অসম

assam

এটা বছৰ ধৰি অশান্তজৰ্জৰ- যুদ্ধ বিধ্বস্ত পশ্চিম এছিয়া ! - ISRAEL IRAN CONFLICT

পশ্চিম এছিয়া অশান্ত ৷ ইজৰাইল-ইৰাণৰ মাজৰ সংঘৰ্ষই প্ৰভাৱিত কৰিব মধ্য প্ৰাচ্যৰ লগতে বিশ্বৰ অৰ্থনীতি !

By Major General Harsha Kakar

Published : 4 hours ago

Published : 4 hours ago

ETV BHARAT
শুক্ৰবাৰে লেবাননৰ চহৰ বেইৰুটৰ দাহিয়েহত ইজৰাইলী বিমান আক্ৰমণৰ ফলত আঘাত প্ৰাপ্ত এটা অট্টালিকাৰ পৰা জুই আৰু ধোঁৱা ওলাই থকাৰ দৃশ্য, পিছফালে ৰফিক হাৰিৰি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ দেখা পোৱা গৈছে। (AP)

যোৱা বছৰৰ 7 অক্টোবৰৰ পৰা, পশ্চিম এছিয়া অশান্ত হৈ আছে। ইজৰাইলে হামাছ, হিজবুল্লাহ, হুথী আৰু ইৰাক আৰু ছিৰিয়াত বিয়পি থকা ইৰাণৰ বহুতো প্ৰতিনিধিৰ বিৰুদ্ধে যুঁজ দি আহিছে। 7 অক্টোবৰত হামাছৰ ইজৰাইলী নাগৰিকৰ ওপৰত কৰা আক্ৰমণ জুইৰ ফিৰিঙতিৰ দৰে আছিল।

ইজৰাইলে প্ৰথমতে গাজা অঞ্চলত হামাছৰ সৈতে মোকাবিলা কৰাটো বিচাৰিছিল, কিন্তু এই সংঘৰ্ষত হামাছৰ প্ৰতি হিজবুল্লাহৰ সমৰ্থনে এই যুদ্ধক লেবানন পৰ্যন্ত সম্প্ৰসাৰিত কৰিবলৈ ইজৰাইলক বাধ্য কৰিছিল। ইজৰাইলে এই বিবাদক স্থানীয় কৰি ৰখাৰ লক্ষ্যৰে ইয়াক ডাঙৰ কৰাৰ পৰা বিৰত আছিল যদিও এই গোটবোৰৰ প্ৰতি ইৰাণৰ স্পষ্ট সমৰ্থনে ইজৰাইলৰ আশংকা বৃদ্ধি কৰিছিল।

চলিত বৰ্ষৰ 1 এপ্ৰিলত ইজৰাইলে দামাস্কাছত ইৰাণৰ এটা কূটনৈতিক কেন্দ্ৰক লক্ষ্য কৰি চলোৱা আক্ৰমণত সাতজন ইৰানী আইআৰজিচি (ইছলামিক ৰিভলিউচনৰী গাৰ্ড কৰ্পছ) বিষয়াক হত্যা কৰে।

উত্তৰত ইৰাণে প্ৰতিশোধ ল'বলৈ বাধ্য হৈছিল। কাৰণ ইৰাণে এই আক্ৰমণক উপেক্ষা কৰিলে, এহাতে ই ইজৰাইলক উৎসাহিত কৰিলেহেঁতেন, আনহাতে ইৰাণৰ নেতৃত্বৰ দুৰ্বল স্থিতি প্ৰকাশ কৰিলেহেঁতেন। একেসময়তে, যদি আক্ৰমণটোৱে গুৰুতৰ ক্ষয়ক্ষতি কৰিলেহেঁতেন, ই এই সংঘৰ্ষটো অধিক সম্প্ৰসাৰিত কৰিলেহেঁতেন।

