গুৱাহাটী, ৭ ফেব্ৰুৱাৰী :অসম বিধান সভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা বুধবাৰে ছখনকৈ বিধেয়ক সদনত উত্থাপন কৰা হয় । সদনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই “দ্য শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰছিটী বিল-২০২৪” উত্থাপন কৰে ।
লগতে কোকৰাঝাৰ ইউনিভাছিটী বিল, ২০২৪’’, “আছাম ষ্টেট স্কুল এডুকেশ্যন ব’র্ড বিল-২০২৪” “দ্য দেউৰী অট’নমাছ কাউন্সিল (এমেণ্ডমেন্ট) বিল-২০২৪”, “দ্য সোণোৱাল কছাৰী অট’নমাছ কাউন্সিল (এমেণ্ডমেন্ট) বিল-২০২৪” “দ্য তিৱা অট’নমাছ কাউন্সিল (এমেণ্ডমেন্ট) বিল-২০২৪” খন উত্থাপন কৰে ।
ইপিনে বিধানসভাত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম (কনিষ্ঠ)য়ে অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য্য পৰিচালনাৰ নিয়মাৱলীৰ ৫৪ নং নিয়মৰ অধীনত অসমত ২৭ লাখ মানুহ আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ” শীর্ষক বিষয়টো উত্থাপনৰ জৰিয়তে গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি ভাষণ দিয়ে ।