অসম

assam

ETV Bharat / politics

কংগ্ৰেছক মুকলি প্ৰত্যাহ্বান জনাই গুৱাহাটীৰ আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আপৰ - AAP withdraws Guwahati seat

AAP withdraws Guwahati seat: আম আদমি পাৰ্টীয়ে অসমৰ ৩ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল । কিন্তু বিৰোধী ঐক্যমঞ্চৰ স্বাৰ্থত গুৱাহাটীৰ আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে আপে । কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ আপ অসমৰ ।

AAP withdraws candidature from Guwahati seat
কংগ্ৰেছক মুকলি প্ৰত্যাহ্বান জনাই গুৱাহাটীৰ আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আপৰ

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 4:10 PM IST

গুৱাহাটী,১৫ মাৰ্চ : সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰতিটো প্ৰান্তত লোকসভা নিৰ্বাচনক লৈ ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে । অসমৰ বাবে বিজেপিয়ে সম্পূৰ্ণ তালিকা প্ৰকাশ কৰিছে । কিন্তু বিজেপিক ৰুধিবলৈ গঠন হোৱা বিৰোধী ঐক্যমঞ্চত এতিয়াও আসন ভাগ-বটোৱাৰাক লৈ বিতৰ্ক অব্যাহত আছে । কেইবাটাও দলে কংগ্ৰেছৰ সংগ এৰি পৃথকে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈছে । বিৰোধী ঐক্যমঞ্চ ভংগ হোৱাৰো বহুতে দাবী কৰিছে ।

অৱশ্যে এতিয়াও মিত্ৰতা অব্যাহত থকাৰ দাবী আম আদমি পাৰ্টীৰ । কিয়নো বিৰোধী ঐক্যমঞ্চৰ স্বাৰ্থত আম আদমি পাৰ্টীয়ে গুৱাহাটী লোকসভাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে । কিন্তু শোণিতপুৰ আৰু ডিব্ৰুগড়ত প্ৰতিদ্বন্দ্বিতা কৰিব আপৰ প্ৰাৰ্থীয়ে । শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে আম আদমি পাৰ্টীয়ে । আপ নেতৃত্বই সংবাদমেল সম্বোধন কৰি কয় যে ১২ মাৰ্চত কংগ্ৰেছে অসমৰ ১১ টাকৈ লোকসভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে ।

ডিব্ৰুগড় লোকসভা সমষ্টি অসম জাতীয় পৰিষদক এৰি দিছে আৰু লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম এতিয়াও ঘোষণা কৰা নাই । এইক্ষেত্ৰত অতি দুৰ্ভাগ্যজনক কথা যে এমাহ পূৰ্বেই আম আদমি পাৰ্টীয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰা গুৱাহাটী, শোণিতপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিও কংগ্ৰেছৰ ঘোষিত প্ৰাৰ্থী তালিকাত আছে । কংগ্ৰেছৰ এই আচৰণ মিত্ৰতাৰ ৰাজনীতিৰ বাবে এক মোক্ষম আঘাত বুলি অভিযোগ কৰে আম আদমি পাৰ্টীয়ে ।

আনহাতে কংগ্ৰেছ আৰু আপৰ বৈঠক চূড়ান্ত ৰূপত বিফল বুলি মন্তব্য কৰে আপ অসমৰ নেতাসকলে । এই সন্দৰ্ভত আপ অসমৰ নেতাসকলে কয় যে তেওঁলোকে বিৰোধী ঐক্যৰ সকলো ধৰ্ম পালন কৰিছে । ফেব্ৰুৱাৰীলৈকে একো নেদেখাত আপে প্ৰাৰ্থী ঘোষণা কৰিছিল । আপৰ মতে কংগ্ৰেছৰ লক্ষ্য বিজেপিক পৰাজিত কৰা নহয় । কংগ্ৰেছৰ বিৰোধী ঐক্যমঞ্চত থকাৰ কোনো মনে নাই ।

ইফালে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু শোণিতপুৰৰ আপৰ প্ৰাৰ্থীক প্ৰলোভন দিয়াৰো অভিযোগ কৰে অসমৰ আপৰ নেতাসকলে । ইফালে কংগ্ৰেছৰ কাম-কাজ দেখি সন্দেহ হৈছে আপৰ, সঁচাই মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে কংগ্ৰেছত বিজেপিৰ মানুহ আছে নেকি । আপ অসমৰ মতে বিজেপিক পৰাস্ত কৰা নহয়, কংগ্ৰেছৰ লক্ষ্য হৈছে আপক অসমত এখনো আসন নিদিয়া ।

আপৰ অভিযোগ যে ভূপেন বৰাই বিৰোধী ঐক্যতো কেৱল লিলি হোটেলৰ মাজতে আৱদ্ধ ৰাখিলে । বিৰোধী ঐক্যমঞ্চৰ নামত ভূপেন বৰাই ১৫ টা দল আৰু অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে বুলি আপে অভিযোগ কৰে । ঐক্যমঞ্চত কংগ্ৰেছক নেতৃত্ব দিয়াটোৱে ভুল আছিল বুলি মন্তব্য আম আদমি পাৰ্টী অসমৰ নেতাসকলে । লগতে গুৱাহাটীৰ প্ৰাৰ্থী প্ৰত্যাহাৰ কৰি আপ দলটোৱে ভূপেন বৰাক প্ৰত্যাহ্বান জনালে । আপৰ মতে দলটোৱে চেক্ৰিফাইজ কৰিলে এতিয়া পাৰে যদি কংগ্ৰেছে ডিব্ৰুগড়, শোণিতপুৰত এনে কৰি দেখুৱাওক । নাম নোলোৱাকৈয়ে আপে কয় যে এজন প্ৰাৰ্থী আৰু এটা দলৰ বাবেই ভূপেন বৰাই সকলোকে চূড়ান্ত প্ৰতাৰণা কৰিলে ।

লগতে পঢ়ক :সদৌ অসম ছাত্ৰ সন্থাৰ দুই প্ৰাক্তন সভাপতিৰ ৰাজনৈতিক যুঁজ চলিব ডিব্ৰুগড়ত

ABOUT THE AUTHOR

...view details