অসম

assam

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 9:02 PM IST

ETV Bharat / politics

হিতাধিকাৰীক 'টাৰ্গেট' কৰি নিৰ্বাচনী প্ৰচাৰ: বৰপেটাত অগপ-বিজেপিৰ যৌথ সভা

Barpeta Lok Sabha Constituency: হিতাধিকাৰীক লক্ষ্য কৰি অগপ-বিজেপিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ ৷ হিতাধিকাৰী হোৱাৰ পৰা বঞ্চিতসকলকো দিব আশ্বাস ৷ বৰপেটাত এনেধৰণৰ সিদ্ধান্ত কিছুমান লোৱা হ’ল অগপ-বিজেপিৰ যৌথসভাত ৷

Barpeta Lok Sabha Constituency
বৰপেটাত অগপ-বিজেপিৰ যৌথ সভা

বৰপেটাত অগপ-বিজেপিৰ যৌথ সভা: নিৰ্বাচণী ৰণকৌশল প্ৰস্তুত

বৰপেটা,১৬ মাৰ্চ: বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে বিজেপি মিত্ৰজোঁটে অগপক প্ৰাৰ্থিত্ব দিয়াৰ পিচতে শনিবাৰে সমষ্টিত অনুষ্ঠিত কৰা হয় অগপ-বিজেপিৰ যৌথ সভা ৷ নিৰ্বাচনৰ দিন ঘোষণা কৰা দিনটোতে অনুষ্ঠিত যৌথ সভাখনত নিৰ্বাচনী প্ৰচাৰ আৰু ৰণনীতি সম্পৰ্কে আলোচনা ৷

সভাখনত উপস্থিত থাকে প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ উপৰিও বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কুমাৰ দীপক দাস, কমলা কলিতা আৰু বিজেপিৰ জিলা সভাপতি অনিল কুমাৰ দাসৰ লগতে আন বহুকেইগৰাকী বিজেপি নেতা ৷

যৌথ সভাখন সম্পন্ন হোৱাৰ পিচতে বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসে সংবাদ মাধ্যমক অৱগত কৰোৱায় সভাই লোৱা সিদ্ধান্তসমূহ ৷ সেই অনুসৰি মূলতঃ হিতাধিকাৰীক ‘টাৰ্গেট’ কৰি চলোৱা হ’ব নিৰ্বাচনী প্ৰচাৰ৷ তাৰোপৰি জনভিত্তিত প্ৰচাৰৰো পোষকতা কৰে যৌথ সভাখনে ৷

চৰকাৰী সা-সুবিধা লাভ কৰা হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱাৰ লগতে বঞ্চিত সকলকো টাৰ্গেট কৰা হ’ব বুলি সভাত সিদ্ধান্ত লোৱা হয় ৷ আনহাতে চৰকাৰী আঁচনি লাভৰ পৰা বঞ্চিতসকলেও যাতে প্ৰাপ্য লাভ কৰে তাৰ বাবে চেষ্টা চলোৱা হ’ব বুলি কয় অনিল কুমাৰ দাসে ৷ তদুপৰি নিৰ্বাচন পৰিচালনাৰ বাবে কৰ্ণধাৰ সমিতিৰ লগতে লোকসভা সমষ্টিভিত্তিত, জিলাভিত্তিত আৰু বিধানসভা সমষ্টিভিত্তিত সমিতি গঠনেৰে প্ৰচাৰ অভিযানত নামি পৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ কথাও প্ৰকাশ কৰে বিজেপি নেতা অনিল কুমাৰ দাসে ৷ ইপিনে জ্যেষ্ঠ অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যয়ো বৰপেটাত অগপৰ নিশ্চিত বিজয়ৰ কথা প্ৰকাশ কৰে ৷

বিজেপিৰে যৌথসভাত ভাগ লৈ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বিৰোধী প্ৰাৰ্থীক হেলাৰঙে পৰাভূত কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে ৷

লগতে পঢ়ক:'কা' বলৱতে নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিবনে ?

ABOUT THE AUTHOR

...view details