অসম

assam

ETV Bharat / opinion

উচ্চ শিক্ষানুষ্ঠানসমূহত একাধিক প্ৰৱেশ একাধিক প্ৰস্থান কাৰ্যকৰী কৰা কঠিন

MEME : উচ্চ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰস্তাৱ কৰা এম ই এম ই সন্দৰ্ভত মিলিন্দ কুমাৰ শৰ্মাৰ বিশ্লেষণ ।

National Education Policy 2020
উচ্চ শিক্ষানুষ্ঠানসমূহত 'একাধিক প্ৰৱেশ একাধিক প্ৰস্থান' কাৰ্যকৰী কৰা কঠিন (ETV Bharat)

By Milind Kumar Sharma

Published : Oct 26, 2024, 2:19 PM IST

বিশেষ প্ৰতিবেদন : ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি), 2020-ত এক বিশেষত্ব হিচাপে ‘‘একাধিক প্ৰৱেশ আৰু একাধিক প্ৰস্থান’’ (Multiple Entry and Multiple Exit, MEME) প্ৰবৰ্তন কৰা হৈছিল । ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাক সহজ, সামগ্ৰিক, বৈচিত্ৰ্যপূৰ্ণ, শিক্ষাৰ্থীকেন্দ্ৰিক, নমনীয় আৰু বিশ্বজনীন সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ সৈতে সংযোজিত কৰা ।

"এন ই পি, ২০২০-এ অন্যান্য বিষয়ৰ লগতে শিক্ষাৰ্থীসকলক অধ্যয়ন আৰু শৈক্ষিক পথৰ বাবে বিষয় বাছনিৰ ক্ষেত্ৰত নমনীয়তা প্ৰদান কৰি উচ্চ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰিব বিচাৰিছে । অধ্যয়নৰ বাবে একাধিক প্ৰৱেশ আৰু প্ৰস্থান ব্যৱস্থাৰ সৈতে শিক্ষা ব্যৱস্থাৰ এক সৃষ্টিশীল সংমিশ্ৰণ হৈছে এন ই পি, 2020-ৰ অন্যতম মুখ্য পৰামৰ্শ ।" যোৱা বছৰ শীতকালীন অধিবেশনৰ সময়ত লোকসভাত এক প্ৰশ্নৰ উত্তৰত তদানীন্তন শিক্ষামন্ত্ৰী সুভাষ সৰকাৰে কয় ।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰোধিতাৰে প্ৰতিবাদ (ETV Bharat)

এলুৰুৰ (অন্ধ্ৰপ্ৰদেশ) সাংসদ শ্ৰীধৰ কোটাগিৰিৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ এই কথা কয় । প্ৰশ্নকৰ্তাই জানিব বিচাৰিছিল যে চৰকাৰে কেইবাটাও ক্ষেত্ৰত এম ই এম ই পৰিচালনাৰ বাধা সমাধানৰ বাবে এন ই পিত একাধিক প্ৰৱেশ আৰু একাধিক প্ৰস্থানৰ (এম ই এম ই) বাবে নতুন বিকল্প বিকশিত কৰাৰ কথা বিবেচনা কৰিছে নেকি ।

সৰকাৰে এই বিষয়ে সঠিকভাৱে বুজিবৰ বাবে এম ই এম ই আঁচনি সন্দৰ্ভত বিশ্ববিদ্যালয় অনুদান আয়োগে জাৰি কৰা বিস্তৃত নিৰ্দেশনাৰ কথাও উল্লেখ কৰিছিল ।

গণতন্ত্ৰ দিৱসৰ পেৰেডত নতুন শিক্ষা ব্যৱস্থাৰ প্ৰতীকী প্ৰদৰ্শন (ETV Bharat)

ইয়াৰ উদ্দেশ্য কি ?

ইউ জি চিৰ নিৰ্দেশনাৱলীয়ে ইয়াৰ উদ্দেশ্যৰ বিবৃতিত সাতটা মুখ্য দিশক ইয়াৰ কাৰণ হিচাপে উল্লেখ কৰিছে, যাৰ বাবে এম ই এম ইয়ে কাম কৰিব । বিবৃতিটোত কোৱা হৈছে যে ই শিক্ষাৰ্থীসকলৰ বাবে কঠিন সীমা আঁতৰ কৰিব আৰু নতুন সম্ভাৱনাৰ সুবিধা প্ৰদান কৰিব । আনহাতে, ড্ৰপআউটৰ হাৰ হ্ৰাস কৰা আৰু জি ই আৰ (GER, Gross Enrolment Ratio) উন্নত কৰাৰ ওপৰত কাম কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ETV Bharat)

এম ই এম ইয়ে অধ্যয়নৰ শাখাবোৰৰ সৃষ্টিশীল সংমিশ্ৰণ আগবঢ়াব । ই শিক্ষাৰ্থীসকলক পাঠ্যক্ৰম আৰু নতুন পাঠ্যক্ৰমৰ বিকল্পত নমনীয়তা প্ৰদান কৰিব, লগতে স্নাতকোত্তৰ কাৰ্যসূচীৰ নিৰ্দিষ্ট বিশেষত্ব আৰু বিভিন্ন ডিজাইনৰ অনুশাসন প্ৰদান কৰিব ।

