গুৱাহাটী, ৪ মাৰ্চ:কংগ্ৰেছ দলত অব্যাহত থকা খহনীয়া ৰোধ হোৱাৰ বিপৰীতে অধিক তীব্ৰতৰ হৈ পৰাহে পৰিলক্ষিত হৈছে । এজনৰ পাছত আনজনকৈ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি আন দললৈ ধাৱমান হৈছে ৷
লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে কংগ্ৰেছ দলত সিমানে পদত্যাগৰ জোৱাৰ উঠিছে । এইবাৰ পদত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে । দলৰ সকলো পদবীৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিলে ৰমেন বৰঠাকুৰে । তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ প্ৰেৰণ কৰে ।
উল্লেখ্য যে ৰমেন বৰঠাকুৰৰ পদত্যাগ প্ৰদেশ কংগ্ৰেছৰ বাবে আন এক মোক্ষম আঘাত । কিয়নো বিগত বিধানসভা নিৰ্বাচনত ৰমেন বৰঠাকুৰে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে জালুকবাৰী সমষ্টিত ড৹ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । এইবাৰৰ লোকসভা নিৰ্বাচনতো তেওঁ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ।