অসম

assam

ETV Bharat / politics

প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সময় এতিয়াও আছে :পৃথ্বীৰাজ সাথে - aicc secretary prithviraj sathe

Barpeta Lok Sabha constituency :বৰপেটাত উপস্থিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাবধায়ক পৃথ্বীৰাজ সাথে ৷ কংগ্ৰেছৰ ৰণনীতি সম্পৰ্কে জিলাখনৰ কংগ্ৰেছ নেতাসকলৰ সৈতে আলোচনা পৃথ্বীৰাজ সাথেৰ ।

AICC secretary Prithviraj Sathe
নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথে

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 4:36 PM IST

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক পৃথ্বীৰাজ সাথে

বৰপেটা, ১৯ মাৰ্চঃ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি দুটাৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ বাবে বৰপেটাত উপস্থিত হয় নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক পৃথ্বীৰাজ সাথে ৷ বৰপেটা ৰাজীৱ ভৱনত উপস্থিত হৈ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে বৰপেটা জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, জিলা পৰিষদৰ সদস্য সকলকে লৈ জিলাখনৰ কংগ্ৰেছ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ কংগ্ৰেছৰ ৰণনীতি কি হ'ব, কেনেদৰে নামি পৰিব নিৰ্বাচনী প্ৰচাৰত এই সকলোবোৰ দিশ পৰ্যালোচনাৰ লগতে দুয়োখন আসন দখলৰ লক্ষ্যৰে সভাত পৃথ্বীৰাজ সাথেই আলোচনা কৰে ।

বৰপেটাত বিৰোধী দলসমূহে নিজা নিজা প্ৰাৰ্থী ঠিয় কৰাক লৈয়ো মন্তব্য কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক পৃথ্বীৰাজ সাথেই । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকগৰাকীয়ে এই প্ৰসংগত কয়," আটাইবোৰ দলৰ লগত কথা বতৰা চলি আছে ৷ প্ৰাৰ্থী ঠিয় কৰোৱা হৈছে যদিও প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সময় এতিয়াও আছে ৷ সকলোৰে লগত কথা-বতৰা চলি আছে ৷ কিবা নহয় কিবা সমাধান ওলাব ৷ "

ইপিনে,অসমত কংগ্ৰেছে কেইখন আসন লাভ কৰিব সেই সম্পৰ্কে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক পৃথ্বীৰাজ সাথেই কয়," মই জ্যোতিষী নহয় ৷ কিন্তু যোৱাবাৰতকৈ ভাল হ'ব ৷ জনসাধাৰণে মূল্যবৃদ্ধি, সংস্থাপন আদি সমস্যাৰ সমাধান বিচাৰিলে কংগ্ৰেছক ভোট দিব ৷" পূৰ্বৰ কংগ্ৰেছ চৰকাৰতকৈ মোদীৰ চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিৰ কথা তেওঁ উল্লেখ কৰে ৷ আনহাতে, যোৰহাট লোকসভা সমষ্টিত ১ লাখতকৈয়ো অধিক ভোটৰ ব্যৱধানত গৌৰৱ গগৈ জয়ী হ'ব বুলি দাবী কংগ্ৰেছ নেতাগৰাকীয়ে ৷

লগতে পঢ়ক:নিজৰ দুৰ্নীতি ঢাকিবলৈহে বিজেপিমুখী হৈছে বহু নেতা-কৰ্মী: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details