অসম

assam

ETV Bharat / politics

নৰেন্দ্ৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হ’ব লাগে: মহাভৈৰৱ মন্দিৰত আশিস ল’লে মন্ত্ৰী-বিধায়কে

Shivratri in Tezpur: মহাশিৱৰাত্ৰিত মহাভৈৰৱ মন্দিৰত উপস্থিত হৈ আশিস বিচাৰিলে মন্ত্ৰী-বিধায়কে ৷ নৰেন্দ্ৰ মোদী যাতে পুনৰ প্ৰধানমন্ত্ৰী হয় আৰু মন্ত্ৰী বিধায়কসকলে যাতে ৰাইজক সেৱা আবঢ়াই যাব পাৰে তাৰেই কৰিলে কামনা ৷

Ashok Singhal at Mahabhairab Temple
মহাভৈৰৱ মন্দিৰত শিৱৰাত্ৰি

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 9:48 PM IST

মহাভৈৰৱ মন্দিৰত আশিস ল’লে মন্ত্ৰী-বিধায়কে

তেজপুৰ, ৮ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি অসমত উপস্থিত হোৱাৰ পিচত তেজপুৰৰ মহাভৈৰৱ মন্দিৰত পূজা আগবঢ়ালে মন্ত্ৰী-বিধায়কে ৷ শিৱৰাত্ৰিৰ দিনাই দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ লৈ নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে যাতে আকৌ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হ’ব পাৰে তাৰেই কামনা কৰে ৷

মন্ত্ৰী অশোক সিংহলৰ লগতে বিধায়ক পৃথ্বীৰাজ ৰাভা, গণেশ কুমাৰ লিম্বু, কৃষ্ণকমল তাঁতী আৰু বিজেপিৰ শোণিতপুৰৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিৎ দত্তই পূজা আগবঢ়ায় মহাভৈৰৱত৷ সকলোৰে উদ্দেশ্য এটাই যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ব লাগে ৷

প্ৰধানমন্ত্ৰীগৰাকীক শুকুৰবাৰে তেজপুৰ বায়ুসেনাৰ ঘাটিত উষ্ম আদৰণি জনোৱা পিচতে ৰাজ্যৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ লগত ৰঙাপৰা, বৰচলা, বিহালী আৰু তেজপুৰ সমষ্টিৰ বিধায়কসকলে এই পূজা-অৰ্চনা কৰে । মন্ত্ৰী অশোক সিংহলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ পূজা অৰ্চনা কৰে আৰু বিশেষভাৱে আশীৰ্বাদ লয় ৷

মহাভৈৰৱ মন্দিৰৰ আশিস গ্ৰহণৰ পিচতে মন্ত্ৰী সিংহলে সামাজিক মাধ্যমযোগে কয়, ‘‘সকলোৰে ভালৰ বাবে আৰু অসমবাসীক যাতে সেৱা আগবঢ়াই যাব পাৰোঁ তাৰ বাবে মহাদেৱৰ আশিস গ্ৰহণ কৰোঁ ৷ কৈলাসপতিয়ে সকলোকে আশীৰ্বাদ প্ৰদান কৰক ৷’’

উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসম-অৰুণাচল প্ৰদেশৰ ভ্ৰমণৰ বাবে বিয়লি ৪.৩০ বজাত তেজপুৰ বায়ুসেনাৰ বিমান ঘাটিত উপস্থিত হয় । অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙকে ধৰি বায়ুসেনাৰ বিষয়া, সেনা বিষয়াসকলোৱে বায়ুসেনাৰ ঘাটিত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনায় । বায়ুসেনাৰ ঘাটিৰ পৰা ৪.৫৫ বজাত পোনে পোনে প্ৰধানমন্ত্ৰীগৰাকী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বায়ুসেনাৰ হেলিকপ্টাৰৰে গমন কৰে ।

লগতে পঢ়ক:১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা-উদ্বোধনৰ বাবে অসমত প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details