অসম

assam

ETV Bharat / politics

বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বিজেপিৰ নেতা !

Bihali Bye Election: পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ মাজত ব্যাপক তৎপৰতা । বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা নে বিবেক দাস ?

By ETV Bharat Assamese Team

Published : 4 hours ago

Bihali Bye Election
বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বিজেপিৰ নেতা ! (ETV Bharat Assam)

গুৱাহাটী: অসমৰ ৫ টা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে সাজু হৈছে শাসকীয় আৰু বিৰোধী উভয় পক্ষ । কংগ্ৰেছ নেতৃত্বাধীন সন্মিলিত মৰ্চা অসমে পাঁচোটা সমষ্টিতে প্ৰাৰ্থী দিবলৈ সাজু হৈছে ।

চামগুৰি, ধলাই, বঙাইগাঁও এই চাৰিটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব । কিন্তু বিহালী সমষ্টিৰ বিৰোধীৰ প্ৰাৰ্থীক লৈ নতুন মোৰ লৈছে । বিজেপিৰ নেতা শেষমুহূৰ্তত হ’বগৈ পাৰে কংগ্ৰেছৰ বিহালীৰ প্ৰাৰ্থী ৷ লগতে চৰ্চা চলিছে বিৰোধীৰ সন্মিলিত মঞ্চৰ পৰাও প্ৰাৰ্থিত্ব দিব পাৰে কংগ্ৰেছে ৷

বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বিজেপিৰ নেতা ! (ETV Bharat Assam)

৪৮ ঘণ্টাৰ ভিতৰত অসমৰ প্ৰাৰ্থী ঘোষণা কৰিব কংগ্ৰেছে

অসমৰ উপ-নিৰ্বাচনক লৈ শুকুৰবাৰে দুপৰীয়া ৰাজীৱ ভৱনত জ্যেষ্ঠ ৰাষ্ট্ৰীয় নেতা জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হয় কংগ্ৰেছৰ এক গুৰুত্বপূৰ্ণ বৈঠক । শুকুৰবাৰে বিয়লি বিৰোধীৰ মিত্ৰ দলসমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব ৷ তাৰ পিছতেই হয়তো চূড়ান্ত হ'ব ৫ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ।

দিলীপ বৰুৱা (ETV Bharat Assam)

আনহাতে, গুৱাহাটীত উপস্থিত হোৱা এ আই চি চিৰ নেতা তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয়, "আমাৰ দলীয় নেতা-কৰ্মীৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰি আজি আবেলি আমাৰ মিত্ৰ দলসমূহৰ সৈতে প্ৰাৰ্থিত্বক লৈ আলোচনাত মিলিত হ’ম ৷ সবিশেষ মই আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেক জনাম ৷ অহা ৪৮ ঘণ্টাৰ ভিতৰত অসমৰ আটাইকেইখন আসনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷"

বিজেপিৰ জয়ন্ত বৰা হ’ব নেকি বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ?

বিহালী বিধানসভা সমষ্টিক লৈ বিৰোধীৰ সমীকৰণ সলনি হৈছে ৷ কংগ্ৰেছৰ এটা শিবিৰে বিচাৰে কংগ্ৰেছেই প্ৰতিদ্বন্দ্বিতা কৰক বিহালীত । আন এটা শিবিৰে বিচাৰে বিৰোধীৰ মিত্ৰ দলৰ পৰা সদ্ভাৱনা হিচাবে বিহালীৰ প্ৰাৰ্থিত্ব দিয়া হওক । প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ সূত্ৰৰ তথ্য অনুসৰি, বিহালীত কংগ্ৰেছে নিজাকৈ প্ৰাৰ্থী দিলে ক্ষোভিত বিজেপি নেতাই প্ৰাৰ্থিত্ব পাব পাৰে । তেওঁৰ নাম জয়ন্ত বৰা ।

জয়ন্ত বৰা (ETV Bharat Assam)

ইতিপূৰ্বে দুই নেতা প্ৰেমলাল গঞ্জু আৰু দিলীপ বৰুৱাৰ নাম চৰ্চা হৈছিল বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে । জয়ন্ত বৰা আছিল বিজেপিৰ বিহালীৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী । সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা সাংসদ ৰঞ্জিত দত্তৰ তেওঁ একালত ঘনিষ্ঠ আছিল যদিও বিজেপিৰ প্ৰাৰ্থীৰূপে দিগন্ত ঘাটোৱাৰক প্ৰক্ষেপ কৰাটো প্ৰায় নিশ্চিত হৈ পৰাত ৰঞ্জিত দত্তৰ সৈতে সংঘাত আৰম্ভ হয় জয়ন্ত বৰাৰ ৷

বিগত বিধানসভা নিৰ্বাচনত নিৰ্দলীয়ৰূপে প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় ২৩,০০০ ভোট লাভ কৰিছিল জয়ন্ত বৰাই । বিধানসভা নিৰ্বাচনত পৰাজয়ৰ পিচত তেওঁ বিজেপিত যোগদান কৰিছিল ৷ এতিয়া এই জয়ন্ত বৰায়েই বিহালীত টিকট লাভ কৰিব পাৰে বুলি চৰ্চা হৈছে কংগ্ৰেছৰ ভিতৰচ’ৰাত ৷ অৱশ্যে এতিয়ালৈকে কংগ্ৰেছত যোগদান কৰা নাই জয়ন্ত বৰাই । প্ৰাৰ্থিত্ব নিশ্চিত হ’লেহে কংগ্ৰেছত যোগদান কৰিব জয়ন্ত বৰাই ।

প্ৰেমলাল গঞ্জু (ETV Bharat Assam)

আনহাতে, যদি বিৰোধীৰ মিত্ৰ দলৰ আহ্বান অনুসৰি বিহালীত মিত্ৰ দলৰ পৰা প্ৰাৰ্থী দিয়ে, তেন্তে আসনখনত চি পি আই এম এলৰ নেতা বিবেক দাসক প্ৰাৰ্থিত্ব দিবলৈ সাজু বিৰোধীৰ সন্মিলীত ঐক্য ৷ অন্তিমবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰূপে বিবেক দাসে বিহালীত লাভ কৰিছিল প্ৰায় ১৭ হাজাৰ ভোট ।

বিহালীত কংগ্ৰেছে নিজে আসনখনত প্ৰতিদ্বন্দ্বিতা কৰে নে মিত্ৰ দলক আসনখন এৰি দিয়ে এতিয়া সেইটো লক্ষণীয় হ’ব ! যদি নিজে আসনখনত প্ৰতিদ্বন্দ্বিতা কৰে তেন্তে স্থানীয় বিজেপি নেতা জয়ন্ত বৰাক বিহালীত প্ৰাৰ্থিত্ব দিয়ে নে নিদিয়ে সেয়াও লক্ষণীয় হ'ব ।

লগতে পঢ়ক :প্ৰাৰ্থী ঘোষণা নহ’লেও প্ৰচাৰত নামিল পীযুষ হাজৰীকা; বিহালীৰ পৰা কংগ্ৰেছক কটাক্ষ
লগতে পঢ়ক :ভাবিছিলোঁ চামগুৰিত অলপ প্ৰত্যাহ্বান আছে, কিন্তু এতিয়া ক্লীন হৈ গ'ল: পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details