নগাঁও: ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন । নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই প্ৰচাৰ বৃদ্ধি পাইছে দুই মূল প্ৰতিদ্বন্দ্বী দল কংগ্ৰেছ আৰু বিজেপিৰ । চামগুৰি সমষ্টিটোত এতিয়া দিনে-নিশাই উপ-নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছ-বিজেপিৰ নেতৃত্ব । সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ সমৰ্থন লাভৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ তথা সাংসদ ৰকিবুল হুছেইনে বিভিন্ন কৌশল অৱলম্বন কৰি প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়ত চামগুৰিৰ আলিম সমাজে হঠাৎ কংগ্ৰেছৰ বিপৰীতে সমৰ্থন আগবঢ়ালে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক ।
লগতে পঢ়ক:নিজৰ দুৰ্গত চকুৰ সন্মুখতে কোনে দিলে ৰকিবুল হুছেইন গ'-বেক ধ্বনি ?
শুকুৰবাৰে নিশা চামগুৰি সমষ্টিৰ লৰিৰমুখত একত্ৰিত হৈ সমষ্টিটোৰ আলিম সমাজে কংগ্ৰেছৰ বিপৰীতে বিজেপিক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । চামগুৰি সমষ্টিৰেই শতাধিক আলিম একত্ৰিত হৈ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ ৰকিবুল হুছেইনৰ পৰিয়ালৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থীক সমৰ্থন কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে ।
কেৱল এয়াই নহয়, কংগ্ৰেছৰ শাসনকালতে সংখ্যালঘু সম্প্ৰদায়ৰ বাবে ডিটেনশ্যন কেম্প নিৰ্মাণ কৰাৰো অভিযোগ উত্থাপন কৰে চামগুৰি সমষ্টিৰ আলিম সমাজে । বছৰ বছৰ ধৰি অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে কংগ্ৰেছক সমৰ্থন কৰি অহাৰ কথাও উল্লেখ কৰি কংগ্ৰেছৰ কাৰ্যকালত অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱা বুলিও মন্তব্য কৰে আলিম সমাজে ।