ইৰাণে 13 এপ্ৰিলত নিজৰ ভূখণ্ডৰ পৰা ইজৰাইলৰ দিশে ৩০০ তকৈও অধিক মিছাইল আৰু ড্ৰোন উৎক্ষেপণ কৰিছিল। তাৰ পূৰ্বে দেশখনে ইজৰাইলবাসীক পৰ্যাপ্ত সতৰ্কবাণী দিছিল আৰু লগতে কেৱল সামৰিক ঘাটিবোৰক হে লক্ষ্য কৰি লৈছিল। বিবাদ বঢ়োৱা এই আক্ৰমণৰ উদ্দেশ্য নাছিল, কিন্তু আভ্যন্তৰীণ চাপ কমাবলৈ, আৰু শলঠেকত পৰিলে যে দেশখনে প্ৰত্যাঘাতৰ বাবে সাজু সেই বাৰ্তা প্ৰেৰণ কৰিবলৈ এই আক্ৰমণ কৰা হৈছিল।

মঙলবাৰে গাজা ষ্ট্ৰিপৰ দেইৰ-আল-বালাহৰ পৰা দেখা পোৱা গৈছে ইৰাণৰ পৰা ইজৰাইলৰ দিশে ৰাতিৰ আকাশত মিছাইল উৎক্ষেপণ কৰা হৈছে (AP)

ইয়াৰে বেছিভাগ মিছাইল আৰু ড্ৰোন মাজ আকাশত উৰি থকা অৱস্থাতে ধ্বংস হৈছিল। তাৰ উত্তৰত ইজৰাইলে 19 এপ্ৰিলত, একেধৰণৰ সীমিত আক্ৰমণৰ দ্বাৰা প্ৰতিশোধ লয়, যাৰ ফলত ইৰাণৰ এছ-৩০০ মিছাইল প্ৰণালী ধ্বংস হয়, আনহাতে মানুহৰ হতাহতি পৰিহাৰ কৰা হয়। তেল আভিভে প্ৰেৰণ কৰা বাৰ্তাটো আছিল যে ভৱিষ্যতে এনে আক্ৰমণৰ লক্ষ্য হ'ব পাৰে ইৰাণৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থানবোৰ। তাৰ পিছতেই এই বিবাদৰ সমাপ্তি ঘটে।

শেহতীয়াকৈ লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ তথা হামাছ আৰু হিজবুল্লাহৰ শীৰ্ষ নেতাসকলৰ হত্যাৰ ঘটনাই পুনৰ ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনা বঢ়াই তুলিছে। তেহৰাণত হামাছৰ নেতা ইছমাইল হানিয়ে নিহত হোৱাৰ সময়ত ইৰাণে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। এইটোৱে সম্ভৱতঃ তেল আভিভক উৎসাহিত কৰিছিল। ইৰাণৰ ব্ৰিগেডিয়াৰ জেনেৰেল আব্বাছ নিলফৰুশানৰ সৈতে হিজবুল্লাহ নেতা হাছান নাছৰাল্লাহৰ হত্যাৰ লগতে লেবাননৰ ভূমিত ইজৰাইলৰ আক্ৰমণে হে ইৰাণক সক্ৰিয় কৰি তোলে। তেহৰাণ ইয়াৰ সহযোগীসকলৰ পৰা চাপৰ সন্মুখীন হৈ আছিল। কাৰ্যপন্থা লোৱাত ব্যৰ্থ হোৱাৰ অৰ্থ আছিল হিজবুল্লাহৰ ওপৰত নিয়ন্ত্ৰণ হেৰুওৱা।

যেতিয়া শান্তি আলোচনা চলি আছিল, লেবানন আৰু গাজাৰ বিৰুদ্ধে আক্ৰমণ বন্ধ কৰিবলৈ ইজৰাইলৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা কোনো চাপ নাছিল। ইজৰাইল আৰু হিজবুল্লাহ শান্তি চুক্তিৰ দুৱাৰদলিত আছিল বুলি তথ্য আছে। অৱশ্যে, ই ইজৰাইলৰ হিজবুল্লাহৰ ওপৰত আক্ৰমণত বাধা সৃষ্টি আৰু সামৰিক শক্তি হ্ৰাস কৰিলেহেঁতেন। এতিয়া এইটো স্পষ্ট হৈ পৰিছে যে শান্তি বজায় নাথাকিব। ইজৰাইলক ইয়াৰ আক্ৰমণ অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হৈছে কিয়নো 7 অক্টোবৰৰ আক্ৰমণৰ ফলত ইয়াৰ ক্ষতি হৈছে আৰু প্ৰত্যুত্তৰ দিয়াৰ অধিকাৰ আছে। একে সময়তে, ইৰাণক সংঘৰ্ষ সম্প্ৰসাৰিত কৰাৰ পৰা বিৰত ৰখা হৈছে।

