অসম

assam

ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিছে: অখিল গগৈ - Lok Sabha Election Results 2024 - LOK SABHA ELECTION RESULTS 2024

সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ৰাইজে ৰায় দিলে । বিজেপি নেতাৰ অহংকাৰৰ পতন ঘটিছে বুলি সংবাদমেল সম্বোধন কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে ।

Akhil Gogoi reacts on Lok Sabha election 2024 results
ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেল অখিল গগৈৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 7:46 PM IST

শিৱসাগৰ,৫ জুন: "এই নিৰ্বাচনত বিজেপিৰ সাম্প্ৰদায়িকতা আৰু দাদাগিৰিৰ পৰাজয় হৈছে । হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰৰ পতন ঘটিছে ।" এই মন্তব্য অখিল গগৈৰ । মঙলবাৰে ঘোষণা হোৱা ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেল সম্বোধন কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । বিজেপিক সমালোচনা কৰি গগৈয়ে কয়, "কালিৰ নিৰ্বাচনী ফলাফলটো বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ, ফেচিবাদৰ বিৰুদ্ধে ৰাইজৰ ৰায় ।"

ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেল অখিল গগৈৰ (ETV Bharat Assam)

লগতে তেওঁ কয়,"এই নিৰ্বাচনত সাম্প্ৰদায়িকতাৰ গছজোপা উভালি পৰিল । সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা ৰাইজ মোহভংগ হ'বলৈ আৰম্ভ কৰিছে । বিজেপিৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে আৰু ই ৰাজনীতিৰ বাবে ইতিবাচক খবৰ । ধৰ্মীয় উন্মদনাৰে আচন্ন কৰি ৰখা পৰিৱেশ শেষ হ'ল । মোদীয়ে এতিয়া আৰু জনতাৰ মুখ বন্ধ কৰি ৰাখিব নোৱাৰিব, গণতন্ত্র নিশেষ কৰাৰ ষড়যন্ত্রত লিপ্ত হ'ব নোৱাৰিব ।"

যোৰহাট লোকসভা সমষ্টিৰ প্ৰসংগত মন্তব্য কৰি গগৈয়ে কয়,"বিজেপি নেতাৰ অহংকাৰৰ পতন ঘটিছে । তপন গগৈ হাৰিলে পীযুষ হাজৰীকাই ৰাজনীতি ত্যাগ কৰিম বুলি কৈছিল । এতিয়া পীযুষ হাজৰীকাই নিজৰ কথা ৰাখিবনে নাৰাখে ? ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰাৰ মূল কাৰণ হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগোপাংগোসকলৰ অহংকাৰ । এই অহংকাৰে তেখেতসকলক ডুবাইছে ।"

ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয়,"অসমৰ ৰাইজে বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে বিবেকৰ সংগ্ৰাম গঢ়ি তুলিলে । এয়া জনতাৰ জয় হৈছে ।" ইফালে সৰ্বানন্দ সোণোৱালৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, "ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱালক হিমন্ত বিশ্ব শৰ্মাই হৰুৱাবৰ কাৰণে চেষ্টা কৰিছিল । নাহৰকটীয়াৰ তৰংগ গগৈৰ সমষ্টিত বহু কম ভোট লাভ কৰিছে । তাৰোপৰি মুখ্যমন্ত্ৰীয়ে চক্ৰান্ত কৰি প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীও বাতিল কৰিছিল । ইমানৰ পিচতো সৰ্বানন্দ সোণোৱালক হৰুওৱাৰ এই চক্ৰান্তত হিমন্ত বিশ্ব শৰ্মা বিফল হ'ল ।" এয়া বিজেপিৰ নৈতিকতাৰ পৰাজয় বুলি মন্তব্য কৰে অখিল গগৈয়ে ।

লগতে পঢ়ক:পৰাজয়ৰ সন্দৰ্ভত কি ক'লে ধুবুৰীৰ তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমলে ? - Lok Sabha Election 2024

আমি হাৰি হাৰিও জিকিছো, বিজেপি জিকি জিকিও হাৰিছে: ভূপেন কুমাৰ বৰা - Lok Sabha Election Results 2024

যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

...view details