শিলচৰ:কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণাৰ পাছতেই ধলাই বিজেপিত আৰম্ভ হৈছে বিদ্ৰোহ । টিকট বঞ্চিত কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি অমিয়কান্তি দাসৰ পদত্যাগৰ পাছতেই ধলাই বিজেপিত এই বিদ্ৰোহৰ সূচনা হৈছে । কেৱল সেয়াই নহয়,পৰিমল শুক্লবৈদ্যক এশিকনি দিবলৈ সাজু হৈছে সদ্য় দলত্য়াগীসকল ।
বিজেপিয়ে অমিয়কান্তি দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত ধলাইত একেলগে দলত্যাগ কৰিলে ৫০০ নেতা-কৰ্মীয়ে । দলৰ টিকটৰ অন্যতম দাবীদাৰ তথা বিজেপিৰ কাছাৰ জিলা কমিটীৰ উপ-সভাপতি অমিয়কান্তি দাসৰ পদত্যাগৰ পাছতেই ক্ষোভৰ উদগীৰণ ঘটে । অমিয়কান্তি দাসক দলীয় প্ৰাৰ্থিত্ব প্ৰদানৰ পৰিৱৰ্তে বহিৰাগত নিহাৰ ৰঞ্জন দাসক বিজেপিৰ প্ৰাৰ্থিত্ব দিয়াৰ প্ৰতিবাদত ধলাইৰ এইসকল বিজেপিৰ নেতা-কৰ্মীয়ে দলৰ পৰা পদত্যাগ কৰে ।
পৰিমল শুক্লবৈদ্যক এশিকনি দিবলৈ সাজু
অমিয়কান্তি দাসৰ উপস্থিতিত সোমবাৰে ধলাই নতুন বজাৰত আয়োজিত এক সভাত পদত্যাগ কৰে বিজেপিৰ নেতা-কৰ্মীসকলে । অকল পদত্যাগ কৰাই নহয়, দলীয় প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত অমিয়কান্তি দাসক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি নিহাৰ ৰঞ্জন দাস আৰু সাংসদ পৰিমল শুক্লবৈদ্যক এশিকনি দিবলৈ সাজু হৈছে ধলাই বিজেপিৰ একাংশ ।
নিহাৰ ৰঞ্জন দাসৰ পিতৃ-মাতৃ আছে বাংলাদেশত