জেৰুছালেমত ইৰাণৰ পৰা নিক্ষেপ কৰা মিছাইলৰ সতৰ্কবাণী হিচাপে চাইৰেনৰ বাজি উঠাৰ সময়ত শুনিছে জেৰুছালেমৰ আকাশত ৰকেট দেখা গৈছে (AP)

ইয়াৰ শেহতীয়া আক্ৰমণত, ৰাছিয়াৰ জৰিয়তে পশ্চিমলৈ আগতীয়া তথ্য প্ৰদান কৰি, ইৰাণে ইজৰাইলৰ সামৰিক ঘাটিত প্ৰায় 200 বেলিষ্টিক মিছাইল উৎক্ষেপণ কৰিছিল। এইবাৰ আগতীয়া সতৰ্কবাণীৰ সময়সীমা কেইঘণ্টামানৰ বাবে আছিল। বেছিভাগ মিছাইল মাজ আকাশতেই ধ্বংস হৈছিল। ইজৰাইলী সূত্ৰ অনুসৰি, দেশখনৰ সামান্য ভৌগলিক ক্ষতি হৈছিল। তেহৰানে কৈছিল যে সংঘৰ্ষটো সম্প্ৰসাৰিত কৰাৰ ইয়াৰ কোনো অভিপ্ৰায় নাই আৰু ইজৰাইলে প্ৰত্যাঘাত কৰিলেহে ই উত্তৰ দিব। ইৰাণে জ্ঞাত যে ইয়াৰ সামৰিক শক্তি পশ্চিম সমৰ্থিত ইজৰাইলতকৈ দুৰ্বল। ইৰাণৰ ওচৰত কেৱল ৰাছিয়া আৰু চীনৰ কূটনৈতিক সমৰ্থন হে আছে।

ইজৰাইল প্ৰতিশোধ লোৱাৰ বাবে উদগ্ৰীব। যদিও আমেৰিকাই দাবী কৰে যে ইজৰাইলৰ প্ৰতিশোধ লোৱাৰ অধিকাৰ আছে, ই ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহক লক্ষ্য কৰি লোৱাৰ অনুমোদন দিয়া নাই, যিটো সদায় ইৰাণক ধ্বংস কৰিবলৈ সংকল্পবদ্ধ ইজৰাইলী প্ৰধানমন্ত্ৰী নেতান্যাহুৰ বাবে এক চিন্তাৰ বিষয় হৈ আছে । শেহতীয়াকৈ নেতান্যাহুৱে উল্লেখ কৰিছিল, 'ইৰাণে আজি ৰাতি এটা ডাঙৰ ভুল কৰিলে - আৰু ই ইয়াৰ বাবে মূল্য পৰিশোধ কৰিব লাগিব।'

মঙলবাৰে ইৰাণৰ তেহৰাণৰ ফেলেষ্টিন (পেলেষ্টাইন) স্কোৱেৰত ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ মিছাইল আক্ৰমণ উদযাপন কৰা ইজৰাইল বিৰোধী সমাৱেশত নিহত হিজবুল্লাহ নেতা হাছান নাছৰাল্লাহ আৰু এখন মছজিদৰ মিনাৰৰ প্ৰতিকৃতিৰ কাষত আতচবাজীৰ দৃশ্য (AP)

যদিও ইজৰাইলৰ এক শক্তিশালী সামৰিক বাহিনী থাকিব পাৰে কিন্তু এখন সৰু ৰাষ্ট্ৰ হোৱাৰ বাবে কৌশলগত গভীৰতাৰ অভাৱ আছে আৰু সেয়েহে দেশখনে অভিযানবোৰ ইয়াৰ ভূখণ্ডৰ পৰা আঁতৰাই ৰখাৰ লগতে বাফাৰ জোনবোৰ সম্প্ৰসাৰিত কৰাটো পছন্দ কৰে। লেবাননত ইয়াৰ বৰ্তমানৰ কাৰ্যকলাপৰ উদ্দেশ্য হৈছে সীমান্তৰ ওচৰত বাস কৰা ইয়াৰ জনসংখ্যাক সুৰক্ষিত কৰাৰ বাবে এটা বাফাৰ জোন সৃষ্টি কৰা।

