শিলচৰ:পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি গৰম হৈ আছে ৷ প্ৰচাৰত ব্যস্ত শাসক-বিৰোধী ৰাজনৈতিক দল ৷ শাসকীয় দলৰ বাঘা বাঘা নেতা নামি পৰিছে নিৰ্বাচনী ৰণক্ষেত্ৰত ৷ লক্ষ্য আসন দখল ৷ কাছাৰৰ ধলাই সমষ্টিত বিগত কেইদিনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দেখা গৈছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ৷
দুদিনমান পূৰ্বে ভাগা বাজাৰত ভাষণৰ মাজতে ভোট নিদিলে ব্যৱসায় কৰিবলৈ দিয়া নহ’ব বুলি আওপকীয়াকৈ ভাবুকি প্ৰদান কৰাৰ পাচত এইবাৰ জামালপুৰত মুকলিকৈয়ে মন্ত্ৰীগৰাকীয়ে ক’লে যে ভোট দিলেহে প্ৰদান কৰা হ’ব চৰকাৰী আঁচনিৰ সুবিধা ৷
নিৰ্বাচনী ভাষণত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে কৈছে অহা জানুৱাৰী মাহৰ ভিতৰত পুনৰ 15 হাজাৰ মহিলাক অৰুণোদয় দিয়া হ’ব ৷ এতিয়া যে অৰুণোদয় দিয়া হ’ব, সেয়া কোনে দিব ? মই অভিভাৱক মন্ত্ৰী, ময়েইতো দিব লাগিব ৷ যাৰ ৰেচন কাৰ্ড নাই, যোগান বিভাগৰ বিষয়াই মোৰ ওচৰলৈকে লৈ আহিব, মই চহী কৰিলেই পাব ৷ আমি ক’ত চহী কৰিম, য’ত ভোট পাম তাতেই চহী কৰিম ৷ ভোট লাগে কাৰণেই জামালপুৰলৈ আহিছোঁ ৷ যদি 4 হাজাৰ ভোট নাপাওঁ তেতিয়া চহী নকৰোঁ ৷’’