বিশ্বনাথ: উপ-নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিদিন বাকী থকা অৱস্থাত ৰাজ্যৰ পাঁচোটা নিৰ্বাচনমুখী সমষ্টিতে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে ৷ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত বিজেপিৰ উপ-প্ৰভাৰীৰ দায়িত্ব পালন কৰি থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত প্ৰচাৰ সামৰি নামি পৰিছেহি ৰাজ্যৰ উপ-নিৰ্বাচনৰ ৰণক্ষেত্ৰত ৷ পাঁচোখন আসন দখলৰ স্বাৰ্থত শাসক-বিৰোধী উভয়েই ব্যাপকভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে ৷
নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণাৰ আগৰে পৰাই বিশেষভাৱে চৰ্চা লাভ কৰি থকা সমষ্টিটো হৈছে বিহালী সমষ্টি ৷ কিয়নো এই সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ বাবেই বিৰোধী ঐক্যত ফাট মেলা দেখা গৈছে ৷ ভিন্ন মহলত হোৱা চৰ্চা অনুসৰি কংগ্ৰেছকে ধৰি বিৰোধী ঐক্যই এই আসনখনত চিপিআইএমএলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও শেহত সকলো ওলট-পালট হৈ গ’ল ৷
যোৰহাট সংসদীয় সমষ্টিৰ কংগ্ৰেছী সাংসদ তথা লোকসভাত বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈৰ পছন্দ মতেই কংগ্ৰেছৰ শীৰ্ষ মহলে বিহালী সমষ্টিত টিকট প্ৰদান কৰিলে জয়ন্ত বৰাক ৷ পিছে জয়ন্ত বৰা উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পাছলৈকে আছিল বিজেপিত ৷ অৱশ্যে টিকট লাভ নকৰাত তেওঁ বিজেপি ত্যাগ কৰে আৰু কংগ্ৰেছৰ পৰা টিকট লাভৰ পাচতে কংগ্ৰেছ দলত যোগদান কৰে ৷ যাক লৈ বিৰোধী ঐক্যৰ বাকী কেইটা দল অসন্তুষ্ট হৈ পৰে কংগ্ৰেছৰ প্ৰতি ৷
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও এই সমষ্টিটো মিত্ৰ দলক এৰি দিয়াৰ পক্ষতে আছিল ৷ কিন্তু বৰাৰ কথা নৰজিল আৰু কংগ্ৰেছে নিজাকৈ প্ৰাৰ্থী ঘোষণা কৰিলে ৷ বিৰোধী ঐক্যই তাৰ পাচতে চিপিআইএমএলৰ এগৰাকী নেতাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে ৷ লগে লগে কংগ্ৰেছ আৰু বাকী বিৰোধী দলৰ মাজত ব্যৱধান আহি পৰে ৷
বিহালী সমষ্টিটো বিগত সময়ত বিজেপিৰ দখলত আছিল ৷ গতিকে বিজেপিয়ে এইবাৰো সমষ্টিটো দখলৰ অপ্ৰাণ চেষ্টা কৰিছে ৷ কেবাগৰাকীও মন্ত্ৰী, বিধায়ক, সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী নামি পৰিছে বিহালী দখলৰ কুচকাৱাজত ৷ দিনে-নিশাই বিহালীত বাহৰ পাতি বিজেপি নেতাসকলে তেওঁলোকৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালক জয়ী কৰোৱাৰ বাবে অপ্ৰাণ চেষ্টা চলাই আছে ৷
ইয়াৰ মাজতে বৃহস্পতিবাৰে বিহালীত দুখনকৈ নিৰ্বাচনী সভা আৰু এটা নিৰ্বাচনী সমদলত অংশ লয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজনৈতিক ক্ষেত্ৰৰ খবৰ ৰখা সকলে এই কথা ভালকৈয়ে জানে যে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজৰ সম্পৰ্ক পূৰ্বৰ পৰাই অহিনকুল ৷ গতিকে প্ৰাৰ্থী ঘোষণাৰ পূৰ্বৰে পৰা বিহালীত প্ৰচাৰ চলাই থকা গৌৰৱ গগৈক নিৰ্বাচনী ভাষণত লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
মুখ্যমন্ত্ৰীৰ ব্ৰহ্মাস্ত্ৰ-
বৃহস্পতিবাৰে বিহালী সমষ্টিৰ বৰগাং আৰু জিনজিয়াত দুখনকৈ বিশাল প্ৰচাৰ সভাৰ লগতে এক পদ যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । দিগন্ত ঘাটোৱালক জয়ী কৰাবলৈ এইবাৰ মুখ্যমন্ত্ৰীয়ে ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰে বিহালীত । অৰুণোদয় বা নিযুত মইনা আঁচনি নহয়, বিহালীৰ ৰাস্তা-ঘাট চকচকীয়া কৰিবলৈ ১০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷
তাৰ লগতে বিহালীত বহু ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষি উদ্যোগ, হাইস্কুল, উন্নতমানৰ চিকিৎসালয় স্থাপনৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷ ইফালে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰিবলৈ ছ’লাৰ ফেন্সিং স্থাপনৰো ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