গুৱাহাটী, 15 ফেব্ৰুৱাৰী : "কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰই শেহতীয়াকৈ বিভ্ৰান্তিকৰ তথ্যৰে অপ-প্ৰচাৰ চলোৱা আমাৰ পৰিলক্ষিত হৈছে ৷ বিগত সময়ছোৱাত নাও বুৰিলেও টিঙৰ পৰা ননমাটো কংগ্ৰেছৰ নেতা সকলৰ সোঁচৰা ৰোগত পৰিণত হৈছে ৷"- এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাৰ ৷ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেট আৰু গৌৰৱ গগৈক কঠোৰ সমালোচনা কৰে মনোজ বৰুৱাই ৷
বিজেপি নেতাজনে কয় যে নাও বুৰিলেও টিঙৰ পৰা ননমাটো কংগ্ৰেছৰ নেতা সকলৰ সোঁচৰা ৰোগত পৰিণত হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অন্যান্য নেতাসকল এই ৰোগত আক্ৰান্ত আছিল ৷ বর্তমান সময়ত কংগ্ৰেছৰ সৰ্বস্তৰৰ নেতা এই ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ৷ যিখিনি সময়ত সমাজৰ সৰ্বস্তৰৰ লোকে ভাৰতীয় জনতা পাৰ্টিক আকোঁৱালি লৈছে, সেইখিনি সময়ত গৌৰৱ গগৈয়ে বিজেপি শংকিত হোৱাৰ অভিযোগ কৰিছে ৷ গৌৰৱ গগৈক প্ৰশ্ন উত্থাপন কৰি তেঁও কয় যে, যিখিনি সময়ত কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়ৰ কার্যকর্তা সকলে ধাৰাবাহিকভাৱে পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিছে, সেইখিনি সময়ত বিজেপি নে কংগ্ৰেছ শংকিত হৈছে ?
মনোজ বৰুৱাই পুনৰ কয় যে, যিসময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা অসমৰ যি প্ৰান্ততে উপস্থিত হৈছে, সেই প্ৰান্ততে হাজাৰ হাজাৰ আবাল-বৃদ্ধ বনিতা উপস্থিত হৈ অকুণ্ঠ মৰম-চেনেহ আৰু সমর্থন যাচিছে, তেনে সময়ত বিজেপি নে কংগ্ৰেছহে শংকিত হ'ব ? যিখিনি সময়ত কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সে শাসনত অধীষ্ঠিত হোৱাৰ অলীক স্বপ্ন দেখিছিল, তেনে সময়ত ইণ্ডি এলায়েন্সৰ অংশীদাৰ ৰাজনৈতিক দলে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে নিজৰ প্ৰাৰ্থী পর্যন্ত ঘোষণা কৰে সেইখিনি সময়ত বিজেপি শংকিত হ’ব নে কংগ্ৰেছ শংকিত হ'ব ? গৌৰৱ গগৈয়ে এই সমূহ প্ৰশ্নৰ উত্তৰ অসমবাসীক দিব লাগিব বুলি কয় তেওঁ ৷