যদিও ইৰাণ ভৌগলিক আকাৰত ডাঙৰ, ইয়াৰ কাৰ্যকলাপবোৰৰ ফলত, বেছিভাগ আৰৱ ৰাষ্ট্ৰৰ সৈতে দেশখনৰ সম্পৰ্কত দূৰত্ব আহি পৰিছে আৰু সেয়েহে ইয়াৰ ভূমিত ইজৰাইলী আক্ৰমণৰ ক্ষেত্ৰত ইৰাণে তেওঁলোকৰ পৰা কোনো সহানুভূতি বা সমৰ্থন লাভ কৰাৰ সম্ভাৱনা নাই। পূৰ্বে ইয়াৰ সহযোগীবোৰে চৌদি আৰৱ আৰু ইউ.এ.ই.ৰ তৈল ক্ষেত্ৰসমূহক লক্ষ্য কৰি লৈছিল। তেহৰানে হয়তো ৰিয়াধৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰিছে, কিন্তু দূৰত্ব কমা নাই। কোনো ৰাষ্ট্ৰই ইয়াৰ সমৰ্থনলৈ অহাৰ সম্ভাৱনা নাই। ভাৰতত ইৰাণৰ ৰাষ্ট্ৰদূতে কৈছিল যে যিহেতু ভাৰতৰ ইৰাণ আৰু ইজৰাইল দুয়োৰে সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে, সেয়েহে ই 'ইজৰাইলক যুদ্ধ বন্ধ কৰিবলৈ সৈমান কৰিব পাৰে।'

ইজৰাইলৰ ৰোশ হায়িনত মঙলবাৰে ইৰাণৰ পৰা ৰকেট নিক্ষেপ কৰাৰ পিছত ইজৰাইলীসকলে তেওঁলোকৰ বাছত পুনৰ উঠিবলৈ অপেক্ষা কৰাৰ মূহুৰ্ত (AP)

তদুপৰি, ইৰাণে নিজৰ সীমাবদ্ধতাৰ বিষয়ে অৱগত হোৱা কাৰণে কেতিয়াও ইজৰাইলৰ সৈতে সংঘৰ্ষ বিচৰা নাই। ইয়াৰ উদ্দেশ্য কেৱল ইয়াৰ প্ৰক্সিৰ জৰিয়তে মিছাইল আৰু ড্ৰোন আক্ৰমণৰ দ্বাৰা ইজৰাইলৰ ৰক্তক্ষৰণ কৰা। সেয়েহে, যেতিয়া ইজৰাইলে গাজাত হামাছক উৎখাত কৰি আছিল, ইৰাণ বা হিজবুল্লাহ কোনোৱেই সংঘাতৰ এক নতুন পথ মুকলি কৰা নাছিল । তেওঁলোকে কেৱল ইজৰাইলক চাপত ৰাখিবলৈ ৰকেট উৎক্ষেপণ কৰিছিল।

তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰকো সংঘৰ্ষৰ মাজলৈ টানিব খোজা নাছিল। ইজৰাইলে এই দুৰ্বলতাৰ সুযোগ লয় আৰু গাজাৰ নিয়ন্ত্ৰণ লাভ আৰু হামাছ মুখ্যতঃ দুৰ্বল হৈ পৰাৰ পিছত হিজবুল্লাহৰ সৈতে সংঘৰ্ষ বৃদ্ধি কৰে। গাজা এতিয়াও জ্বলি থকাৰ সময়ত, হিজবুল্লাহৰ ওপৰত ইজৰাইলৰ আক্ৰমণ সফল হ'ব নে নাই সেয়া অজ্ঞাত। ইয়াৰ আগৰ প্ৰচেষ্টা বিফল হৈছিল।

