অসম

assam

ETV Bharat / politics

নিৰ্বাচন আয়োগৰ স্থিতি অত্যন্ত দুৰ্ভাগ্যজনক: ভূপেন বৰা - ASSAM BYE ELECTIONS 2024

"চৰকাৰ সদায় নাথাকে, মুখ্যমন্ত্রীৰ পদটোও স্থায়ী নহয় । বহু মুখ্যমন্ত্ৰীৰ বহুত বেয়া অৱস্থা হৈছে ।" কাক উদ্দেশ্যি ক'লে ভূপেন বৰাই ?

Assam Bye Elections 2024
উপ-নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাৰ সংবাদমেল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 7:57 PM IST

গুৱাহাটী :"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুলেটৰ বাহাদুৰি দেখুওৱা বন্ধ কৰক । মুখ্যমন্ত্ৰীয়ে বেলটৰ বাহাদুৰি দেখুওৱাক ।" -এই আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

মঙলবাৰে গুৱাহাটীৰ নিজা বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি ভূপেন বৰাই উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

নিৰ্বাচন আয়োগৰ স্থিতি অত্যন্ত দুৰ্ভাগ্যজনক : ভূপেন বৰা (ETV Bharat Assam)

উল্লেখ্য যে উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি নিয়ন্ত্রণত অসম আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ তুলি মঙলবাৰে দিনৰ ভাগত ভূপেন বৰাই উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল । কিন্তু পৰৱৰ্তী সময়ত অনশন কাৰ্যসূচী বাতিল কৰি ভূপেন বৰাই সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত ভূপেন বৰাই কয়, "ইতিমধ্যেই অসমৰ ৰাইজক নগাঁও আৰক্ষী অধীক্ষকৰ বিষয়ে জনাইছিলো । মুখ্য নিৰ্বাচনী বিষয়া আৰু আৰক্ষী সঞ্চালক প্ৰধানক ইতিমধ্যেই অভিযোগ দিছো । আৰক্ষী সঞ্চালক প্ৰধানে বাৰ্তা দিছে যে নগাঁও আৰক্ষীক নীতিগতভাৱে কাম কৰাৰ বাবে নিৰ্দেশ দিছে । আৰক্ষী সঞ্চালক প্ৰধানৰ কথাৰ প্ৰতি সন্মান জনাই আজি প্ৰতিবাদ কৰা নাই ।"

তেওঁ লগতে কয়, "আৰক্ষী সঞ্চালক প্ৰধানে আশ্বাস দিলেও এতিয়ালৈকে নগাঁও আৰক্ষী এশ শতাংশ নিয়ন্ত্ৰণলৈ অহা নাই । আজি পুৱাও দুজন নিৰ্বাচনী এজেণ্টৰ ঘৰলৈ গৈ ভাবুকি দিছে । আৰক্ষীয়ে তানজিল হুছেইন আৰু বিধায়কৰ বাহন ভঙাসকলক ধৰক । আনহাতে, চতিয়াত মোৰ নাক ভঙাজনক এতিয়ালৈকে ধৰিব পৰা নাই । কি হৈ আছে এইবোৰ ? চৰকাৰ সদায় নাথাকে, মুখ্যমন্ত্রীৰ পদটোও স্থায়ী নহয় । বহু মুখ্যমন্ত্ৰীৰ বহুত বেয়া অৱস্থা হৈছে । ইমান বেয়া অৱস্থালৈ যোৱাটো বিচাৰিব নালাগে । সেই বাবে মই আহ্বান জনাইছো যে পাঁচটা সমষ্টিৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে হওক । নিৰ্বাচন আয়োগ, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন নিৰপেক্ষ হওক । সিদ্ধান্ত যি হ'ব আমি সকলোৱে মানিম ।"

ভূপেন বৰাই লগতে কয়, "নিৰ্বাচন আয়োগৰ স্থিতি অত্যন্ত দুৰ্ভাগ্যজনক । নিৰ্বাচন আয়োগৰ স্থিতি ৰহস্যজনক । চেণ্ট্ৰেল অৱজাৰ্ভাৰে অতিৰিক্ত আৰক্ষী অধীক্ষকক বাৰম্বাৰ মতাৰ পিছতো নাহিল । মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে অসমবাসীক উত্তৰ দিয়ক । নিৰ্বাচনী বিষয়াক অতিৰিক্ত আৰক্ষী অধীক্ষকে গুৰুত্ব প্ৰদান নকৰে । এইবোৰ কি চলি আছে, আঁৰত থকা অদৃশ্য শক্তিৰ এই হাতখন কাৰ । ইফালে মুখ্যমন্ত্ৰীয়ে যি কৰিব লাগে কৰা বুলি ভিডিঅ' মেছেজ দিয়ে । তাৰ মানে গাড়ী ভঙাত মুখ্যমন্ত্রী জড়িত, শিলগুটি মৰাত মুখ্যমন্ত্রী জড়িত । মুখ্যমন্ত্রী এজন যদি এনে পৰ্যায়লৈ যায় তেন্তে জংঘলৰাজ নে আইনৰ ৰাজ চলি আছে ।"

মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি তেওঁ পুনৰ কয়, "লোকসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে । এই পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ তথ্য মই ২৩ নৱেম্বৰত দিম । বিজেপিৰ জনপ্ৰিয়তা দিনক দিনে হ্ৰাস পাইছে । সেই কথা গম পাই মুখ্যমন্ত্রী হতাশ হৈছে । মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিব পৰা নাই, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই, লাখপতি বাইদেউ বনোৱাত ব্যৰ্থ হোৱা আদি কাৰণত মুখ্যমন্ত্ৰী হতাশ হৈছে ।"

আনহাতে, এশ শতাংশ শান্তিপূৰ্ণ নিৰ্বাচনৰ পোষকতা কৰি ভূপেন বৰাই কয়, "কেন্দ্ৰীয় চৰকাৰ পাল্টি মাৰিব । নীতিশ কুমাৰে আমাৰ অখিলেশ যাদৱৰ লগত কথা পাতি আছে । চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছৰ ডাঙৰ নেতাৰ লগত কথা পাতি আছে । মই বিষয়াসকলক বিষয়বোৰ উপলব্ধি কৰাৰ বাবে আহ্বান জনাইছো ।"

সংবাদমেল যোগে ভূপেন বৰাই কয় যে উপ-নিৰ্বাচনত কেৱল চিদলীতহে প্ৰতিদ্বন্দ্বিতা হ'ব, বাকী চাৰিটা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত । ভূপেন বৰাই কয়, "বিৰোধীবিহীন চৰকাৰ স্বেচ্ছাচাৰী হ’ব, একনায়কত্ববাদী হ’ব । বিৰোধীত থকাটো পাপ নেকি । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰ্শ বিশ্বাস নকৰে । বিৰোধীত থাকি পোৱা নাই হিমন্ত বিশ্ব শৰ্মাই ।"

লগতে পঢ়ক :চামগুৰি সমষ্টিৰ ৰাজনৈতিক ইতিহাস আৰু ২০২৪ ৰ উপ-নিৰ্বাচন
লগতে পঢ়ক :মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ

ABOUT THE AUTHOR

...view details