ETV Bharat / state

বগীবিল দলঙৰ পৰা জঁপিয়াই আত্মহত্যা অভিযন্তাৰ - ENGINEER COMMITS SUICIDE

বগীবিলত সংঘটিত হ'বলৈ ধৰিছে আত্মহত্যাৰ ঘটনা । চুইচাইড নোট, মানিবেগ উদ্ধাৰ ।

suicide case in Dibrugarh
ডিব্ৰুগড়ৰ বগীবিল দলঙৰ পৰা জাঁপ দিলে অভিযন্তাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 25, 2024, 10:31 PM IST

মৰাণ: বগীবিল নদীৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ প্ৰতিদিনে বিভিন্ন ঠাইৰ‌ পৰা ৰাইজে ভিৰ কৰেহি । ঐতিহাসিক বগীবিল দলঙৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাত ডিব্ৰুগড় আৰু ধেমাজিৰ দুই পাৰে পৰ্যটকৰ ভিৰ বৃদ্ধি পাইছে । বগীবিল এতিয়া পৰ্যটন আৰু বনভোজস্থলী হ'লেও প্ৰায়ে বগীবিলত সংঘটিত হ'বলৈ ধৰিছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ লগতে আত্মহত্যাৰ ঘটনা ।

কেইটামান দিনৰ পূৰ্বে এজন সেনা জোৱানৰ পত্নীয়ে দুই সন্তানক লৈ বগীবিলত আত্মহত্যা কৰিছিল । যি ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল । কিন্তু ডিব্ৰুগড়ৰ বগীবিলত সোমবাৰে সংঘটিত হয় আৰু এক ভয়ংকৰ ঘটনা । বগীবিল দলঙৰ পৰা জাঁপ দিলে সত্যজিৎ শ‌ইকীয়া নামৰ এগৰাকী অভিযন্তাই । বৰবৰুৱা উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা হিচাপে কৰ্মৰত আছিল সত্যজিৎ শইকীয়া ।

ঘটনাস্থলীত এখন চুইচাইড নোট আৰু এখন চাৰিচকীয়া বাহন, মানিবেগ উদ্ধাৰ হৈছে । সত্যজিৎ শ‌ইকীয়াৰ ঘৰ যোৰহাট কমলাবৰীয়াত । বৰ্তমান ঘটনাস্থলীত আৰক্ষী আৰু এচ ডি আৰ এফ উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে । বৰবৰুৱা উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা হিচাপে কৰ্মৰত হৈ থকা অভিযন্তাগৰাকীয়ে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই ।

অভিযন্তাগৰাকীয়ে এৰি থৈ যোৱা এখন চাৰিচকীয়া বাহন, মানিবেগৰ সৈতে এখন চুইচাইড নোট উদ্ধাৰ হৈছে যদিও চুইচাইড নোটত নাই বিশেষ লিখা । কেৱল নোটত লিখা আছে ' Without reason ' বুলি । সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে । আৰক্ষীৰ তদন্ততহে এই ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক:আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে

আত্মহত্যা নে হত্যাৰ বলি হ'ল মধুস্মিতা বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.