ETV Bharat / state

মঙলবাৰৰ পৰা গুৱাহাটীত দ্বাদশ পূব হিমালয়ান প্ৰকৃতি-বিজ্ঞান মঞ্চ - BALIPARA FOUNDATION

গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ পূব হিমালয়ান প্ৰকৃতি-বিজ্ঞান মঞ্চ । ১৫ খন দেশৰ প্ৰতিনিধিৰ অংশগ্ৰহণ ।

Eastern Himalayan Naturenomics Forum
মঙলবাৰৰ পৰা গুৱাহাটীত দ্বাদশ পূব হিমালয়ান প্ৰকৃতি-বিজ্ঞান মঞ্চ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 10:13 PM IST

গুৱাহাটী : বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত মঙলবাৰৰ পৰা গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব দ্বাদশ পূব হিমালয়ান প্ৰকৃতি-বিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক আলোচনা-চক্ৰ ৷ হোটেল ভিভাণ্টাত অনুষ্ঠিত হ’বলগা পৰিৱেশ বিষয়ক এই আলোচনা-চক্ৰৰ বিষয় হ’ল তৃতীয় মেৰু আৰু হিমসাগৰ (পূব হিমালয়)ৰ ভৱিষ্যৎ ৷ এই কথা সদৰী কৰিছে বালিপাৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰে ।

সোমবাৰে হোটেল তাজ ভিভাণ্টাত এক সংবাদমেলত তেওঁ কয়, "ভাৰত, নেপাল, ভূটান, চীন আৰু ম্যানমাৰক সামৰি লোৱা পূব হিমালয় তৃতীয় মেৰুৰ অংশ, যিটো এছিয়া মহাদেশৰ পানী যোগানৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ ইয়াৰ ‘জল টাৱাৰ’বোৰে ব্ৰহ্মপুত্ৰ, গংগা, মেকঙৰ দৰে ডাঙৰ নদীক অনন্ত ৰূপত পানীৰে জাগ্ৰত কৰি ৰাখে আৰু কোটি কোটি লোকক জীৱন ধাৰণত সহায় কৰে ৷"

মঙলবাৰৰ পৰা গুৱাহাটীত দ্বাদশ পূব হিমালয়ান প্ৰকৃতি-বিজ্ঞান মঞ্চ (ETV Bharat Assam)

তেওঁ কয়, "প্ৰায় বাৰ হেজাৰৰো অধিক প্ৰজাতিৰ জৈৱ-বৈচিত্ৰৰে পৰিপূৰ্ণ এই অঞ্চলটোৰ জলবায়ুৰ প্ৰতি ভয়াৱহ ভাবুকি আহিছে ৷ ভয়াৱহ ভৱিষ্যতৰ সন্মুখীন হৈছে জীৱকুল ৷ দ্ৰুত হিমবাহৰ গলিত পানীৰ প্ৰবাহত ব্যাঘাত জন্মাইছে তথা বানপানী, ভূমিস্খলন বৃদ্ধি পাইছে ৷ ইয়াৰ নেতিবাচক প্ৰভাব পৰিছে কৃষি, জলবিদ্যুৎ আৰু জৈৱ-বৈচিত্ৰ্যৰ ওপৰত ৷

তেওঁ লগতে কয়, "ইতিমধ্যে ভাৰত আৰু বাংলাদেশৰ দৰে দেশত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিলক্ষিতও হৈছে ৷ এই সন্ধিক্ষণতে ১৫ খন দেশৰ ৮০ গৰাকী বিশিষ্ট ব্যক্তিক একত্ৰিত কৰি জলবায়ু ব্যৱস্থাৰ ভৱিষ্যৎ আৰু কোটি কোটি লোকৰ জীৱনৰ বাবে জলবায়ুৰ ওপৰত জৰুৰী অৱস্থা আৰু তৃতীয় মেৰুত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা অন্বেষণ কৰি তৃতীয় মেৰুৰ ভৱিষ্যৎ আৰু পূব হিমালয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷"

উল্লেখ্য যে ভাৰত আৰু বিস্তৃত তৃতীয় মেৰু অঞ্চলৰ বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সংস্থা 'দ্য এনাৰ্জী এণ্ড ৰিছ’ৰ্চ ইনষ্টিটিউট'ৰ ৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সমান্তৰালভাৱে এই আলোচনা-চক্ৰ আয়োজন কৰা হৈছে ৷

সংবাদমেলত উপস্থিত থকা কংগো গণৰাজ্যৰ কাছাইৰ বাকৱা লুণ্টু জনগোষ্ঠীৰ পৰম্পৰাগত শাসক এইচ আৰ এইচ ৰাণী ডিয়াম্বি কাবাটুছুইলা কয়, "মই ইয়ালৈ আহি উৎসাহিত হৈছোঁ ৷ বিশ্ব এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ আমি নিজে উৎপন্ন কৰা পৰিৱেশ ব্যৱস্থাটোৰ পৰা আঁতৰি আমাৰ থলুৱা ব্যৱস্থালৈ ঘূৰি যাব লাগিব, যিয়ে প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক দৃঢ় কৰিছিল ৷"

