অসম

assam

ETV Bharat / politics

ভূপেন বৰাক আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

Attack on Bhupen Borah: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক জামুগুৰিহাটত বিজেপিৰ দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰদেশ কংগ্ৰেছৰ লগতে বিৰোধী ঐক্যমঞ্চৰ দলসমূহৰ । ন্যায় যাত্ৰাৰ সময়ত জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ গাড়ীত বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ প্ৰয়াস । বিজেপিৰ গুণ্ডা বাহিনীয়ে হতাশ হৈ ভূপেন কুমাৰ বৰাক আক্ৰমণ কৰা বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ ।

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 10:04 PM IST

Updated : Jan 23, 2024, 9:17 PM IST

Bhupen Borah Attack
জামুগুৰিহাটত ভূপেন বৰাক আক্ৰমণ

গুৱাহাটী, ২১ জানুৱাৰী: কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত দেওবাৰে জামুগুৰিহাটত আক্ৰমণৰ সন্মুখীন হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । সভাপতিগৰাকীক আক্ৰমণ কৰাৰ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ লগতে বিৰোধী ঐক্যমঞ্চত থকা দলসমূহে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত নৰহ আৰু উপাধ্যক্ষ বেদব্ৰত বৰাই কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সফলতাত শংকিত হৈছে বিজেপি দল আৰু বিজেপি চৰকাৰ । এই কথা বাৰে বাৰে প্ৰদেশ কংগ্ৰেছে কৈ আহিছে । তাৰ আকৌ এবাৰ প্ৰমাণ পোৱা গৈছে ।

আজি ন্যায় যাত্ৰাৰ সময়ত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ গাড়ীত বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণৰ প্ৰয়াস চলায় । আনহাতে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক জামুগুৰিহাটত বিজেপিৰ দুৰ্বৃত্তই আক্ৰমণ কৰে ।

ৰাহুল গান্ধীৰ আজিৰ যাত্ৰাৰ সময়ত ভূপেন কুমাৰ বৰাক কৰা আক্ৰমণক অসম প্ৰদেশ কংগ্ৰেহ কমিটীয়ে গৰিহণা দি এনে নিকৃষ্ট কান্দক নিন্দা কৰিছে । প্ৰদেশ কংগ্ৰেছৰ নেতাদ্বয়ে বিজেপিক এনে নীচ কাণ্ড সংঘটিত নকৰিবলৈ সকীয়াই দিয়াৰ লগতে ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ।

ঘটনাক লৈ শোণিতপুৰ জিলা কংগ্ৰেছে ইতিমধ্যে জামুগুৰিহাটত এজাহাৰ দাখিল কৰিছে । নেতাদ্বয়ে কয় যে বিজেপি দল আৰু চৰকাৰ হতাশ হৈছে । বিজেপিৰ গুণ্ডা বাহিনীয়ে হতাশ হৈ ভূপেন কুমাৰ বৰাক আক্ৰমণ কৰিছে । এই ঘটনাত ভূপেন বৰাৰ লগতে হৃদয়া দাস নামৰ আন এজন কংগ্ৰেছ কর্মীও গুৰুতৰভাৱে আহত হৈছে ।

আনহাতে উক্ত ঘটনাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতাদ্বয়ে । সেয়েহে আৰক্ষীৰ তদন্তৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছে ন্যায়িক তদন্ত দাবী কৰিছে ।

প্ৰদেশ কংগ্ৰেছে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়াৰ লগতে যদিহে দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেন্তে পৰৱৰ্তী সময়ত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হ'ব বুলিও সদৰী কৰে নেতাদ্বয়ে । তেওঁলোকে কয়, ‘‘ পুনৰবাৰ বিজেপিৰ নেতা-কর্মীক আমি সকীয়াই দি কওঁ যে বিজেপিৰ ভেৰোণীয়া গুণ্ডা বাহিনীলৈ কংগ্ৰেছে ভয় নকৰে । ৰাহুল গান্ধীৰ নেতৃত্বত চলা ভাৰত জোড়ো ন্যায় যাত্ৰা ব্যাহত কৰিবলৈ বিজেপিয়ে যিমানে প্ৰয়াস নকৰক কিয় কোনো কাৰণত সফল হ'ব নোৱাৰে ।’’

বিজেপিয়ে যিমানে যাত্ৰা ব্যাহত কৰিবলৈ প্ৰয়াস কৰিছে সিমানে কংগ্ৰেছ কৰ্মীৰ উৎসাহ আৰু সাহস দুগুণে বৃদ্ধি পাইছে বুলি নেতাদ্বয়ে কয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নী দি তেওঁলোকে কয় যে মুখ্যমন্ত্ৰীয়ে ঘটনাৰ সৈতে জড়িত দোষীক গ্ৰেপ্তাৰ কৰক । অন্যথা প্ৰদেশ কংগ্ৰেছে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ল’বলৈ বাধ্য হয় ।

বিজেপিয়ে সংঘটিত কৰা এনে কাণ্ড কাপুৰুষালি বুলি আখ্যা দি নেতাদ্বয়ে ভৱিষ্যতে এনে কাণ্ড সংঘটিত কৰাৰ পৰা বিজেপিক বিৰত থকাৰ বাবে সকিয়াই দিয়ে ।

ভূপেন বৰাক আক্ৰমণৰ ঘটনাক অসম জাতীয় পৰিষদৰ গৰিহণা : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ত বিধি-পথালি দিবলৈ চেষ্টা কৰা বিজেপি সমৰ্থকে আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চ, অসমৰ সভাপতি ভূপেন বৰাক শাৰিৰীকভাৱে আক্ৰমণ কৰা ঘটনাক এক মুখে গৰিহণা দিয়ে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে । দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে দেশজোৰা এটা যাত্ৰাৰ অংশস্বৰূপে অসমলৈ অহা ৰাহুল গান্ধীৰ যাত্ৰা সুচল কৰি দিয়াটো ৰাজ্য চৰকাৰৰ দায়িত্ব৷

কিন্তু তাকে নকৰি চৰকাৰ-প্ৰশাসনে যাত্ৰাত বিধি-পথালি দিয়াৰ অহৰহ প্ৰচেষ্টা চলাই থকাটো ৰাইজে দেখিছে । তাৰ মাজতে আজি বিজেপিৰ কৰ্মী-সমৰ্থকে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৰাহুল গান্ধীৰ যাত্ৰা পথত বিধি-পথালি দিবলৈ অহাটো দুৰ্ভাগ্যজনক ।

আনহাতে তাৰে একাংশই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত আক্ৰমণ কৰাৰ ফলত নেতাগৰাকীৰ নাকেৰে ৰক্তক্ষৰণ হয় । এয়া অক্ষমনীয় অপৰাধ বুলি সদৰী কৰি জাতীয় পৰিষদে উক্ত আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে দোষী ব্যক্তিকেইজনক তৎকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

Last Updated : Jan 23, 2024, 9:17 PM IST

ABOUT THE AUTHOR

...view details