আঁচনিখনে ডিগ্ৰী প্ৰদানৰ বাবে অনানুষ্ঠানিক শিক্ষাৰ মূল্যাংকন আৰু বৈধতাৰ ব্যৱস্থাৰ সৈতে ক্ৰেডিট সংগ্ৰহ আৰু স্থানান্তৰৰ ব্যৱস্থা কৰিব আৰু জীৱনজোৰা শিক্ষাক উৎসাহিত কৰিব । আনহাতে, শিক্ষাৰ্থীয়ে অধ্যয়নৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰিলে অৰ্জন কৰা ক্ৰেডিট ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব ।

গৃহমন্ত্ৰী অমিত শ্বাহ (ETV Bharat)

যদিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহত এন ই পি ৰূপায়ণৰ কেইবাটাও বিশেষত্বৰ বাবে জোৰ দি আছে, উচ্চ শিক্ষানুষ্ঠানসমূহত এম ই এম ই বিকল্পৰ ৰূপায়ণ হৈছে এক কল্পনা । ই কেইবাটাও বাধাৰ সন্মুখীন হ'ব । সেইবোৰ আলোচনা কৰো আহক ।

পাঠ্যক্ৰম পুনৰ্গঠন

শিক্ষা প্ৰতিষ্ঠানবোৰে নমনীয় আৰু মডুলাৰ পাঠ্যক্ৰম আগবঢ়োৱাৰ বাবে তেওঁলোকৰ পাঠ্যক্ৰম পুনৰ গঠন কৰিব লাগিব । ইয়াৰ বাবে শৈক্ষিক কাৰ্যসূচীবোৰত এক বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন আৰু পৰম্পৰাগত ডিগ্ৰী কাৰ্যসূচীবোৰ সৰু, ষ্টেকেবল চাৰ্টিফিকেট আৰু ডিপ্ল'মালৈ পৰিৱৰ্তন কৰা প্ৰয়োজন, শিক্ষাৰ্থীসকলক বিভিন্ন পৰ্যায়ত প্ৰস্থান আৰু পুনৰ প্ৰৱেশ কৰিবলৈ অনুমতি দিয়াৰ প্ৰয়োজন । স্থিৰ গাঁথনি আৰু অখণ্ড পাঠ্যক্ৰম থকা প্ৰতিষ্ঠানসমূহৰ বাবে এইটো এটা জটিল কাম হ'ব পাৰে ।

ক্ৰেডিট ট্ৰেন্সফাৰ ছিষ্টেম

এম ই এম ই শক্তিশালী ‘‘একাডেমিক বেংক অব ক্ৰেডিট’’ৰ (Academic Bank of Credits, ABC) ওপৰত নিৰ্ভৰ কৰে, য'ত শিক্ষাৰ্থীসকলে প্ৰতিষ্ঠানবোৰত ক্ৰেডিট জমা আৰু স্থানান্তৰ কৰিব পাৰে । সাৰ্বজনীনভাৱে গ্ৰহণ কৰা এক বিস্তৃত আৰু স্বচ্ছ ক্ৰেডিট স্থানান্তৰ ব্যৱস্থা বিকশিত আৰু পৰিচালনা কৰাত লজিষ্টিক আৰু প্ৰশাসনিক বাধা আহি পৰে ।

ইয়াৰ উপৰি বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁলোকৰ শৈক্ষিক কাৰ্যসূচীৰ বাবে আগবঢ়োৱা বিষয়বোৰৰ বাবে বিভিন্ন ক্ৰেডিট ব্যৱস্থা গ্ৰহণ কৰে । এটা বিষয়ৰ বাবে ক্ৰেডিট মূল্য ৰাষ্ট্ৰীয়ভাৱে সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানত একে হ'ব নোৱাৰে ।

ফেকাল্টি প্ৰশিক্ষণ আৰু প্ৰশাসনিক প্ৰত্যাহ্বান

ইতিমধ্যে শিক্ষণ ফেকাল্টিৰ অভাৱত বাধাগ্ৰস্ত উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰে নতুন শিক্ষণ পদ্ধতি আৰু মূল্যাঙ্কন প্ৰকাৰৰ সৈতে খাপ খাব লাগিব, যিবোৰ পৰম্পৰাগত আৰ্হিবোৰতকৈ যথেষ্ট পৃথক হ'ব পাৰে । তদুপৰি, বিভিন্ন সময়ত প্ৰৱেশ কৰা আৰু প্ৰস্থান কৰা শিক্ষাৰ্থীসকলক পৰিচালনা কৰিব লাগিলে ফেকাল্টিৰ কামৰ বোজা বৃদ্ধি হ'ব পাৰে । যাৰ ফলত ব্যক্তিগত মনোযোগ নিশ্চিত কৰাটো অধিক কঠিন হৈ পৰিব পাৰে ।

