অসম

assam

ETV Bharat / photos

শীতকালত আপোনাৰ পাকঘৰত উপলব্ধ এই সামগ্ৰীয়ে দূৰ কৰিব ছালৰ সমস্যা

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 2:30 PM IST

Winter Skin Care Tips: বতৰ দ্ৰুতগতিত সলনি হ’লে ইয়াৰ প্ৰভাৱ আমাৰ মুখমণ্ডলত পৰিবলৈ আৰম্ভ কৰে ৷ প্ৰদূষণ, বতাহত আৰ্দ্ৰতা আৰু প্ৰবল সূৰ্যৰ তাপৰ ফলত কেৱল আমাৰ শৰীৰতেই নহয় আমাৰ ছালতো ইয়াৰ প্ৰভাৱ পৰে ৷ সেয়ে শীতকালত আপোনাৰ ছালখনক সুস্থ কৰি ৰাখিবলৈ আপোনাৰ পাকঘৰতে উপলব্ধ এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে ৷
প্ৰদূষণ, বতাহত আৰ্দ্ৰতা আৰু প্ৰবল সূৰ্যৰ তাপৰ ফলত ছালত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে ৷ শীতকালত আপোনাৰ পাকঘৰত উপলব্ধ এই সামগ্ৰীবোৰ দূৰ কৰিব ছালৰ সমস্যা ৷
টেঙা ফল: কমলা আৰু নেমু, মৌচুমীৰ দৰে টেঙা ফলত থকা এন্টিঅক্সিডেন্টে মৃত ছালৰ কোষ পৰিষ্কাৰ কৰি নতুন ছালৰ কোষ সৃষ্টি কৰাত সহায় কৰিব পাৰে ৷
মাছ: ছালৰ বাবে ওমেগা-৩ ফেটি এচিড অতি লাগতিয়াল ৷ ই ছালক ভিতৰৰ পৰা মেৰামতি কৰে ৷ ইয়াৰ উপৰিও মাছে ছালখনক উজ্জ্বল কৰাত সহায় কৰে ৷
সেউজীয়া পাতৰ শাক-পাচলি : শীতকালত সেউজীয়া পাতৰ পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে ৷ সেউজীয়া শাক-পাচলিত ফ’লেট পোৱা যায়, যিয়ে নতুন ছালৰ কোষ গঠন কৰে ৷
বিলাহী: শীতকালত পিম্পলছ আৰু ব্ৰণৰ পৰা ক’লা দাগৰ দৰে সমস্যা ছালত দেখা দিয়ে ৷ এই সকলোবোৰ সমস্যাৰ পৰা সকাহ পাবলৈ ছালত বিলাহী লগাব লাগে ৷
এভোকেডো: এভোকেডোত ভিটামিন চি আৰু ই থাকে ৷ ভিটামিন চিয়ে হাইপাৰপিগমেণ্টেচনৰ দৰে সমস্যাও দূৰ কৰাত সহায় কৰে, যাৰ ফলত মুখৰ ফ্ৰেকল আৰু দাগ কমায় ৷
মিঠা মৌ:মৌ আপোনাৰ ছালৰ বাবে লাভদায়ক । শীতকালত মুখ পৰিষ্কাৰ কৰিবলৈ মৌ ব্যৱহাৰ কৰিব পাৰে । ই একজিমা আৰু চ’ৰিয়াচিছৰ দৰে সমস্যা দূৰ কৰে ।
তিয়ঁহ: শীতকালত তিয়ঁহক ছালৰ ৰক্ষক হিচাপে ইয়াৰ গণ্য কৰা হয় । তিয়ঁহত প্ৰচুৰ পৰিমাণে পানী থাকে যিয়ে শুকান ছালৰ সমস্য়া দূৰ কৰাত সহায় কৰে ।

ABOUT THE AUTHOR

...view details