বঙাইগাঁৱত ফণী ভূষণ চৌধুৰীৰ হৈ বিজেপি-অগপ দলৰ মেগা ৰোড শ্ব’ বঙাইগাঁও, 2 মে’: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাৰ বান্ধি থিয় হৈছে শাসকীয় বিজেপি দল ৷ কেৱল শাসকীয় দলটোৱেই নহয় অৱশ্যে, ভোট বিচাৰি ৰাইজৰ মাজলৈ গৈছে বিৰোধী দলৰ ৰথী-মহাৰথীও ৷ এই নিৰ্বাচনী প্ৰচাৰৰ মাজতে বুধবাৰে বঙাইগাঁৱত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বিয়লিৰ ভাগত বঙাইগাঁও চহৰৰ মাজমজিয়াতেই এক মেগা ৰোড শ্ব’ উলিওৱা হয় ৷ বিজেপি আৰু অগপ দলৰ তৰফৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত ফণী ভূষণ চৌধুৰীক জিকাই অনাৰ উদ্দেশ্যে প্ৰায় ৫ হাজাৰ ৰাইজ ওলাই আহিল মেগা ৰোড শ্ব’ লৈ ।
বুধবাৰৰ দিনটোত বঙাইগাঁৱৰ ৰাজপথত কেৱল মানুহ আৰু মানুহ দেখিবলৈ পোৱা গ’ল । অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই মেগা ৰোড শ্ব’ উলিওৱা হয় । বৰপেটা লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী ফণী ভূষণ চৌধুৰৰ সমৰ্থনত উলিওৱা হয় এই ৰেলী ।
বঙাইগাঁও জিলাৰ গান্ধী ময়দানৰ পৰা আৰম্ভ কৰি বৰপাৰা খেলপথাৰ লৈকে উলিওৱা হয় এই মেগা ৰোড শ্ব’ । হাজাৰ হাজাৰ সমৰ্থক ওলাই আহিল ফণী ভূষণ চৌধুৰীৰ সমৰ্থনত । ৰোড শ্ব’ৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে আগন্তুক লোকসভা নিৰ্বাচনত ৫ লাখ ভোটত জয়ী হ’ব তেওঁলোক ৷ বদৰুদ্দিন আজমলৰ খং উঠিছে বুলি মন্তব্য কৰি মাইক দলিওৱা কথাটোত তেওঁ হতাশা হৈছে বুলি কয় ।
প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকা সন্দৰ্ভত তেওঁ কয় যে এতিয়া আৰু প্ৰিয়ংকা গান্ধীক আনি লাভ নাই, তেওঁৰ দিন দশ বছৰ আগতেই আছিল ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত চাৰিটা সমষ্টিত NDA প্ৰাৰ্থীৰ জয় হোৱাটো নিশ্চিত বুলি দাবী কৰে মন্ত্ৰীজনে ।
লগতে পঢ়ক :মহানগৰীত অমিত শ্বাহৰ মেগা ৰোড শ্ব’, গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ হৈ চলালে প্ৰচাৰ - Lok Sabha Election 2024