তদুপৰি, তেহৰাণত শাসন পৰিৱৰ্তন কেৱল ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবেই নহয়, অঞ্চলটোৰ বাবেও দীৰ্ঘম্যাদী সময়ত লাভজনক হ'ব বুলি গ্ৰহণযোগ্যতাই দেখা দিছে। কিন্তু সেয়া সহজে হোৱাৰ সম্ভাৱনা নাই, যদিও নেতান্য়াহুৱে তেনে ইংগিত দি আহিছে।

অৱশ্যে, যদি ইজৰাইলৰ প্ৰত্যক্ৰমণে ইৰাণৰ কৌশলগত সম্পদবোৰৰ গুৰুতৰ ক্ষতি কৰে, তেহৰাণৰ পশ্চিম এছিয়াত অস্থিৰতা সৃষ্টি কৰাৰ ক্ষমতা আছে। ইয়াৰ সহযোগী বা ইৰাণে নিজেই অঞ্চলটোত তেলৰ ভাণ্ডাৰ লক্ষ্য কৰিব ল’ব পাৰে, যাৰ ফলত বিশ্ব অৰ্থনীতি প্ৰভাৱিত হ'ব পাৰে। আনহাতে, ইজৰাইল চৌদিশৰ পৰা ব্যস্ত। ই হিজবুল্লাহ আৰু হুথীসকলৰ ওপৰি ক্ৰমাৎ নিস্তেজ হৈ পৰা হামাছৰ সৈতেও যুঁজি আছে। নেতান্য়াহুৱে বিমান আক্ৰমণ আৰু পেজাৰ বিস্ফোৰণৰ দ্বাৰা হিজবুল্লাহক আঘাত কৰিব পাৰে কিন্তু হিজবুল্লাহ সম্পূৰ্ণ নিঃশেষ হোৱাৰ পৰা এতিয়াও বহু দূৰত ।

এই পৰিস্থিতিত, ইজৰাইলে ইৰাণৰ বিৰুদ্ধে আকাশী যুদ্ধ আৰম্ভ কৰিব নোৱাৰে। অৱশ্যে, তেল আভিভে ইৰাণৰ কাৰ্যকলাপৰ প্ৰতিশোধ ল'ব লাগিব নহ'লে ই এটা ভুল বাৰ্তা প্ৰেৰণ কৰিব। প্ৰতিশোধৰ প্ৰকৃতিয়ে বিবাদটো সম্প্ৰসাৰিত কৰা বা ইয়াক সীমাবদ্ধ কৰি ৰখাৰ অভিপ্ৰায় নিৰ্ধাৰণ কৰিব। ইজৰাইলে ইয়াৰ আক্ৰমণৰ পৰিকল্পনা কৰাৰ লগে লগে তাৰ প্ৰতি বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে। এটা বৰ্ধিত সংঘৰ্ষই তেলৰ পৰিবহন ব্যৱস্থাক হানি কৰি বিশ্বৰ অৰ্থনীতিক প্ৰভাৱিত কৰিব পাৰে।

ভাৰতে ইৰাণৰ চাবাহাৰ বন্দৰ বিকাশ কৰি আছে। এইটো ইজৰাইলৰ লক্ষ্য হোৱাৰ সম্ভাৱনা নাই। এতিয়ালৈকে, ভাৰতে সংঘৰ্ষত কোনো পক্ষৰ বিৰুদ্ধে মন্তব্য দিয়াৰ পৰা বিৰত আছে কিন্তু আলোচনা আৰু সংযম বিচাৰিছে। আগন্তুক সপ্তাহটোৱে নিৰ্ধাৰণ কৰিব যে পশ্চিম এছিয়াৰ পৰিস্থিতি কোনদিশে গতি কৰিব।

(Disclaimer: এই প্ৰবন্ধত প্ৰকাশ কৰা মতামতবোৰ লেখকৰ। ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতই ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে)

লগতে পঢ়ক: পেজাৰ, ৱাক-টকী বিস্ফোৰণ; হাইব্ৰিড যুদ্ধৰ ইংগিত নেকি ? - Hybrid War

ABOUT THE AUTHOR

...view details