তেওঁ কয়, "পৰিৱেশৰ প্ৰতি আমাৰ সম্পৰ্কটো পবিত্ৰ আছিল ৷ কিন্তু আমি আঁতৰি আহি নিজে বিপদত পৰিছোঁ ৷ থলুৱা জ্ঞান আৰু প্ৰজ্ঞাক অন্তৰ্ভুক্ত কৰিবলৈ আমাৰ দৃষ্টিভংগী বৃদ্ধি কৰিব লাগিব ৷ আমি উন্নয়নৰ পুনৰ ধাৰণা কৰিব লাগিব ৷"

উল্লেখ্য যে ‘তৃতীয় মেৰু আৰু হিমসাগৰ (পূব হিমালয়)ৰ ভৱিষ্যৎ’ শীৰ্ষক এইবাৰৰ মঞ্চত জৰুৰীভাৱে জটিল পৰিৱেশ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷ পূব হিমালয় তথা উত্তৰ-পূব ভাৰত, নেপাল, ভূটান, তিব্বত, ম্যানমাৰ, উত্তৰ বংগ আৰু বাংলাদেশক সামৰি লোৱা হিমসাগৰ পৰিৱেশতন্ত্ৰ আৰু জীৱিকাৰ বাবে অতি প্ৰয়োজনীয় ৷

ইয়াৰ নদীসমূহ যেনে তীস্তা, ব্ৰহ্মপুত্ৰ আৰু গংগাৰ জল সুৰক্ষা তথা কৃষি আৰু জৈৱ-বৈচিত্ৰ্যত জলবায়ু পৰিৱৰ্তনে প্ৰাকৃতিক বৰফ গলি যোৱা আৰু ঋতুভিত্তিক প্ৰবাহত ব্যাঘাত জন্মাইছে ৷ ইয়াৰ ফলত ভৈয়ামত থকা লাখ লাখ লোক বানপানীৰ সমস্যাত ভুক্তভুগী হোৱাৰ লগতে জীৱন-জীৱিকাৰ প্ৰতিও ভাবুকি আহিছে ৷

ভূমি ৰূপান্তৰৰ বাবে বনাঞ্চল ধ্বংস হোৱাৰ ফলত মাটিৰ খহনীয়া অধিক ব্যাপক হৈ পৰিছে আৰু কাৰ্বন শোষণ হ্ৰাস পাইছে ৷ উত্তৰ-পূব ভাৰতে ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ১৭,৬৫০ বৰ্গ কিলোমিটাৰ গছৰ আৱৰণ হেৰুৱাই জলবায়ুৰ প্ৰভাৱ তীব্ৰতৰ কৰি তুলিছে ৷ অস্থায়ী কৃষি আৰু সম্পদ আহৰণৰ দৰে মানৱীয় কাৰ্যকলাপে পৰিৱেশতন্ত্ৰক আৰু অধিক অৱনতি ঘটাইছে ৷

হিমবাহৰ গলনাংক আৰু বনাঞ্চল ধ্বংসকে ধৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰতি দুৰ্বল অঞ্চল উত্তৰ-পূব ভাৰতৰ বাবে এইবাৰৰ মঞ্চত আলোচ্য বিষয়টো অতি প্ৰয়োজনীয় ৷ ব্ৰহ্মপুত্ৰ নদীত হিমবাহৰ গলনাংক আৰু অস্বাভাৱিক বাৰিষাৰ ফলত প্ৰলয়ংকৰী বানপানীৰ সন্মুখীন হৈ খেতি, আন্তঃগাঁথনি, জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ দীৰ্ঘম্যাদী বহনক্ষমতা আৰু স্থিতিস্থাপকতাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷

এইবাৰ মঞ্চত জলভাগ ব্যৱস্থাপনা, সীমা অতিক্ৰম কৰা জল সহযোগিতা, বন সংৰক্ষণ, নবীকৰণযোগ্য শক্তি, বহনক্ষম ভূমি ব্যৱস্থাপনা, সম্প্ৰদায়ৰ নেতৃত্বত সংৰক্ষণ আৰু আৱৰ্জনা ব্যৱস্থাপনাকে ধৰি পূব হিমালয়, বিশেষকৈ উত্তৰ-পূব ভাৰতৰ মূল প্ৰত্যাহ্বানসমূহৰ সমাধান উলিয়াবলৈ দেশী-বিদেশী বিশেষজ্ঞই মত আগবঢ়াব ৷

ইফালে আলোচনা-চক্ৰৰ লগতে তৃতীয় মেৰু আৰু অঞ্চলটোৰ বহনক্ষমতাৰ বাবে যুৱক-যুৱতীসকলৰ ভূমিকা সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়তো ছাত্ৰ-ছাত্ৰীক জড়িত কৰি বিশেষ আলোচনা-চক্ৰৰ আয়োজন কৰা হ’ব ৷

লগতে পঢ়ক :বাঁহ আৰু গছৰ গুটিৰে সপোন সাকাৰ: অনন্য কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন কেইগৰাকীমান মহিলাৰ
লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্বৰ্গৰথক হিন্দীত নিৰ্মাণৰ প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.