মৰাণ: ৰাজ্য চৰকাৰে এখনৰ পাছত আন এখন অভিলাষী আঁচনি ঘোষণা কৰিছে । আঁচনি ঘোষণা কৰি বিজ্ঞাপন প্ৰচাৰৰ নামতেই ৰাজ্য চৰকাৰে খৰচ কৰিছে কোটি কোটি টকা । ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ আধুনিকীকৰণৰ কথা ঘোষণা কৰিছে । তেনে সময়ত গৃহ বিভাগৰ আজৱ কাণ্ড পোহৰলৈ আহিছে ।
ঐতিহাসিক চৰাইদেউ মৈদাম আৰক্ষী চকী স্থাপন কৰি ঘৰৰ গৰাকীক ভাৰা নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ভাৰাঘৰত আৰক্ষী চকী খুলি এবছৰে আদায় দিয়া নাই ঘৰভাৰাৰ লগতে বিদ্যুতৰ বিল । বিগত বৰ্ষৰ অক্টোবৰতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম প্ৰাংগণত ৰাজ্যৰ গৃহ বিভাগৰ নিৰ্দেশত চৰাইদেউ জিলা প্ৰশাসনে মৈদামৰ কাষতে থকা চকিয়াল গাঁৱৰ বাসিন্দা চিন্ময় তামুলীৰ এটি গৃহ ভাৰালৈ লৈ চৰাইদেউ মৈদাম আৰক্ষী চকী স্থাপন কৰিছিল ।
সেই সময়ত চৰাইদেউ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তই সকলো নথি-পত্ৰ লৈ গৃহটো ভাৰালৈ লৈছিল । আনকি সেই সময়ত ভাৰাঘৰত থকা ভাৰাতীয়াসকলক তাৎক্ষণিকভাৱে খালি কৰাই আৰক্ষী চকী স্থাপন কৰিছিল । কিন্তু আজি এবছৰ পাৰ হোৱা পাছতো ভাৰাৰ লগতে বিদ্যুতৰ বিল আদায় নিদিয়াত চৰাইদেউত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অনাদায় হৈ আছে ডেৰ লক্ষাধিক টকা ।
বিশেষভাবে সক্ষম যুৱক চিন্ময় তামুলীক এইদৰে চৰাইদেউ জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ গৃহ বিভাগে প্ৰৱঞ্চনা কৰাত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী যুৱকজনৰ লগতে চকীয়ালবাসী । ভুক্তভোগী চিন্ময় তামুলীয়ে চৰাইদেউ জিলা অধীক্ষক আৰু আয়ুক্তৰ কাৰ্যালয়লৈ গৈ এই বিষয়ে অৱগত কৰিছে যদিও বিষয়াসকলে এবছৰে কোনো ধৰণৰ সহযোগিতা কৰা নাই বুলি অভিযোগ কৰে ।
গৃহ বিভাগৰ বিৰুদ্ধে ক্ষোভ ভুক্তভোগীৰ:
গৃহ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি ভুক্তভোগীয়ে কয়,"যোৱা বছৰ অক্টোবৰৰ পৰা চৰাইদেউ মৈদাম আৰক্ষী চকী স্থাপন বাবে ঘৰ ভাৰালৈ দিয়া হৈছিল । সেই সময়ত চৰাইদেউ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আৰু আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰ্মনে তাৎক্ষণিকভাৱে ঘৰটো ভাৰালৈ লাগে বুলি কোৱাত দিছিলো । সেই সময়ত থকা ভাৰাতীয়া অন্য ঘৰলৈ পঠিয়াই ঘৰটো চৰাইদেউ মৈদাম আৰক্ষী চকী স্থাপনৰ বাবে দিছিলো । কোনো ধৰণৰ চিন্তা নকৰাকৈ ধন পাব বুলি আশ্বাস দিছিল দুইজন বিষয়াই । প্ৰতিমাহে ৯২৮৪ টকা আছিল যদিও আজিলৈকে দিয়া নাই এটা মাহৰো ধন ।"
তেওঁ পুনৰ কয়,"এবছৰে বিদ্যুতৰ বিল ২২,০০০ টকা হৈছে যদিও সেই পইচাও দিয়া নাই । ফলত বিদুৎ বিভাগে ফোন কৰি থকাত বিদ্যুৎ সংযোগ কাটি দিবলৈ কৈ আছো যদিও তেওঁলোকে বিদ্যুৎ কৰ্তন কৰা নাই । এতিয়া জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গ'লে বিভিন্ন দিন ,তাৰিখ দি ধন মোকলাই দিয়াৰ কথা কয় যদিও সেয়া হোৱা নাই । বিষয়াসকলে বিভাগে ধন নিদিলে আমি ক'ৰ পৰা দিম বুলি কয় । "