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ বিজেপিৰ

অন্ত পৰিল উৎকণ্ঠাৰ ৷ বিজেপিয়ে ঘোষণা কৰিলে বিধানসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ৷

By ETV Bharat Assamese Team

Published : 6 hours ago

Updated : 5 hours ago

BJP CANDIDATE FOR BYE ELECTION
অসমৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা (Etv Bharat Assam)

গুৱাহাটী/বিশ্বনাথ চাৰিআলি:বিজেপিয়ে শনিবাৰে সন্ধিয়া ঘোষণা কৰিলে ১৩ নৱেম্বৰত হ’বলগীয়া অসমৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী ৷ বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াবলগীয়া বিহালী, ধলাই আৰু চামগুৰি বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা ।

বিহালী বিধানসভা সমষ্টি: দিগন্ত ঘাটোৱাৰক বিহালীৰ বিজেপিৰ প্ৰাৰ্থিত্ব ৷ বিজেপিৰ এগৰাকী পুৰণি কৰ্মী দিগন্ত ঘাটোৱাৰ হ’ব বিজেপি মিত্ৰজোঁটৰ বিহালীৰ প্ৰাৰ্থী ।

বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ (Etv Bharat Assam)

লগতে পঢ়ক:যিকোনো মুহূৰ্ততে বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম

চামগুৰি বিধানসভা সমষ্টি: চামগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ’ব যুৱনেতা দিপ্লুৰঞ্জন শৰ্মা ৷ মহেন্দ্ৰ কোঁৱৰৰ নামো বিজেপিয়ে পেনেলত ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছিল যদিও বিজেপিয়ে দিপ্লু ৰঞ্জন শৰ্মাকে টিকট দিলে চামগুৰিত ৷

ধলাই বিধানসভা সমষ্টি: বৰাক উপত্যকাৰ ধলাইত বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে নীহাৰ ৰঞ্জন দাসক দিলে প্ৰাৰ্থিত্ব ৷ ধলাই বিধানসভাৰ প্ৰাৰ্থিত্বৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা পেনেলত আছিল অমিয়কান্তি দাস, নিহাৰ ৰঞ্জন দাস আৰু স্বপন শুক্লবৈদ্য- এই তিনিজনৰ নাম ৷ অৱশেষত ধলাইৰ প্ৰাৰ্থীৰূপে বিজেপিয়ে চূড়ান্ত কৰিলে নীহাৰ ৰঞ্জন দাসক ৷

আনহাতে, উপ-নিৰ্বাচন হ’বলগীয়া বঙাইগাঁৱত অগপ আৰু চিদলী সমষ্টিত ইউ পি পি এলক এৰি দিয়া বাবে দল দুটাই নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰিব ৷

লগতে পঢ়ক:উপ-নিৰ্বাচন: শনি বা দেওবাৰে ঘোষণা হ'ব বিৰোধীৰ প্ৰাৰ্থীৰ নাম

উল্লেখ্য যে আজি বিজেপিয়ে আঠখন ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ লগতে ঘোষণা কৰিছে কেৰালাৰ ৱাইনাড় লোকসভা আসনখনৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ৷ আনহাতে বিধানসভা উপ-নিৰ্বাচনৰ বাবে অসমৰ লগতে বিহাৰৰ ২খন, ছত্তীশগড়ৰ ১খন, কৰ্ণাটকৰ ২খন, কেৰালাৰ ২খন, মধ্যপ্ৰদেশৰ ২খন, ৰাজস্থানৰ ৬ খন আৰু পশ্চিমবংগৰ ৬ খনকৈ আসনত বিজেপিয়ে উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷

বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ প্ৰতিক্ৰিয়া:

ইফালে বিজেপি দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছতেই ই টিভি ভাৰত অসমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে ৷ এইয়া বিহালীবাসী ৰাইজৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ ৰঞ্জিত দত্ত আশীৰ্বাদ বুলি প্ৰকাশ কৰি ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে দিগন্ত ঘাটোৱাৰে ।

Last Updated : 5 hours ago

ABOUT THE AUTHOR

...view details