অসম

assam

ETV Bharat / politics

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচখন আসন বিজেপিয়ে লাভ কৰিব : ভৱেশ কলিতা - Lok Sabha Election Assam - LOK SABHA ELECTION ASSAM

Lok Sabha Election Assam: প্ৰথম পৰ্যায়ত 5 খন আসনতেই বিজেপি জয়ী হ’ব ৷ কংগ্ৰেছৰ হাতত কোনো ইছ্যু নাই বাবেহে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ আনিছে ৷ যদিহে সময় দিব পাৰে, প্ৰধানমন্ত্ৰী পুনৰ আহিব অসমলৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৷ ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসক ক’লে ভৱেশ কলিতাই ৷

Lok Sabha Election Assam:
লোকসভা নিৰ্বাচন 2024

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 8:32 PM IST

তেজপুৰত ভৱেশ কলিতাৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

তেজপুৰ, ২১ মাৰ্চ : ‘‘প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পাঁচখন আসনত বিজেপিয়ে সংখ্যাগৰিষ্ঠ লাভ কৰিবলৈ সক্ষম হ’ব ৷ লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছ দলে হিচাপলৈও নাহে ।’’ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ । ই টিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ তুংগত চলিছে ৷ ১৪ টা সমষ্টিৰ ভিতৰত ১৩ খন আসন লাভ কৰিব বিজেপিয়ে ।

ভৱেশ কলিতাই মন্তব্য কৰে যে কংগ্ৰেছে মিছা কথা কয় আৰু সেইবাবেই এতিয়া ভোটাৰ ৰাইজে কংগ্ৰেছক বিশ্বাস নকৰে । তদুপৰি কলিতাই কয় যে এইবেলি নগাঁৱত পদুম ফুলিব ৷ আনহাতে গৌৰৱ গগৈৰ বিপৰীতে তপন গগৈয়ে ২ লাখতকৈও অধিক ভোটত জয়লাভ কৰিব বুলি কৈ তেওঁ কয় যে কংগ্ৰেছে স্বাধীনতাৰ পিচত অধিক সময় শাসনত আছিল যদিও দেশবাসীক ঠগিলে ৷

আনহাতে কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বেনামী সম্পত্তিৰ তালিকাৰ অভিযোগক বিৰোধীয়ে নিৰ্বাচনৰ ইছ্যু কৰিব বুলি ঘোষণা কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভৱেশ কলিতাই ৷ কলিতাই কয়, ‘‘তেওঁলোকৰ হাতত কোনো ইছ্যু নাই ৷ মিছা কথাৰ আশ্ৰয় লয় । দেশত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পিচত নৰেন্দ্ৰ মোদীয়ে একমাত্ৰ দেশৰ উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে ৷ গতিকে ৰাইজে বিজপিক তথা নৰেন্দ্ৰ মোদীক পুনৰ শাসনত বহুৱাব ৷ মাত্ৰ অনুষ্ঠানিকতাহে বাকী ।’’

ভৱেশ কলিতাই লগতে কয় যে বিকাশেই বিজপিৰ একমাত্ৰ ইছ্যু ৷ তেওঁ কয় যে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কোনো ষ্টাৰ কেম্পেইনাৰ নাহে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই এজন ষ্টাৰ কেম্পেইনাৰ ৷ আনহাতে প্ৰধানমন্ত্ৰী অসমলৈ কেইবাবাৰো আহি গৈছে ৷ যদি সময় দিব পাৰে পুনৰ কোনোবা এটা সমষ্টিৰ প্ৰচাৰ চলাবলৈ আহিব পাৰে বুলিও জানিবলৈ দিলে ভৱেশ কলিতাই ।

লগতে পঢ়ক:এইবাৰ কংগ্ৰেছ এৰিলে জ্যেষ্ঠ নেতা শৈলেন বৰা আৰু অঞ্জন বৰাই

ABOUT THE AUTHOR

...view details