আইৰণ এবিধ অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান । শাৰীৰিক প্ৰক্ৰিয়াৰ স্বাভাৱিক কাৰ্যক্ষমতা বজাই ৰাখিবলৈ শৰীৰক ইয়াৰ প্ৰয়োজন । যেনে ৰক্তকণিকাৰ পৰা হিম’গ্লবিনৰ ৰূপত অক্সিজেন যোগান ধৰা ।. বৰ্তমান মানুহে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবে মানুহৰ শৰীৰত তেজৰ অভাৱ হৈছে ।. সেয়ে আজি আমি আপোনালোকক ক’বলৈ ওলাইছো যে আপুনি আপোনাৰ দৈনন্দিন খাদ্য তালিকাত কোনবোৰ বস্তু অন্তৰ্ভুক্ত কৰি শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিব পাৰে ।. বিটত যথেষ্ট পৰিমাণে আইৰণ থাকে সেয়ে দৈনিক খাদ্য তালিকাত বিট অন্তৰ্ভুক্ত কৰিলে শৰীৰত তেজৰ অভাৱ দূৰ কৰিব পৰা যায় ৷. পালেং শাক সপ্তাহত ৩ বাৰ খাব লাগে । ইয়াৰ ফলত শৰীৰে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি আৰু ফলেটৰ ভাল উৎস লাভ কৰে ৷. শীতকালত বহুলোকে মিঠা আলু খাই ভাল পায় । ইয়াক খালে শৰীৰৰ আধা ৰোগ নিৰাময় হোৱাৰ লগতে ই আপোনাৰ শৰীত তেজৰ অভাৱ দূৰ কৰে ৷. প্ৰতিদিনে গাজৰ খাব লাগে । ইয়াক খালে আপোনাৰ দৃষ্টিশক্তিও উন্নত হয় আৰু শৰীৰত তেজৰ অভাৱো পূৰণ হয় ।. ডালিমে আপোনাৰ শৰীৰত তেজ বৃদ্ধি কৰাৰ কাম কৰে । ডালিম খালে শৰীৰৰ ৰক্তসঞ্চালন যথেষ্ট উন্নত হয় । সেয়েহে ইয়াক দৈনিক সেৱন কৰিব লাগে ।