মৰিয়নী, ৬ এপ্ৰিল:কেইবাটাও প্ৰতিশ্ৰুতি লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ১৪নং লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মৰিয়নীৰ হেমলাইত নিৰ্বাচনী প্ৰচাৰ চলায় ৷ মুখ্যমন্ত্ৰীয়ে ভোটাৰ ৰাইজক বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়যুক্ত কৰি ৰাজ্যৰ উন্নয়নৰ লগতে সমষ্টি উন্নয়নৰ অংশীদাৰ হ’বলৈ অনুৰোধ জনায় ৷ সাংসদগৰাকী বিজেপি দলৰ হ’লে সমষ্টিৰ হৈ হিয়া উজাৰি কাম কৰিম বুলিও প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মুখ্যমন্ত্ৰী শৰ্মাই ভাষণত চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি যোৱা সময়চোৱাত এক লাখ চাকৰি দিয়া হ’ল বুলি সদৰী কৰি অতি কম সময়ৰ ভিতৰতে আৰু 50 হাজাৰ চাকৰি দিয়া হ’ব বুলি ঘোষণা কৰে ৷ তেওঁ লগতে জুলাই মাহত পুলিচৰ নিযুক্তি হ’ব বুলি জানিবলৈ দিয়ে ৷ ৰেচন কাৰ্ড থকা সকলোকে চলিত বছৰৰ ভিতৰত অৰুণোদয় আঁচনি দিয়া হ’ব বুলিও ঘোষণা কৰে । ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে বিৰোধীক দলক সমালোচনা কৰি বিৰোধীয়ে নিজেও একো কৰিব যোৱা নাই আৰু আনে কৰিলেও সমালোচনা কৰে বুলি মন্তব্য কৰে ।