অসম

assam

ETV Bharat / politics

উপ-নিৰ্বাচনত অৱতীৰ্ণ নহয় এ আই ইউ ডি এফ দল, চামগুৰিতো নিদিয়ে প্ৰাৰ্থী

উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত এ আই ইউ ডি এফৰ ৷ ইয়াৰ পৰিবৰ্তে পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ সিদ্ধান্ত দলটোৰ ৷

ASSAM BYE ELECTION 2024
উপ-নিৰ্বাচনত অৱতীৰ্ণ নহয় এ আই ইউ ডি এফ দল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী: বিধানসভাৰ পাঁচটা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে এ আই ইউ ডি এফ দলে । কোনো এটা সমষ্টিতে প্ৰাৰ্থী নিদিয়াৰ কথা ঘোষণা কৰিলে দলটোৱে । চামগুৰিত প্ৰাৰ্থী দিয়াৰ কথা আছিল যদিও শেষ মুহূৰ্তত কোনো সমষ্টিতে প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে । আজি সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা সদৰী কৰে এ আই ইউ ডি এফৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ ৰফিকুল ইছলামে ।

বিধায়ক হাফিজ ৰফিকুল ইছলামে কয়, "আমাৰ ক'ৰ কমিটিৰ সিদ্ধান্ত আছিল যে পাঁচখন আসনৰ ভিতৰত আমি এখনত নিৰ্বাচন খেলিম । সেইমৰ্মে বহুজনে আবেদনো কৰিছিল । আমাৰ বহুকেইজন শক্তিশালী প্ৰাৰ্থী আছিল । যোৱা দুদিন আমাৰ সভাপতিয়ে ক'ৰ কমিটিৰ লগত ভাৰ্চুৱেলী আলাপ-আলোচনা কৰিছে । সেই আলোচনামৰ্মে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অসমৰ বিভিন্ন অৰাজনৈতিক নিৰপেক্ষ বুদ্ধিজীৱীৰ ফালৰ পৰা আমাক উপ-নিৰ্বাচন নেখেলাৰ বাবে পৰামৰ্শ দিয়া হৈছে ।"

এ আই ইউ ডি এফৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম (ETV Bharat Assam)

বিধায়ক ইছলামে লগতে কয়, "যোৱা নিৰ্বাচনত আমাৰ সভাপতিৰ পৰাজয়ৰ পাছত কিছুমানে ভাবিছিল যে এ আই ইউ ডি এফ নাইকিয়া হ'ব নেকি । কিন্তু আমাৰ কৰ্মীসকলে সাহসেৰে জিলা কমিটি, ব্লক কমিটি, আঞ্চলিক কমিটি কৰাৰ বাবে লাগিছে । সাংগঠনিক কাম জোৰদাৰভাৱে চলিছে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সাংঘাতিকভাৱে প্ৰস্তুতি লৈছো । নিৰ্বাচন হৰাৰ পিছত অলপ মন ভাঙিছিল যদিও এতিয়া কৰ্মীসকলৰ মাজত উৎসাহ দেখা গৈছে । আমি জিলা পৰিষদ, আঞ্চলিক পৰিষদসমূহ দখল কৰিব লাগিব ।"

"পঞ্চায়তৰ প্ৰতিনিধি আমি জিকাম । পঞ্চায়ত নিৰ্বাচনলৈ বেছি দিন নাই । মাত্র এক-ডেৰ মাহ সময় আছে । সেয়ে এতিয়া আমি সকলো উপ-নিৰ্বাচনত জপিয়াই পৰিলে আমাৰ ১৫-২০ দিন সময় গুচি যাব । যাৰবাবে আমাৰ দলৰ শুভাকাংক্ষী, নিৰপেক্ষ অৰাজনৈতিক ব্যক্তি আৰু বুদ্ধিজীৱীসকলে আমাক পৰামৰ্শ দিছে যে আমি উপ-নিৰ্বাচনত অৱতীৰ্ণ হ'ব নালাগে । তাৰবাবে অৱশেষত আমাৰ সভাপতি বদৰুদ্দিন আজমলে দলৰ ক'ৰ কমিটিৰ লগত আলোচনা কৰি বিভিন্নজনে আগবঢ়োৱা পৰামৰ্শৰ প্ৰতি সঁহাৰি জনাই উপ-নিৰ্বাচনত কোনো প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত লৈছে । সেয়ে আমি উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো ।" হাফিজ ৰফিকুল ইছলামে কয় ৷

তেওঁ আৰু কয়, "আমি পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাই আছো । গণতন্ত্ৰৰ পক্ষত আৰু সাম্প্ৰদায়িকৰ বিৰুদ্ধে আমি সদায় যুঁজি আছো । আমি ধৰ্মনিৰপেক্ষ ভোট বিভাজন হোৱাটো নিবিচাৰো ।" উল্লেখ্য যে চামগুৰিত এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও হঠাতে ৰহস্যজনকভাৱে বিৰত থাকিল । যিটো বিষয় ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চিত হৈছে ।

লগতে পঢ়ক:ৰণক্ষেত্ৰ বিহালীত গৌৰৱ গগৈ-ভূপেন বৰাৰ যুঁজত অচল বিৰোধীৰ সন্মিলিত মৰ্চা !

ABOUT THE AUTHOR

...view details