গুৱাহাটী, ৩০ এপ্ৰিল :কংগ্ৰেছৰ দুৰ্গৰূপে পৰিচিত আমেঠি আৰু ৰায়বেৰেলীত কংগ্ৰেছৰ প্ৰাৰ্থী এতিয়াও নিশ্চিত হোৱা নাই । এই দুই সমষ্টিত কংগ্ৰেছৰ স্থিতিক লৈ মঙলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই সন্দৰ্ভত প্ৰশ্ন কৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে সমষ্টি দুটাত গান্ধী পৰিয়ালৰ দুই উত্তৰাধিকাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস কৰিবনে নাই, তাক লৈ সন্দেহ ব্যক্ত কৰে ।
উল্লেখ্য যে, ৩ মে’ত তৃতীয় পৰ্যায়লৰ লোকসভা নিৰ্বাচনৰ বাবে মনোননয়ন পত্ৰ দাখিলৰ অন্তিম দিন যদিও এতিয়াও বহুচৰ্চিত আমেঠি আৰু ৰায়বেৰেলীত কংগ্ৰেছে ঘোষণা কৰা নাই তেওঁলোকৰ প্ৰাৰ্থীৰ নাম । এই দুয়োটা সমষ্টিয়েই কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল, যদিও আমেঠি সমষ্টি ২০১৯ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতৰ পৰা বিজেপিৰ দখললৈ যায় ।
এনে পৰিস্থিতিত এতিয়া চৰ্চা চলিছে এই দুই সমষ্টিত কংগ্ৰেছে দলৰ দুই নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীকেই প্ৰক্ষেপ কৰিব । কিন্তু দুয়োটা সমষ্টিতে গান্ধী পৰিয়ালৰ দুই উত্তৰাধিকাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস কৰিবনে নাই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়- ‘‘মই নাজানো মিডিয়াই যি দেখুৱাইছে, সেয়া সত্য হয়নে নহয় । তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবনে নাই সেয়াও মই নাজানোঁ’’ ৷