অসম

assam

ETV Bharat / politics

প্ৰধানমন্ত্ৰীৰ বাসগৃহত অতুল বৰা-প্ৰমোদ বড়ো : জনালে অভিনন্দন - LOK SABHA ELECTION RESULTS 2024

NDA meeting: বুধবাৰে নৰেন্দ্ৰ মোদীৰ বাসগৃহত উপস্থিত হ’ল অতুল বৰা আৰু প্ৰমোদ বড়ো ৷ মোদীক দুয়োৱে অভিনন্দন জনোৱাৰ লগতে সদ্যপ্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়েও অভিনন্দন জ্ঞাপন কৰিলে দুয়োকে ৷

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 8:08 PM IST

NDA meeting
নৰেন্দ্ৰ মোদীৰ বাসগৃত অতুল বৰা-প্ৰমোদ বড়ো (ETV Bharat Assam)

নিউজ ডেস্ক, 5 জুন : মঙলবাৰে সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষিত হোৱাৰ পিচতে বুধবাৰে দিল্লীত মিলিত হয় এন ডি এৰ সহযোগীসকল ৷ মিত্ৰগোষ্ঠীৰ সহযোগী দলসমূহৰ নেতৃত্ব উপস্থিত হয় নৰেন্দ্ৰ মোদীৰ বাসগৃহত ৷

নৰেন্দ্ৰ মোদীৰ বাসগৃহত অগপৰ সভাপতি অতুল বৰা (ETV Bharat Assam)

সেই অনুসৰি এন ডি এৰ সহযোগী অসমৰ দুই আঞ্চলিক দল অগপ আৰু ইউ পি পি এলৰ নেতৃত্বও বুধবাৰে উৰা মাৰে দিল্লীলৈ ৷ অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু ইউ পি পি এল প্ৰধান প্ৰমোদ বড়োও নৰেন্দ্ৰ মোদীৰ বাসগৃহত উপস্থিত হয় ৷

নৰেন্দ্ৰ মোদীৰ বাসগৃহত এন ডি এৰ সহযোগী দলৰ নেতৃত্ব (ETV Bharat Assam)

সদ্যপ্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ অতুল বৰা আৰু প্ৰমোদ বড়োৱে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীক ৷ উল্লেখ্য যে দিল্লীলৈ অগপৰ সভাপতিগৰাকীৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তও যোৱাৰ কথা আছিল যদিও সেয়া বাতিল কৰা হয় ৷ ইয়াৰ বিপৰীতে দলৰ কাৰ্যকৰী সভাপতিগৰাকী আজি উপস্থিত থাকে সদ্যনিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক জনোৱা অভিনন্দন অনুষ্ঠানত ৷ সুদীৰ্ঘ 15 বছৰৰ মূৰত অসম গণ পৰিষদৰ এগৰাকী সাংসদ নিৰ্বাচিত হোৱাৰ বাবেও নৰেন্দ্ৰ মোদীয়ে অগপ নেতৃত্বক অভিনন্দন জনায় ৷ ইফালে ইউ পি পি এলৰ পৰা প্ৰথমগৰাকী লোকসভাৰ সাংসদ নিৰ্বাচিত হোৱাৰ বাবেও নৰেন্দ্ৰ মোদীয়ে প্ৰমোদ বড়োক অভিনন্দন জ্ঞাপন কৰে ৷ উল্লেখ্য যে দলটোৰ পৰা ইতিমধ্যে কাৰ্যকৰী সভাপতি ৰণগৌড়া নাজাৰ্ৰী ৰাজ্যসভাৰ বাবে নিৰ্বাচিত হৈছিল 2022 চনত ৷

সদ্যপ্ৰাক্তন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত আজি অনুষ্ঠিত হয় এন ডি এৰ সহযোগী দলসমূহৰ সভা ৷ পৰৱৰ্তী চৰকাৰ সন্দৰ্ভত উক্ত সভাতে আলোচনা কৰাৰ লগতে মোদীকেই পুনৰ এন ডি এৰ নেতাৰূপে নিৰ্বাচিত কৰা হয় ৷

লগতে পঢ়ক:বহুদিনীয়া আশা পূৰণ: ১৫ বছৰৰ পিচত লোকসভালৈ অগপৰ প্ৰতিনিধি

ABOUT THE AUTHOR

...view details