অসম

assam

ETV Bharat / politics

ধুবুৰীৰ পোটক তুলিব চামগুৰিত; উপ-নিৰ্বাচনৰ বাবে শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত এ আই ইউ ডি এফ - Assam Bye Poll 2024 - ASSAM BYE POLL 2024

Samaguri Bye Election : চামগুৰি দখলৰ বাবে কঁকালত টঙালি বান্ধিছে AIUDF-এ । কংগ্ৰেছৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত এ আই ইউ ডি এফ দল ।

Samaguri Bye Election
চামগুৰি উপ-নিৰ্বাচনৰ বাবে শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত এ আই ইউ ডি এফ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 9:18 AM IST

Updated : Oct 5, 2024, 12:59 PM IST

নগাঁও, ৫ অক্টোবৰ :বিগত লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হাতত অতি শোচনীয়ভাৱে পৰাজয়বৰণ কৰাৰ পাচত এতিয়া ধুবুৰীৰ পোটক তুলিবলৈ চামগুৰিত সাজু হৈছে আজমল বাহিনী । ধুবুৰী লোকসভা সমষ্টিৰ পৰা এ আই ইউ ডি এফ দলৰ বদৰুদ্দিন আজমলক পৰাজিত কৰি সাংসদ হিচাপে নিৰ্বাচিত হৈ চামগুৰি সমষ্টিৰ পাঁচবাৰৰ বিধায়ক ৰকিবুল হুছেইনে বিধানসভাৰ পৰা পদত্যাগ কৰাৰ পাচৰ পৰাই চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা ।

উপ-নিৰ্বাচনত সমষ্টিটো দখলৰ বাবে শাসকীয় দল বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছ, এ আই ইউ ডি এফ দলেও আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে অৱশ্যে কোনো এটা ৰাজনৈতিক দলেই প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও বিজেপিৰ লগতে কংগ্ৰেছ দলে প্ৰাৰ্থী একপ্ৰকাৰ চূড়ান্ত কৰি সভা-সমিতিত দলৰ নেতাই ঘোষণা কৰি আহিছে প্ৰাৰ্থীৰ নাম ।

চামগুৰি উপ-নিৰ্বাচনৰ বাবে শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত এ আই ইউ ডি এফ (ETV Bharat Assam)

সেই অনুসৰি, সমষ্টিটোৰ পৰা বিজেপি দলৰ হৈ বিজেপি নেতা দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ দলৰ পৰা ৰকিবুল হুছেইনৰ পুত্ৰ তথা এন এছ ইউ আই নেতা তাঞ্জিল হুছেইনে প্ৰতিদ্বন্দ্বিতা কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । কিন্তু ইয়াৰ মাজতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে সুযোগৰ সন্ধানত আছে বদৰুদ্দিন আজমলৰ এ আই এউ ডি এফ দল ।

ধুবুৰীত ৰকিবুল হুছেইনৰ হাতত পৰাজিত হোৱা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি দলে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত যিকোনো প্ৰকাৰে ৰকিবুল-পুত্ৰক পৰাজিত কৰিবলৈ ইতিমধ্যেই প্ৰস্তুত কৰিছে ৰণকৌশল । ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কুজকাৱাজ আৰম্ভ হোৱাৰ সময়তেই চামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে আজমলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি একমাত্ৰ ইটিভি ভাৰতত প্ৰথমবাৰৰ বাবে বাতৰি প্ৰকাশ হৈছিল । এতিয়া ক্ৰমাৎ সত্য প্ৰমাণিত হোৱাৰ দিশে ইটিভি ভাৰতৰ এই বাতৰি ।

বৃহস্পতিবাৰে ৰূপহীহাট বিধানসভা সমষ্টিত অনুষ্ঠিত এ আই ইউ ডি এফ দলৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যৰ সন্মুখত চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত এ আই ইউ ডি এফ দলে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো নিশ্চিত বুলি মন্তব্য কৰে দলটোৰ বিধায়ক আমিনুল ইছলামে । উপ-নিৰ্বাচনত কংগ্ৰেছৰ দখলৰ পৰা সমষ্টিটো উদ্ধাৰ কৰি নিজৰ দখললৈ অনাৰ বাবে শক্তিশালী প্ৰাৰ্থীৰ সন্ধান কৰা বুলি উল্লেখ কৰে বিধায়ক আমিনুল ইছলামে ।

অৱশ্যে চামগুৰিৰ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যেই কেইবাগৰাকীও নেতাই দলটোৰ প্ৰাৰ্থিত্ব বিচৰা বুলিও উল্লেখ কৰে দলটোৰ বিধায়কগৰাকীয়ে । ইপিনে, বিগত লোকসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয়বৰণ কৰাৰ পাচত এনে এক শোচনীয় ফলাফল বিচাৰিছিল বুলিও মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে । লোকসভাত শোচনীয় ফলাফল লাভ কৰাৰ বাবেই দলীয় কৰ্মীসকল পূৰ্বতকৈ অধিক সাংগঠনিক ভেটি শক্তিশালী কৰাত তৎপৰ হৈ পৰা বুলিও সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে ।

চামগুৰি সমষ্টিৰ এআই ইউ ডি এফ দলৰ প্ৰাৰ্থী কোন হ'ব সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও দলটোৱে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে বিশেষকৈ কংগ্ৰেছ দল এক গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে ।

লগতে পঢ়ক :অস্তিত্বৰ সংকটত ভূগিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা নেতাসকল - Congress leader joins BJP
লগতে পঢ়ক :১০ টকীয়া টিকট কাটি জাহাজত উঠিল প্ৰাক্তন বিধায়ক - Jiten Gogoi Join AJP
Last Updated : Oct 5, 2024, 12:59 PM IST

ABOUT THE AUTHOR

...view details