অসম

assam

ETV Bharat / politics

চাৰিটা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ; বিহালীত নিমিলা অংক

Congress candidates list: উপ-নিৰ্বাচনৰ বাবে চাৰিটা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ ৷ চৰ্চা চলাৰ ধৰণেই প্ৰক্ষেপ প্ৰাৰ্থী ৷ বিহালীক লৈ অনিশ্চয়তা ৷

By ETV Bharat Assamese Team

Published : 7 hours ago

Updated : 7 hours ago

Congress candidates list
চাৰিটা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ (ETV Bharat)

নিউজ ডেস্ক: আগন্তুক বিধানসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছে চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব যদিও এতিয়ালৈকে বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ একমতত উপনীত হ’ব পৰা নাই কংগ্ৰেছৰ লগতে বিৰোধী শিবিৰ ৷ প্ৰাৰ্থিত্ব ঘোষণা কৰা সমষ্টি কেইটা হৈছে চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁও ৷

চাৰিটা সমষ্টিৰ প্ৰাৰ্থীৰ নামৰ তালিকা দলৰ হাই কমাণ্ডলৈ প্ৰেৰণ কৰিছিল প্ৰদেশ কংগ্ৰেছে ৷ এই তালিকাৰ পৰা চাৰিজন প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰি এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ৷ সেই অনুসৰি চামগুৰিত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইন, ছিদলীত সঞ্জীৱ ৱাৰী, বঙাইগাঁৱত ব্ৰজেনজিৎ সিনহা আৰু ধলাইত ধ্ৰুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে ৷

চাৰিটা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ (ETV Bharat)

ইফালে বিহালী সমষ্টিক লৈ বিৰোধী শিবিৰত এতিয়াও জল্পনা-কল্পনা অব্যাহত আছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই আসনখনত অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ চিপিআইএমএলক এৰি দিয়াৰ পোষকতা কৰিছে যদিও, কংগ্ৰেছৰ যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধীৰ উপদলপতি গৌৰৱ গগৈয়ে বিহালীত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদানৰ বাবে জোৰ দিছে ৷ বিশ্বনাথ জিলা কংগ্ৰেছেও এই সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীকেই প্ৰক্ষেপ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছক দাবী জনাইছে ৷ যাৰ বাবে এই সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ এতিয়া দোধোৰ-মোধোৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

তাঞ্জিল হুছেইন (ETV Bharat)

বিহালী সমষ্টিটো বিগত সময়ছোৱাত বিজেপিৰ দখলত আছিল ৷ এই সমষ্টিৰ পৰা বিৰোধীৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈছে চিপিআইএমএলৰ বিবেক দাস ৷ পূৰ্বৰ নিৰ্বাচনত চাৰিবাৰকৈ পৰাজিত হোৱা বিবেক দাসে পুনৰ সমষ্টিটোৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে ৷

ধ্ৰুৱজ্যোতি পুৰকায়স্থ (Facebook)

ইফালে প্ৰায় দুবছৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া জয়ন্ত বৰাই বিজেপিত বিমুখ হৈ পুনৰ গেৰুৱা দলটো ত্যাগ কৰিছে ৷ তেওঁৰ বিহালীত গণভিত্তি থকাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা থাকিলেও বিৰোধী শিবিৰৰ সমীকৰণ এতিয়াও মিলা নাই ৷ বিহালী জিলা কংগ্ৰেছৰ একাংশ নেতা-কৰ্মীয়ে কংগ্ৰেছে সমষ্টিটো চিপিআইএমএলক এৰি দিলে নিজাকৈ প্ৰাৰ্থী থিয় কৰোৱাৰো হুংকাৰ দিছে ৷

ব্ৰজেনজিৎ সিনহা (X handle)

পাঁচটা সমষ্টিত শাসক-বিৰোধীৰ প্ৰাৰ্থীৰ নাম-

সমষ্টিৰ নাম বিজেপি+ ৰ প্ৰাৰ্থী কংগ্ৰেছ+ ৰ প্ৰাৰ্থী
চামগুৰি দিপ্লুৰঞ্জন শৰ্মা তাঞ্জিল হুছেইন
ধলাই নিহাৰঞ্জন দাস ধ্ৰুৱজ্যোতি পুৰকায়স্থ
বঙাইগাঁও - ব্ৰজেনজিৎ সিনহা
বিহালী দিগন্ত ঘাটোৱাৰ -
ছিদলী - সঞ্জীৱ ৱাৰী

লগতে পঢ়ক:উপ-নিৰ্বাচন: তিনি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ

উপ-নিৰ্বাচন ২০২৪: কাক ক’ত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে ?

Last Updated : 7 hours ago

ABOUT THE AUTHOR

...view details