অসম

assam

ETV Bharat / politics

বিহালীত ওলাইছে ছদ্মবেশী বিজেপি প্ৰাৰ্থী ! কোনে চলালে ষড়যন্ত্ৰ ? - ASSAM BYPOLLS 2024

বিহালী উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ছদ্মবেশী বিজেপি । ষড়যন্ত্ৰৰ বলি হ'ল কংগ্ৰেছ । লুৰীণজ্যোতি গগৈৰ দাবী ।

Bihali Bye Election
বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ বিস্ফোৰণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 10:50 AM IST

বিশ্বনাথ :আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে ৰাজ্যৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য । শাসক-বিৰোধী উভয়ে পাঁচোটা সমষ্টিত নিজৰ নিজৰ প্ৰাৰ্থীৰ হৈ মাৰাথন প্ৰচাৰত অৱতীৰ্ণ হৈছে । শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰাত ইয়াৰ মাত্ৰা অধিক বৃদ্ধি পাইছে । তাৰ মাজতে সকলোৰে দৃষ্টি নিবদ্ধ আছে বিশেষকৈ চামগুৰি আৰু বিহালী সমষ্টিৰ ওপৰত ।

ইফালে বিহালী সমষ্টিত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিৰোধী মিত্ৰজোঁটত সৃষ্টি হোৱা মতানৈক্য ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিৰোধী দলৰ বিভিন্ন নেতাই ইতিমধ্যে কংগ্ৰেছৰ বিৰুদ্ধে মুকলিকৈ সুৰ তুলিবলৈ আৰম্ভ কৰিছে । এইবাৰ বিহালীত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ প্ৰসংগ উল্লেখ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱাৰ লগতে কেইবাটাও দাবী উত্থাপন কৰিছে ।

বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ বিস্ফোৰণ (ETV Bharat Assam)

বৃহস্পতিবাৰে সন্ধিয়া বিহালী চি পি আই (এম-এল) দলৰ কাৰ্যালয়ত অসম সন্মিলিত মৰ্চাৰ হৈ অসম জাতীয় পৰিষদ আৰু চি পি আই (এম-এল) দলে এখন সংবাদমেল আয়োজন কৰে । উক্ত সংবাদমেলত কেতবোৰ বিষয় উত্থাপন কৰি বিষ্ফোৰক মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ।

বিহালী উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অহা মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "বিহালীত কংগ্ৰেছে প্ৰকৃততে নিজৰ প্ৰাৰ্থী দিব নোৱাৰিলে । কংগ্ৰেছে প্ৰক্ষেপ কৰা প্ৰাৰ্থীগৰাকী কিছুদিনৰ আগলৈকে বিজেপিৰ সদস্য আছিল । আজি হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ভাষণত কংগ্ৰেছ দলে প্ৰাৰ্থী নাপাই বিজেপিৰ পৰা ধাৰ কৰি প্ৰাৰ্থী নিয়া বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি প্ৰকাৰন্তৰে বিজেপিৰ ষড়যন্ত্ৰৰ কথাকে প্ৰকাশ কৰিলে ।"

অজাপৰ সভাপতিগৰাকীৰ লগতে দাবী, "বিজেপিয়ে ষড়যন্ত্ৰমূলকভাৱে জয়ন্ত বৰাক কংগ্ৰেছলৈ ঠেলি পঠিয়ালে আৰু কংগ্ৰেছে অদূৰদৰ্শী চিন্তাৰে বিজেপিৰ জালত ভৰি দিলে ।"

আনহাতে, কংগ্ৰেছ দলক সমালোচনা কৰি বিৰোধী মিত্ৰজোঁট 'অসম'ৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "কংগ্ৰেছ দলে বিহালীত দীৰ্ঘদিন ধৰি দলটোক ধৰি ৰখা চাহ জনগোষ্ঠীয় মূলৰ জ্যেষ্ঠ নেতাকো আওকাণ কৰি দলৰ সাধাৰণ সদস্য পদতেই যোগদান নকৰা এগৰাকী বিৰ্তকিত ছদ্মবেশী বিজেপি নেতাক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাটো কংগ্ৰেছৰ এক হঠকাৰী সিদ্ধান্ত আছিল ।"

কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ প্ৰসংগত অজাপৰ সভাপতিগৰাকীয়ে কয়, "সমাগত বিহালী উপ-নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৰাজনীতিৰ শিক্ষাই লৈছিল আৰ এছ এছ আৰু বিজেপিৰ পঢ়াশালিত । গতিকে ফলাফলৰ পাছতেই তেওঁ পুনৰ বিজেপিলৈ ঘূৰি যাব সেইটো নিশ্চিত ।"

আনহাতে, বিহালীৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা আঁচনি সন্দৰ্ভত সৰভোগৰ চি পি আই (এম এল)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, "কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বৰ্তমানেও বাৰটাকৈ অপৰাধমূলক গোচৰত অভিযুক্ত হৈ আছে । গৌৰৱ গগৈয়ে বিহালীত যিমানেই নিৰ্বাচনী প্ৰচাৰ নচলাওক কিয় বিহালীত সমাগত উপ-নিৰ্বাচনৰ ফলাফলত তৃতীয় স্থানতহে থাকিব । ইফালে ১ লাখ ৫৫ হাজাৰ কোটি টকাৰ ঋণৰ বোজা লৈ থকা বিজেপি দলে নিৰ্বাচনী সভাত ঘোষণা কৰা আঁচনিৰ পৰিণতিত ৰাজ্যৰ প্ৰতিগৰাকীৰ মূৰত মাধমাৰ পৰিব ।"

সংবাদমেলত চি পি আই (এম এল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাসে বিজেপিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত ঘোষণা কৰা আঁচনি সন্দৰ্ভত কয়, "চৰকাৰে ৰাইজৰ বাবে আঁচনি ৰূপায়ণ নকৰিলে কোনে কৰিব ।"

লগতে পঢ়ক :ৰকিবুল হুছেইনৰ ঘৰৰ কাম কৰিবলৈ অসম চৰকাৰে দৰমহা দি থকা নাই: চামগুৰি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ তীব্ৰ আক্ৰমণ
লগতে পঢ়ক :কোন ‘অঁকৰা ল’ৰা’ই বিহালীৰ ৰাইজক গাখীৰ খুৱাবলৈ ‘মতা গৰু’ আনিছে ?

ABOUT THE AUTHOR

...view details