অসম

assam

ETV Bharat / politics

ৰাজনৈতিক জীৱনৰ অপৰাহ্নত ফণীভূষণ চৌধুৰী : শীঘ্ৰে গ্ৰহণ কৰিব অৱসৰ ! - BARPETA BYE ELECTION 2024

২০২৪ চনৰ লোকসভা নিৰ্বাচন ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক জীৱনৰ অন্তিম নিৰ্বাচন আছিল নেকি ?

Phani Bhusan Choudhury
ফণীভূষণ চৌধুৰীয়ে শীঘ্ৰে গ্ৰহণ কৰিব অৱসৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 4:38 PM IST

বঙাইগাঁও : অগপৰ প্ৰবীণ ৰাজনীতিক, বঙাইগাঁৱৰ অবিসম্বাদী ৰাজনৈতিক নেতা ফণীভূষণ চৌধুৰীৰ নাম অতীত হ'বলৈ আগবাঢ়িছে ! এই ইংগিত খোদ আঠবাৰৰ বিধায়ক তথা বৰ্তমান সাংসদগৰাকীৰ মুখতে । কিয়নো তেওঁ সক্ৰিয় ৰাজনীতিত আৰু বেছি দিন জড়িত হৈ থাকিব খোজা নাই ।

এককথাত ক'বলৈ গ'লে ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পৰিকল্পনা কৰিছে বৰ্তমান বৰপেটা সমষ্টিৰ সাংসদ চৌধুৰীয়ে । সোমবাৰে সংবাদ মাধ্যমৰ আগত হঠাতে এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ ৰাজনীতিত এক ইতিহাস ৰচা বঙাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণীভূষণ চৌধুৰীয়ে । লগতে তেওঁ আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই যে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁৰ পৰিয়ালৰ পৰা কোনেও প্ৰতিদ্বন্দ্বিতা নকৰে ।

ফণীভূষণ চৌধুৰীয়ে শীঘ্ৰে গ্ৰহণ কৰিব অৱসৰ (ETV Bharat Assam)

পত্নীক প্ৰাৰ্থিত্ব প্ৰদান সন্দৰ্ভত কি কয় ফণীভূষণ চৌধুৰীয়ে

পত্নীক প্ৰাৰ্থিত্ব প্ৰদানৰ পৰৱৰ্তী সময়ত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত ফণীভূষণ চৌধুৰীয়ে কয়, "বঙাইগাঁওবাসী ৰাইজে মোৰ পত্নীক প্ৰাৰ্থী হিচাপে বিচৰাৰ মূল কাৰণ হ'ল মোৰ আধৰুৱা কামবোৰ যাতে পূৰা হয় ।" সেইবাবে ৰাইজে তেওঁৰ পত্নীক বিচৰা বুলি মন্তব্য কৰে ।

আনহাতে, বঙাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত সাংসদগৰাকীয়ে কয়, "বৰ্তমান বঙাইগাঁৱত শক্তিশালী স্থিতিত আছে এন ডি এৰ প্ৰাৰ্থীগৰাকী । কেৱল অগপ বুলি নহয়, যিহেতু অগপ বিজেপি আৰু ইউ পি পি এলৰ সৈতে মিত্ৰতাত আছে, গতিকে ইয়াত মিত্ৰজোঁটৰ অন্য প্ৰাৰ্থী নাই বাবে আমি শক্তিশালী স্থিতিত আছো । বিগত নিৰ্বাচনৰ ফলাফল লক্ষ্য কৰিলে দেখা যায় যে কংগ্ৰেছৰ ইয়াত স্থিতি একেবাৰে দুৰ্বল । সেইবাবেই পুনৰ আমাৰ প্ৰাৰ্থীয়ে বঙাইগাঁও দখল কৰিব ।"

২০২৬ ৰ বিধানসভা নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব নেকি ফণীভূষণে

এই সন্দৰ্ভত সমষ্টিটোৰ আঠবাৰৰ বিধায়কগৰাকীয়ে কয়, "সেইটো কথা আহিবই নোৱাৰে । কাৰণ মোৰ লোকসভাৰ কাৰ্যকাল ২০২৯ ত সমাপ্ত হ'ব ৷ তাৰ পূৰ্বে ২০২৬ ত ৰাজ্যৰ বিধানসভা নিৰ্বাচন । গতিকে মই লোকসভাৰ কাৰ্যকাল সম্পূৰ্ণ নকৰাকৈ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাই নাহে ।"

তেতিয়াহ'লে ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব নেকি ফণীভূষণে ?

ফণীভূষণ চৌধুৰীৰ কৌশলী মন্তব্য, "বহু বছৰ ৰাজনীতি কৰিলো । এতিয়া মই লোকসভাৰ সদস্য । মোৰ কাৰ্যকাল ২০২৯ লৈকে আছে । ২০২৬ ত বিধানসভাৰ নিৰ্বাচন । গতিকে মই বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথাই নাহে । বয়সো হৈছে...। ২০২৯ ৰ নিৰ্বাচনলৈকে এতিয়াও ৫ বছৰ আছে । ৫ বছৰ পিছত মোৰ কি অৱস্থা হয় সেইটো মই নিজে অনুভৱ কৰিব পৰা নাই । আজিৰ দিনটোত যদি মই চাবলৈ যাওঁ ২০২৯ ত মই নিৰ্বাচন খেলিবলৈ মোৰ বয়সো নাথাকিব স্বাস্থ্যও নাথাকিব যেন অনুভৱ হয় । গতিকে মই ভাবিছো ২০২৯ ৰ নিৰ্বাচনত মই অংশগ্ৰহণ নকৰো ।"

২০২৪ ৰ নিৰ্বাচনেই অন্তিম নিৰ্বাচন !

তেনেহ'লে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনেই ফণীভূষণ চৌধুৰীৰ ৰাজনৈতিক জীৱনৰ অন্তিম নিৰ্বাচন নেকি ? এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত সৰ্বাধিক সময় ধৰি বিধায়ক হোৱাৰ অভিলেখ সৃষ্টি কৰা প্ৰাক্তন বিধায়কগৰাকীয়ে কয়, "যোৱা ২০২৪ ৰ নিৰ্বাচনটোৱে মোৰ শেষ নিৰ্বাচন । ২০২৬ ত বাইদেউৰ কথাটো অহাই নাই ইয়াতে । বঙাইগাঁও সমষ্টিৰ ৰাইজে যিখিনি সময় বাকী আছে সেই কাৰ্যকালখিনিৰ বাবেহে বঙাইগাঁও সমষ্টিৰ ৰাইজে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব দিছে । এইটো হৈছে তেওঁলোকৰ চেণ্টিমেণ্ট... আৱেগ । ২০২৬ ৰ নিৰ্বাচনত যে দীপ্তিময়ী চৌধুৰী পুনৰ নিৰ্বাচনত আহিব সেই কথাটো ইয়াত অহা নাই আৰু বাকীখিনি সময়ে ক'ব ।"

লগতে তেওঁ কয় যে মৃত্যুৰ আগমুহূৰ্ত পৰ্যন্ত তেওঁ অগপ দলৰ হৈ সেৱা আগবঢ়াব আৰু বঙাইগাঁৱৰ ৰাইজৰ বাবে কাম কৰি যাব । তেওঁ কয়, "অগপ দল কেতিয়াও অভিভাৱকহীন নহয়, অগপ দলে মোক বহু দিলে, এতিয়া অৱসৰ লোৱাৰ পিছতো দল আৰু ৰাইজৰ হকে কাম কৰিম ।"

চাপত পৰি অৱসৰৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে নেকি ফণীভূষণ চৌধুৰীয়ে ?

উল্লেখ্য যে বঙাইগাঁৱৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল অগপত এক অচলাৱস্থা । আনহাতে, ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদানক মুকলি প্ৰত্যাহ্বান জনাই বঙাইগাঁও জিলা অগপৰ সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্যে ৩১ জনকৈ বিষয়ববীয়াই একেলগে দলটোৰ পৰা পদত্যাগ কৰাত অগপৰ মজিয়াত এক তীব্ৰ জোকাৰণিৰ সৃষ্টি হয় । জিলা অগপৰ সভাপতি বিজয় সিংহ আৰু সাধাৰণ সম্পাদক শৈলেন্দ্ৰ সৰকাৰে দল ত্যাগ কৰে । ইয়াৰ ভিতৰত শৈলেন্দ্ৰ সৰকাৰ আছিল উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ।

লগতে অগপৰ দুৰ্গ হিচাপে খ্যাত বঙাইগাঁও বিধানসভা সমষ্টিত অগপৰ মাজত এই উলম্ব বিভাজনে জিলাখনত প্ৰবীণ ৰাজনীতিকগৰাকীৰ ভৱিষ্যৎ জীৱনক লৈয়ো বহু প্ৰশ্নৰ সৃষ্টি হৈছিল ৰাজনৈতিক মহলত । তাৰ উপৰি পত্নীক উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানক লৈ প্ৰবীণ নেতাগৰাকীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন হৈছিল । যাৰ ফলত সমষ্টিটোত এইগৰাকী বৰ্ষীয়ান ৰাজনীতিকৰ ভাবমূৰ্তিত কিছু পৰিমাণে হ'লেও কালিমালগাৰ দাবী কৰে ৰাজনৈতিক বিশ্লেষকসকলে । যাৰ বাবেই ফণীভূষণ চৌধুৰীয়ে ৰাজনৈতিক সন্যাসৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি এতিয়া চৰ্চা চলিছে ।

লগতে পঢ়ক :ফণীভূষণ চৌধুৰীৰ সমষ্টিৰ মোহে বঙাইগাঁৱত ঘটালে অঘটন !
লগতে পঢ়ক :পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বাবেই অগপত বিদ্ৰোহৰ উকমুকনি !

ABOUT THE AUTHOR

...view details