শিলচৰ:ৰাজ্যৰ উপ-নিৰ্বাচনত ৫ টা সমষ্টিতেই বিজেপি আৰু মিত্ৰজোঁটৰ জয় তথা কংগ্ৰেছৰ পৰাজয়ক লৈ সৰৱ হৈ উঠিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। গৌৰৱ গগৈ আৰু ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি অখিল গগৈয়ে কৰিলে বিস্ফোৰণ ৷ গৌৰৱ গগৈৰ অহংকাৰৰ বাবেই ৫ টা সমষ্টিত বিজেপি জিকিল বুলি মন্তব্য কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ।
গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ সংঘাতে জিকালে বিজেপিক:
কংগ্ৰেছৰ বিৰুদ্ধে অখিল গগৈৰ ক্ষোভ (ETV Bharat Assam) উপ-নিৰ্বাচনত অসমত ৰণত পৰিল কংগ্ৰেছ ৷ জয়জয়কাৰ বিজেপিৰ । বৰাক উপত্যকাৰ কাছাৰত নিৰ্বাচনী ফলাফলৰ পাছত শনিবাৰে অখিল গগৈয়ে কয়, “ আমি আশা কৰিছিলো যে বিৰোধীয়ে যদি ঐক্যবদ্ধ হৈ উপ-নিৰ্বাচন খেলিলোহেঁতেন তেতিয়া ৪ খন বিধানসভা আসনত জয়লাভ কৰিব পাৰিলোহেঁতেন । কংগ্ৰেছে তাতকৈ বেছি ভাল কৰিব পাৰিব বুলি বিৰোধী ঐক্যমঞ্চকেই ভাঙি দিছিলে ৷ এতিয়া দেখিছো কংগ্ৰেছে ফলাফল ভাল কৰিব পৰা নাই ।"
তেওঁ পুনৰ কয়," দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছৰ এই অহংকাৰৰ কাৰণে দলটোৱে গ্ৰহণ কৰা ভিত্তিহীন স্থিতিৰ বাবে আজি অসমত বিজেপিয়ে ৫খন আসনতে জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷” লগতে অখিল গগৈয়ে কয়,“ মই বাৰম্বাৰ কৈ আহিছো ভাৰতবৰ্ষৰ য’তেই বিৰোধীয়ে ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিছে তাতেই বিৰোধী জিকিছে ৷ আনহাতে, য’তেই কংগ্ৰেছে অকলে যুঁজিছে কংগ্ৰেছ হাৰিছে ৷ আজি অসমৰ ক্ষেত্ৰতো একেই ঘটিছে ৷ দুৰ্ভাগ্যজনকভাৱে চাৰিওফালৰ পৰা বেয়া খবৰবিলাক আহিব ধৰিছে ।গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ সংঘাতৰ বাবে আজি ৫ খন আসনত বিজেপিক জিকাই দিলে কংগ্ৰেছে । "
২০২৬ত আমি আকৌ একলগ হ’ব লাগিব :
বিজেপিৰ ৫ খন আসনত জয়লাভ আৰু কংগ্ৰেছৰ বিপৰ্যয়ৰ বাবে একপ্ৰকাৰ গৌৰৱ গগৈকে দোষাৰোপ কৰিলে অখিল গগৈয়ে । লগতে উপ-নিৰ্বাচনৰ ফলাফলৰ পৰা শিক্ষা লৈ ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিৰোধী একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলাৰ পোষকতা কৰি অখিল গগৈয়ে কয়,“গৌৰৱ গগৈৰ অহংকাৰৰ বাবেই আজি ৫ খন আসনত অসমত বিজেপি জিকিল। ইয়াৰ পৰা আমি এটাই শিক্ষা ল’ব লাগিব যে ২০২৬ত আমি আকৌ একলগ হ’ব লাগিব ৷ কংগ্ৰেছে তেওঁলোকৰ অহংকাৰ ত্যাগ কৰিব লাগিব । লোকসভা নিৰ্বাচনত সামান্য ভাল ফলাফল কৰাৰ পিছত কংগ্ৰেছে ভাবি ল’লে যে তেওঁলোক অপ্ৰতিৰোধ্য । আজিৰ নিৰ্বাচনী ফলাফলে এয়া সম্পূৰ্ণ ভুল বুলি প্ৰতিপন্ন কৰিলে । গৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত এয়া এক মোক্ষম আঘাত ।"
লিলি হোটেলত কংগ্ৰেছৰ অফিচিয়েল মিটিং নাছিল নেকি ?
শুকুৰবাৰে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিৰোধীৰ লিলি হোটেলৰ বৈঠকক লৈ কটাক্ষ কৰি মন্তব্য কৰিছিল ৷ মন্তব্য কৰিছিল লিলিত নহয়, ধাবাত হ’ব লাগে এই বৈঠক । এই প্ৰসংগত অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," গৌৰৱ গগৈয়ে কৈছে আমি লিলি হোটেলত যিবোৰ মিটিং কৰিছিলো সেইবোৰ ব্যৰ্থ হৈছে ৷ লিলি হোটেলৰ মিটিং আমি পতা নাছিলো । লিলি হোটেলৰ মিটিং পাতিছিল কংগ্ৰেছে ৷ আমাক মাতি নিছিল কংগ্ৰেছে ৷ আমাক মাতি নিছিলে জীতেন্দ্ৰ সিঙে । আমাক মাতি নিছিলে ভূপেন বৰাই । মই গৌৰৱ গগৈক সুধিব খুজিছো জীতেন্দ্ৰ সিং আৰু ভূপেন বৰাই বিৰোধী ঐক্যমঞ্চৰ যে মিটিং পাতিছিল তাত গৌৰৱ গগৈৰ সমৰ্থন নাই নেকি ?” লগতে ভূপেন বৰাৰ পৰা প্ৰশ্নৰ উত্তৰ নোপোৱালৈকে কংগ্ৰেছৰ লগত কোনো কথা পতা নহ’ব বুলি সকীয়নি অখিল গগৈৰ ।
তেওঁ কয়, “ভূপেন বৰা ডাঙৰীয়া, আপোনালোকৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এজন নেতা গৌৰৱ গগৈয়ে কৈছে হোটেল লিলিত পতা মিটিং ব্যৰ্থ হৈছে ৷ সেই মিটিং পাতিব লাগে বিহালীৰ ধাবাত । তাৰ মানে কংগ্ৰেছৰ অফিচিয়েল মিটিং এইবিলাক নাছিল নেকি ? আমাক এই প্ৰশ্নৰ উত্তৰ ভূপেন বৰাই দিব লাগিব । ভূপেন বৰাই যেতিয়ালৈকে এই প্ৰশ্নৰ উত্তৰ নিদিব তেতিয়ালৈকে ভূপেন বৰাৰ লগত কথা পতা নহ’ব । কংগ্ৰেছ দলৰ লগত কথা পতা নহ’ব ।”