অসম

assam

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 5:26 PM IST

ETV Bharat / politics

হায়দৰাবাদৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে জয়লাভ আছাদুদ্দিন ওৱেইছিৰ - Lok Sabha Election Results 2024

HYDERABAD LS Seat : হায়দৰাবাদ লোকসভা সমষ্টিৰ পৰা একেৰাহে পঞ্চমবাৰৰ বাবে জয়লাভ কৰে AIMIMৰ আছাদুদ্দিন ওৱেইছিয়ে। প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই হায়দৰাবাদ লোকসভা সমষ্টিত অগ্ৰগতি বজাই ৰাখিছিল এ আই এম আই এমে ৷

HYDERABAD LS Seat
পঞ্চমবাৰৰ বাবে জয়লাভ আছাদুদ্দিন ওৱেইছিৰ (ETV BHARAT)

নেশ্যনেল ডেস্ক, 4 জুন : বিজেপিৰ মাধৱীলথাৰ বিৰুদ্ধে হায়দৰাবাদ সমষ্টিৰ পৰা বিজয়ী হৈছে এ আই এম আই এমৰ (AIMIM) আছাদুদ্দিন ওৱেইছি ৷ তেলেংগানাৰ 17 খন লোকসভাৰ আসনৰ ভিতৰত 7 খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে শাসকীয় কংগ্ৰেছ দলে চাৰিটা সমষ্টিত আগবাঢ়ি আছে ৷ আছাদুদ্দিন ওৱেইছিয়ে বিজেপি প্ৰাৰ্থীগৰাকীতকৈ 3,38,335 টা ভোটৰ আগবাঢ়ি আছে ৷ তেওঁ বৰ্তমানলৈকে মুঠ 6,58,811 টা ভোট লাভ কৰিছে ৷ বিজেপি প্ৰাৰ্থী মাধৱীলথাই 3,20,476 টা ভোট লাভ কৰিছে ৷

ইফালে হায়দৰাবাদ লোকসভা সমষ্টিত অগ্ৰগতি বজাই ৰাখিছিল এ আই এম আই এমে ৷ শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত ক্ষমতা হেৰুওৱা ভাৰত ৰাষ্ট্ৰ সমিতি (BRS) য়ে কোনো এটা সমষ্টিতে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম নহ’ল ৷ কৰিমনগৰ, মলকজগিৰি, ছেকেন্দ্ৰাবাদ, নিজামাবাদ, আদিলাবাদ, ৱাৰংগল সমষ্টিত বিজেপিয়ে প্ৰথমৰ পৰাই অগ্ৰগতি লাভ কৰিছিল ৷

লগতে পঢ়ক :কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা : বৃহৎ অগ্ৰগতি অমৃতপাল সিঙৰ - Lok Sabha Election Results 2024

নলগোণ্ডা, খাম্মাম, মাহবুবাবাদ সমষ্টিত কংগ্ৰেছ আগবাঢ়ি আছে ৷ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতি জি কিষান ৰেড্ডীয়ে আগবাঢ়ি আছে ৷ বিজেপিৰ সাধাৰণ সম্পাদক বন্দী সঞ্জয় কুমাৰে কৰিমনগৰ সমষ্টিত প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰাই অগ্ৰগতি লাভ কৰি আছে ৷

ভাৰতৰ সৰ্ববৃহৎ সমষ্টি মালকাজগিৰিত প্ৰাৰম্ভিক ৰাউণ্ডত বিজেপিৰ এটালা ৰাজেন্দৰ আগবাঢ়ি আছে ৷ খম্মামত প্ৰথম ৰাউণ্ডত কংগ্ৰেছ দলৰ ৰঘূৰামী ৰেড্ডী 19,935 টা ভোটত আগবাঢ়ি আছে ৷ মহাবুবাবাদত কংগ্ৰেছ প্ৰাৰ্থী বলৰাম নাইকে অগ্ৰগতি লাভ কৰিছে ৷ উল্লেখ্য যে, তেলংগানাত মঙলবাৰে কটকটীয়া নিৰাপত্তাৰ মাজত 34 টা কেন্দ্ৰতে ভোট গণনা অনুষ্ঠিত হৈছে ৷

লগতে পঢ়ক :অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল : ডিব্ৰুগড়ত জিকিল সোণোৱাল - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

...view details