পাঠ্যক্ৰমৰ ভিতৰত আৰু বাহিৰত শিক্ষাৰ্থীসকলৰ সঘন চলাচলৰ বাবে প্ৰশাসনিক ব্যৱস্থাৰ পৰা অধিক সুবিধা দাবী কৰে । যেনে শিক্ষাৰ্থীৰ ৰেকৰ্ড ব্যৱস্থাপনা, মাচুল গাঁথনি আৰু শিক্ষাৰ্থীৰ প্ৰগতি অনুসৰণ কৰা । প্ৰতিষ্ঠানসমূহে এই জটিলতাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰযুক্তি আৰু কৰ্মচাৰীসকলৰ ওপৰত বিনিয়োগ কৰিব লাগিব পাৰে ।

উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ অভাৱ

উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ অৰ্থনৈতিক অৱস্থা, বিশেষকৈ ৰাজ্যিক অনুদানপ্ৰাপ্ত বিশ্ববিদ্যালয়বোৰৰ ক্ষেত্ৰত কাৰো বাবে গোপনীয় নহয় । কাৰণ কৰ্মচাৰীসকলক পেঞ্চনৰ লাভালাভ আৰু দৰমহা পৰিশোধ কৰিবলৈও এইবোৰে সংগ্ৰাম কৰি আছে । নমনীয় পাঠ্যক্ৰম প্ৰদান কৰাৰ বাবে আন্তঃগাঁথনিৰ (কঠিন আৰু কোমল দুয়োটা) প্ৰয়োজন হয় ৷ যেনে অতিৰিক্ত ফেকাল্টি, শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, কৰ্মশালা আৰু প্ৰশাসনিক সমৰ্থন ।

সম্পদ-সীমাবদ্ধ উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি প্ৰদান কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে । উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতি চৰকাৰৰ অনীহামূলক মনোভাবেই এই পৰিস্থিতিটো কঢ়িয়াই আনিছে ।

নিয়োগকৰ্তাৰ দ্বাৰা স্বীকৃতি আৰু নিযুক্তি প্ৰত্যাহ্বান

যদিও এম এ আই এম ইয়ে শিক্ষাৰ্থীসকলক এটা কাৰ্যসূচীৰ পৰা প্ৰস্থান কৰাৰ পিচত চাৰ্টিফিকেট বা ডিপ্ল'মা লাভ কৰিবলৈ অনুমতি দিয়ে, এই প্ৰমাণপত্ৰবোৰ নিয়োগকৰ্তাসকলে ব্যাপকভাৱে গ্ৰহণ কৰিবনে নাই সেয়া অনিশ্চিত । বিশেষকৈ পেছাদাৰী ক্ষেত্ৰত, য'ত পৰম্পৰাগতভাৱে সম্পূৰ্ণ ডিগ্ৰীৰ প্ৰয়োজন হয় ।

আগবঢ়াৰ পথ

এই প্ৰত্যাহ্বানবোৰে পৰামৰ্শ দিয়ে যে যদিও এম ই এম ই ব্যৱস্থাত উচ্চ শিক্ষাৰ নমনীয়তা আৰু প্ৰৱেশাধিকাৰ উন্নত কৰাৰ সম্ভাৱনা আছে, ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে বৰ্তমানৰ প্ৰচলিত ব্যৱস্থা, মানসিকতা আৰু সম্পদৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ প্ৰয়োজন । সৰ্বোপৰি ইয়াক সকলো উচ্চ শিক্ষানুষ্ঠানত এক অভিন্ন পাঠ্যক্ৰম আৰু ক্ৰেডিট আঁচনি নীতিৰ প্ৰয়োজন, যিয়ে সেইবোৰৰ স্বতন্ত্ৰতাৰ সৈতে অধিক আপোচ কৰে আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰোধ মাতি আনিব পাৰে ।

খৰখেদা পদ্ধতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে প্ৰাৰম্ভিক পৰ্যায়ত কিছুমান সীমিত স্নাতকোত্তৰ কাৰ্যসূচীত এম ই এম ই কাৰ্যকৰী কৰাটো অতি প্ৰয়োজনীয়, য'ত নামভৰ্তি তুলনামূলকভাৱে কম । কিয়নো এক পাইলট প্ৰকল্প আৰু তাৰ পিচত লাভ কৰা অভিজ্ঞতাবোৰে সকলো অংশীদাৰৰ স্বাৰ্থ সুৰক্ষা কৰাৰ সময়ত ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰিব পাৰে ।

লগতে পঢ়ক :আত্মসন্মান আন্দোলন : সামাজিক ন্যায়ৰ এটা শতিকা আৰু বৰ্তমানো ইয়াৰ প্ৰাসংগিকতা
লগতে পঢ়ক :আৱশ্যকীয় হৈ পৰিছে দিল্লীৰ জীৱনৰেখা যমুনা নদীক পুনৰুজ্জীৱিত কৰা

ABOUT THE AUTHOR

...view details