অসম

assam

ETV Bharat / politics

বিহালীত বিজেপিক আটছাৰ মুকলি সমৰ্থন - BIHALI BYE ELECTION

বিজেপিৰ সমৰ্থনত চাহ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন আটছা ৷ দিগন্ত ঘাটোৱাৰক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান ৷ জনগোষ্ঠীটোৰ লোকক কংগ্ৰেছ দলে প্ৰতাৰণা কৰাৰ অভিযোগ আটছাৰ ৷

BIHALI BYE ELECTION
বিহালীত বিজেপিক আটছাৰ মুকলি সমৰ্থন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 9:34 PM IST

বিশ্বনাথ/গুৱাহাটী: ১৩ নৱেম্বৰত হ’বলগীয়া অসমৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিহালীত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ । ইয়াৰ মাজতে অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ অন্যতম সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিজেপি দলক মুকলিকৈ সমৰ্থন আগবঢ়াইছে । আটছাই এইবাৰ মুকলিকৈ সমৰ্থন জনাইছে বিহালী বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাললৈ ।

লগতে পঢ়ক:বিহালীত উগ্ৰপন্থীৰ নৰসংহাৰৰ কাহিনী সজীৱ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

বৃহস্পতিবাৰে বিশ্বনাথ জিলা আটছাৰ সহকাৰী সম্পাদক বিমল দ্বীপসহ বিহালী আটছাৰ বিষয়ববীয়াসকলে চাহ জনগোষ্ঠীৰ নেতাক বিহালী উপ-নিৰ্বাচনত বিজেপি দলে টিকট প্ৰদান কৰাৰ বাবে বিজেপিক ধন্যবাদ জনোৱাৰ লগতে বিহালীৰ আদিবাসী লোকসকলক বিহালী বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালক ভোট দিবলৈ মুকলিকৈ আহ্বান জনায় । আটছাৰ সহকাৰী সম্পাদক বিমল দ্বীপে সাংবাদিকৰ আগত কয়, “চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চল বিহালী । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সহঃ সম্পাদক দিগন্ত ঘাটোৱাৰক আজি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাত আমি নথৈ আনন্দিত হৈছো । ইয়াৰ বাবে বিজেপিক আমি ধন্যবাদ জনোৱাৰ লগতে বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক আমি শুভেচ্ছা জনাইছো ।"

বিহালীত বিজেপিক আটছাৰ মুকলি সমৰ্থন (ETV Bharat Assam)

আনহাতে, কংগ্ৰেছ দলে চাহ জনগোষ্ঠীৰ লোকক প্ৰতাৰণা কৰি নিৰ্বাচনৰ টিকট নিদিয়াৰ অভিযোগ তুলি অসম চাহ জনজাতি ছাত্ৰ সন্থাই কংগ্ৰেছ দলক গৰিহণা দিয়ে । সংগঠনটোৰ নেতাগৰাকীয়ে কয়, “কংগ্ৰেছ দলে চাহ জনজাতি অধ্যুষিত অঞ্চলত চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে । ইয়াৰ বিপৰীতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সহকাৰী সম্পাদক দিগন্ত ঘাটোৱাৰ বিজেপিৰ প্ৰাৰ্থিত্ব লৈ আজি বিহালীলৈ আহিছে । গতিকে আমাৰ নৈতিক অধিকাৰ আছে, সেয়ে আমি অৰাজনৈতিক সংগঠন হৈও কিছু কিছু ক্ষেত্ৰত আমি ৰাজনৈতিক দলক সমৰ্থন কৰিবলৈ বাধ্য হওঁ ।”

লগতে পঢ়ক:বিহালীত কংগ্ৰেছেও ৱাচিং মেচিন আনিছে: অখিল গগৈ

লগতে ছাত্ৰনেতাগৰাকীয়ে জাতীয় স্বাৰ্থত তথা চাহ জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত বিহালী বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালক বিহালীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ সংগঠনটোৰ নেতাগৰাকীয়ে মুকলি আহ্বান জনায় ।

আনহাতে, মুখ্যমন্ত্ৰীক লগ ধৰাৰ সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ সংগঠনটোৰ নেতাগৰাকীয়ে কয়, “বিহালীৰ কিছুমান সমস্যা আমাৰ দৃষ্টিগোচৰ হৈছে আৰু সেইসমূহ সমস্যা সমাধাৰ বাবে মুখ্যমন্ত্ৰীক আমি লগ ধৰি স্মাৰক পত্ৰ প্ৰদান কৰিছো ৷” সংগঠনটোৱে চাহ জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে চিপিআই(এম) দলৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীকো শুভেচ্ছা জনোৱাৰ লগতে লগতে চিপিআই(এম) দলক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:কংগ্ৰেছৰ দিনত ইয়াত মানুহবোৰ গুলীয়াই মাৰিছিল: পবিত্ৰ মাৰ্ঘেৰিটা

ABOUT THE AUTHOR

...view details