অসম

assam

ৰকিবুল-পুত্ৰৰ বিৰুদ্ধে বহু কংগ্রেছীয়েও বিচাৰিছে শক্তিশালী প্ৰাৰ্থী; এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলাম - Assam bye elections

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 1:09 PM IST

Samaguri Bypoll : ধুবুৰীত পৰাজয়ৰ প্ৰতিশোধ ল'বলৈ চামগুৰিত তৎপৰ এ আই ইউ ডি এফ । চামগুৰিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল এ আই ইউ ডি এফ দল । চামগুৰিত ৰকিবুলৰ পুত্ৰক পৰাজিত কৰিবলৈ এখোজ দুখোজকৈ আগবাঢ়িছে এ আই ইউ ডি এফ । ইটিভি ভাৰতৰ বাতৰি সত্য প্ৰমাণিত কৰি শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত দলটোৰ । কোন কংগ্রেছীয়ে বিচাৰিছে এ আই ইউ ডি এফৰ শক্তিশালী প্ৰাৰ্থী ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ নগাঁৱৰ সাংবাদিক ৰকিবুল ওৱাহিদৰ আন এক প্ৰতিবেদন ।

Samaguri Bypoll
চামগুৰিত কোন হ'ব এ আই ইউ ডি এফৰ প্ৰাৰ্থী ? (ETV Bharat Assam)

নগাঁও, ১৭ আগষ্ট : ৰাজ্যৰ আন পাঁচটাকৈ বিধানসভা সমষ্টিৰ লগতে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিতো অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে । প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে সাংসদ হিচাপে নিৰ্বাচিত হোৱালৈকে প্ৰতিনিধিত্ব কৰিছিল চামগুৰি বিধানসভা সমষ্টিৰ পৰা । কিন্তু ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হোৱাৰ পাচত চামগুৰি বিধানসভা সমষ্টিৰ পৰা এন এছ ইউ আইত জড়িত নিজৰ পুত্ৰৰ হাতত অৰ্পণ কৰিব বিচাৰিছে সমষ্টিটো ।

চামগুৰিৰ উপ-নিৰ্বাচন সন্দৰ্ভত বিধায়ক আমিনুল ইছলামৰ মন্তব্য (ETV Bharat Assam)

সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ পৰা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ নাম একপ্ৰকাৰ চূড়ান্ত হোৱা বুলি চর্চা চলি আছে যদিও বাকী কেৱল আনুষ্ঠানিক ঘোষণা । কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ সমষ্টিৰ সীমা অনুযায়ী অনুষ্ঠিত হ’বলগীয়া চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৰকিবুল-পুত্ৰক ভেটিবলৈ শাসকীয় দল বিজেপিয়ে ডিপ্লুৰঞ্জন শৰ্মাক প্ৰাৰ্থী হিচাপে একপ্ৰকাৰ ঘোষণা কৰিয়েই সমষ্টিটোত আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা ।

আনহাতে, সমষ্টিটোৰ সংখ্যালঘু ভোটৰ ওপৰতেই অধিক নিৰ্ভৰশীল কংগ্ৰেছৰ বিৰুদ্ধে শক্তিশালী ৰূপত আগবাঢ়িবলৈ আৰম্ভ কৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলো । ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্বাচনত ৰকিবুল হুছেইনৰ হাতত পৰাজয়বৰণ কৰা এ আই ইউ ডি এফ দলে ধুবুৰীৰ পৰাজয়ৰ প্ৰতিশোধ ল'বলৈ চামগুৰি সমষ্টিত শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই সন্দৰ্ভত ইটিভি ভাৰত অসমত প্ৰথমেই প্ৰকাশিত এক বাতৰিক সত্য প্ৰমাণিত কৰি এ আই ইউ ডি এফে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰি সমষ্টিটোত ৰকিবুল হুছেইনৰ পুত্ৰক ৰুধিবলৈ যেন শক্তিশালী ৰূপত সাজু হৈ পৰিছে । সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে দলটোৰ নেতা তথা ধিং সমষ্টিৰ তিনিবাৰৰ বিধায়ক আমিনুল ইছলামৰ নেতৃত্বত ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে চামগুৰিত ।

সমষ্টিটোৰ দলীয় কৰ্মীৰ সৈতে সভা-সমিতি অনুষ্ঠিত কৰি শক্তিশালী প্ৰাৰ্থী চূড়ান্ত কৰা সন্দৰ্ভতো কৰিছে আলোচনা । এই সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে কয়, "চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ পিতৃৰ পাচত ৰকিবুল হুছেইনক বিগত পাঁচটাকৈ নিৰ্বাচনত জয়ী কৰোৱাৰ পাচত ৰকিবুলৰ পুত্ৰক ভোটাৰ ৰাইজে বিচৰা নাই । সমষ্টিটোৰ বহু কংগ্ৰেছীয়েও ৰকিবুল-পুত্ৰৰ বিৰুদ্ধে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ এ আই ইউ ডি এফৰ সৈতে যোগাযোগ কৰি আছে ।"

উল্লেখ্য যে চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাব বুলি এ আই আই ইউ ডি এফে দাবী কৰি ইতিমধ্যেই প্ৰচাৰ আৰম্ভ কৰিছে যদিও সমষ্টিটোৰ ভোটাৰ ৰাইজৰ সমৰ্থন লাভ কৰাত কিমান সফল হয় সেয়া নিৰ্বাচনী ফলাফলেহে স্পষ্ট কৰিব ।

লগতে পঢ়ক :চামগুৰিত ৰকিবুল হুছেইনৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটাবলৈ সাজু বিজেপি - ASSAM BY ELECTION 2024
লগতে পঢ়ক :বিজেপিৰ সৈতে যুঁজিবলৈ হ'লে বিৰোধী দল এক হৈ যুঁজিব লাগিব: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi on by election

ABOUT THE AUTHOR

...view details