অসম

assam

ETV Bharat / photos

কোন কোন চেলিব্ৰিটিৰ প্ৰাণ কাঢ়িছিল কেন্সাৰে ? - কেন্সাৰত মৃত্যু হোৱা তাৰকা

World Cancer Day 2024: আজি ৪ ফেব্ৰুৱাৰী অৰ্থাৎ বিশ্ব কৰ্কট ৰোগ দিৱস ৷ কৰ্কট ৰোগ এনে এক ৰোগ যাৰ বিৰুদ্ধে যুঁজি জয়ী হোৱাটো অতি কঠিন ৷ এই কাৰণেই আমি বলীউডৰ ১০ জন প্ৰবীণ তাৰকাকো হেৰুৱাইছো ৷ আহক জানো এই তাৰকাসমূহ নো কোন-

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 6:08 AM IST

বাবু মশাই নামেৰে জনপ্ৰিয় ৰাজেশ খান্নাই ২০১২ চনৰ ১৮ জুলাইত কৰ্কট ৰোগত আক্ৰান্ত হৈ নিজৰ প্ৰাণ হেৰুৱাইছিল ৷
বলীউডৰ অন্যতম প্ৰবীণ অভিনেতা ঋষি কাপুৰো লিউকেমিয়া কেন্সাৰৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিলে৷ অৱশেষত জীৱন যুঁজত হাৰ মানি 2020 চনত তেওঁ মৃত্যুক সাৱটি লয় ৷
চকুৰেই অভিনয় কৰাত পাৰ্গত ইৰফান খানক কোনেনো পাহৰিব পাৰে৷ কলন কেন্সাৰত আক্ৰান্ত হৈ ২০২০ চনত হঠাতে এই পৃথিৱীৰ পৰা তেওঁ বিদায় মাগে৷
ভাৰতীয় ছবিত ইংৰাজৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা টম অলটাৰো ২০১৭ চনত ছালৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় ৷
বলীউডৰ অভিনেত্ৰী ডিম্পল কাপাডিয়াৰ কনিষ্ঠ ভগ্নী চিম্পল কাপাডিয়াইও তিনি বছৰ কৰ্কট ৰোগৰ সৈতে যুঁজিছিল ৷ এই যুদ্ধত তেওঁ ৫১ সংখ্যক জন্মদিনত পৰাস্ত হৈছিল৷
ইংলিছ-ভিংলিছকে ধৰি বহু ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰা সুজাতা কুমাৰেও মেটাষ্টিক কেন্সাৰত আক্ৰান্ত হৈ অৱশেষত 2018 চনত তেওঁৰ মৃত্যু হয়৷
বলীউডৰ মোহময়ী অভিনেত্ৰী নৰ্গিছে পেনক্ৰিয়াচ কেন্সাৰৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিলে৷ ইয়াৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে তেওঁ ১৯৮১ চনৰ ৩ মে’ত তেওঁ মৃত্যুক সাৱটিবলগীয়া হয়৷
নিজৰ সংগীতেৰে সকলোৰে হৃদয় স্পৰ্শ কৰা আদেশ শ্ৰীবাস্তৱো কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷ ২০১৫ চনত তেওঁৰ এই পৃথিৱীৰ পৰা তেওঁ বিদায় লৈছিল ৷
অভিনেতা ফিৰোজ খানো হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷ জীৱনৰ শেষ মুহূৰ্তবোৰ তেওঁ বেংগালুৰুত কটায় আৰু ২০০৯ চনৰ ২৭ এপ্ৰিলত তেওঁ ইহলীলা সম্বৰণ কৰে ৷
নায়ক আৰু খলনায়ক দুয়োটা চৰিত্ৰতে অভিনয় কৰা বিনোদ খান্নাই ২০১৭ চনৰ ২৭ এপ্ৰিলত তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ কৰুণ মৃত্যুক সাৱটি লয় ৷

ABOUT THE AUTHOR

...view details