অসম

assam

ETV Bharat / politics

মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পৰা নাই কংগ্ৰেছে , ভৱিষ্যতে বিশ্বাসত ল’বলৈ চিন্তা ৰাইজৰ দলৰ

কংগ্ৰেছে বিহালীত নিজাকৈ প্ৰাৰ্থী দি ঐক্য মঞ্চক প্ৰতাৰণা কৰিছে । উপ-নিৰ্বাচনতে যদি এই বিশ্বাসঘাতকতা, তেন্তে ২০২৬ত কংগ্ৰেছক বিশ্বাস কৰিব পৰা যাবনে ? ৰাইজৰ দলৰ প্ৰশ্ন

ASSAM BY POLLS 2024
মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পৰা নাই কংগ্ৰেছে (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 3:38 PM IST

গুৱাহাটী: বিহালীৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰোৱাৰ পাছতে বিৰোধী ঐক্যমঞ্চৰ মাজত আৰম্ভ হৈছে ভাঙোনমুখী ৰাজনীতি । বিহালীৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলে দিয়া প্ৰাৰ্থিত্বক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সোমবাৰে গুৱাহাটীত এক সংবাদমেলৰ আয়োজন কৰে ৰাইজৰ দলে ৷

ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইনে কয়, ‘‘কংগ্ৰেছে বিহালীত নিজাকৈ প্ৰাৰ্থী দি ঐক্য মঞ্চক প্ৰতাৰণা কৰিছে ।’’ উপ-নিৰ্বাচনতে যদি এই বিশ্বাসঘাতকতা, তেন্তে ২০২৬ ৰ নিৰ্বাচনত কংগ্ৰেছক বিশ্বাস কৰিব পৰা যাবনে বুলি তেওঁ প্ৰশ্ন কৰে ।

মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পৰা নাই কংগ্ৰেছে (ETV Bharat)

সংবাদমেলত ৰাছেল হুছেইন পুনৰ কয়, ‘‘বিজেপি ৰাজনৈতিকভাৱে প্ৰধান শত্ৰু । আমাৰ মূল শত্ৰু বিজেপিক পৰাভূত কৰাৰ বাবে ঐক্যবদ্ধভাৱে আগুৱাই গৈছিলো । কিন্তু কংগ্ৰেছ দলে নিজাকৈ প্ৰাৰ্থী দি অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিলে । আনহাতে কংগ্ৰেছ দলে চালুকীয়া শব্দ ব্যৱহাৰ কৰি অন্য বিৰোধী দলসমূহক অবিশ্বাসৰ কথা পোহৰলৈ আনিছে ।’’

তেওঁ লগতে কয়, ‘‘কংগ্ৰেছে বিভিন্ন সময়ত দালালৰ কথা কৈ থাকে । কিন্তু বিহালীৰ প্ৰাৰ্থী জয়ন্ত বৰা মাটিৰ এজন দালাল । তেওঁক দালাল হোৱাৰ পাছতো প্ৰাৰ্থিত্ব দিছে । অৰ্থাৎ কংগ্ৰেছত অহাৰ পাছত ৱাছিং মেচিনত চাফাই হৈ গ’ল নেকি ? বিহালীৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ বাবে কংগ্ৰেছে তেন্তে কিয় ৫ জনীয়া কমিটী বনাই দিছিল । কিয় কংগ্ৰেছে কমিটীক একো নজনোৱাকৈ প্ৰাৰ্থী দিলে । কংগ্ৰেছে ক'ত অধিকাৰ পালে অন্য বিৰোধী দলক বেয়াকৈ ক'বলৈ ? আচলতে বিশ্বাসঘাতক কোন ? ৫ টা সমষ্টিৰ উপ নিৰ্বাচনতে যদি এনে হৈছে, তেন্তে ২০২৬ চনত কি হ'ব ? উপ নিৰ্বাচনতে এই বিশ্বাসঘাতকতা কৰিছে তেন্তে কেনেকৈ ২০২৬ চনত বিশ্বাস কৰা যাব ।’’

হুছেইনে পুনৰ কয়, ‘‘এয়া অসমৰ অস্তিত্ব ৰক্ষাৰ সময় । আমাৰ যুঁজ ভাষা- সংস্কৃতি ৰক্ষাৰ যুঁজ ।’’ ৰাছেল হুছেইনে আৰু কয়, ‘‘কংগ্ৰেছে কৈ আছে মিত্ৰতা হ'ব । সাময়িকভাৱে মিত্ৰতা ভাঙিছে পাছত আকৌ হ'ব । আমাৰ প্ৰশ্ন- মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পৰিছেনে কংগ্ৰেছে ?’’

লগতে পঢ়ক:উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী; বৰাকৰ পৰা আৰম্ভ কৰিলে অভিযান

ধলাইত বিজেপিৰ বাংলাদেশী প্ৰাৰ্থী ! মুখ্য়মন্ত্ৰীৰ পৰা উত্তৰ লাগে ভূপেন বৰাক

ABOUT THE AUTHOR

...view details