অসম

assam

ETV Bharat / opinion

গণতন্ত্ৰ নে বিশৃংখলতাৰ দিশত বাংলাদেশ?

ব্ৰিগেডিয়াৰ ৰাকেশ ভাটিয়াই বাংলাদেশৰ উন্নয়ন আৰু দেশখন গণতন্ত্ৰৰ দিশে আগবাঢ়িছে নে বিশৃংখলতাৰ দিশে আগবাঢ়িছে সেই বিষয়ে লিখিছে।

ETV Bharat
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে বুধবাৰ, 13 নৱেম্বৰ, 2024 তাৰিখে আজাৰবাইজানৰ বাকুত চিঅ'পি29 ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত সংবাদ মাধ্যমৰ সদস্যসকলৰ সৈতে কথা পাতে (AP)

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 5:31 PM IST

বিশেষ প্ৰতিবেদন:বাংলাদেশ— ১৭৩ নিযুত জনসংখ্যাৰ এখন ৰাষ্ট্ৰ যি বৰ্তমান এক ঐতিহাসিক সন্ধিক্ষণত উপনীত। দেশখনে শেহতীয়াকৈ এক বিপ্লৱৰ মাজেৰে পাৰ হৈ যোৱাৰ পিচত এতিয়া ইয়াৰ দৃষ্টি অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সংস্কাৰৰ ওপৰত।বাংলাদেশে গণতন্ত্ৰ আৰু বিশৃংখলতাৰ মাজত সন্তৰ্পণে নিজৰ ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰি আছে।

বাংলাদেশে এই সময়ত এক গুৰুতৰ ৰাজনৈতিক উত্থান আৰু অৰ্থনৈতিক দুৰ্বলতাৰ মাজত অৱস্থান কৰি আছে। তাৰ সমান্তৰালকৈ ভাৰত তথা চীনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈকে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় শক্তিৰ এক জটিল আন্তঃক্ৰিয়া প্ৰদৰ্শিত হৈছে।

অভ্যুত্থান আৰু তাৰ পৰবৰ্তী ঘটনাক্ৰম

৫ আগষ্ট, ২০২৪, বাংলাদেশৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে লিপিবদ্ধ হৈ ৰ’ব। শ্বেখ হাছিনাৰ বিৰুদ্ধে স্বৈৰাচাৰী শাসনৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত দেশজুৰি প্ৰতিবাদ আৰম্ভ হয়। এই বিক্ষোভক ইন্ধন যোগাইছিল দুৰ্নীতি, ৰাজনৈতিক হিংসা আৰু প্ৰণালীগত অন্যায়ৰ বিৰুদ্ধে সৃষ্টি হোৱা হতাশাই। হাছিনাই আৰক্ষীক প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। বিশৃংখলতাৰ সৃষ্টি হয়: আৰক্ষী থানাসমূহ পৰিত্যক্ত কৰা হয়, আৰু হিংসাই ছানি ধৰে দেশখনক। শেহত অত্যধিক প্ৰতিৰোধৰ সন্মুখীন হৈ শ্বেখ হাছিনাই বাংলাদেশক ৰাজনৈতিক শূন্যাৱস্থাত পেলাই থৈ ভাৰতলৈ পলায়ন কৰে।

ফাইল - প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৭ জানুৱাৰী, ২০২৪ বাংলাদেশৰ ঢাকাত ভোটদানৰ বাবে আনুষ্ঠানিক উদ্বোধনী সময়ৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত তেওঁৰ ঘড়ী পৰীক্ষা কৰা মূহুৰ্ত। (AP)

পৰৱৰ্তী সময়ত মাইক্ৰ'ফাইনেন্সত উল্লেখনীয় কামৰ বাবে প্ৰসিদ্ধ আৰু শান্তিৰ নবেল বঁটা বিজয়ী মহম্মদ ইউনুছক এজন তত্ত্বাৱধায়ক নেতাৰ ভূমিকাত প্ৰক্ষেপ কৰা হয়। তেওঁ এক স্থিৰ আৰু দুৰ্নীতিমুক্ত নতুন বাংলাদেশ'ৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে শীঘ্ৰেই নিৰপেক্ষ নিৰ্বাচনৰ ভেটি গঢ়ি তোলাৰ কথা সদৰী কৰে।

এয়া পিচে ক্ষমতাৰ কোনো সাধাৰণ পৰিৱৰ্তন নাছিল। ইউনুছ চৰকাৰৰ কোনো সাংবিধানিক বৈধতা নাই: শ্বেখ হাছিনাই ২০১১ চনতে কোনোধৰণৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ব্যৱস্থা বাতিল কৰি থৈছে। ইউনুছৰ কৰ্তৃত্ব কেৱল তেওঁৰ জনপ্ৰিয়তা আৰু নৈতিক স্থিতিৰ ওপৰত নিৰ্ভৰশীল। গভীৰ বিভাজনৰ সৈতে যুঁজি থকা এখন ৰাষ্ট্ৰৰ বাবে এইটো এটা দুৰ্বল আধাৰ।

শাসনৰ প্ৰত্যাহ্বান

অৱশ্যে এইটো ইউনুছৰ কৃতিত্ব যে তেওঁ পৰিস্থিতিটো কিছু পৰিমাণে স্থিৰ কৰিবলৈ সক্ষম হৈছে। নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ কৰ্মলৈ ঘূৰি আহিছে, প্ৰেৰিত অৰ্থ- জিডিপিৰ এক গুৰুত্বপূৰ্ণ 5% - পুনৰ ঘূৰি আহিছে, আৰু অক্টোবৰত ৰেডিমেড সাজপোছাকৰ ৰপ্তানি বাৰ্ষিকভাৱে 21% বৃদ্ধি পাইছে।

কিন্তু সমুখৰ পথটো মসৃণ নহয়। খাদ্যৰ মুদ্ৰাস্ফীতি 13%, অনিশ্চিত বিদ্যুৎসেৱা- যি ভাৰতৰ আদানি গ্ৰুপৰ সৈতে পৰিশোধ বিবাদৰ ফলত বৃদ্ধি হে পাইছে- আৰু ব্যাপক বানপানীৰ ফলত ধান উৎপাদন ক্ষতিগ্ৰস্ত হৈছে।

ইউনুছৰ ২৪ জন পৰামৰ্শদাতাৰ কেবিনেট, যাৰ বহুতো যুৱ আৰু অনভিজ্ঞ, শ্বেখ হাছিনাৰ অধীনস্থ ৩৬ জনীয়া দলৰ তুলনাত শেঁতা পৰিছে। ইউনুছে নিজেই প্ৰতিৰক্ষা, ৰাজহুৱা প্ৰশাসন আৰু খাদ্যকে ধৰি একাধিক দপ্তৰ চোৱাচিতা কৰি আহিছে, কিন্তু তেওঁৰ শাসনৰ অভিজ্ঞতাৰ অভাৱ ইতিমধ্যে স্পষ্ট।

ইফালে, দিনক দিনে তেওঁৰ সমৰ্থকসকলৰ দাবী অধিক তীব্ৰ হৈ উঠিছে। বিপ্লৱৰ নেতৃত্ব দিয়া শিক্ষাৰ্থীসকলে বিচাৰে আমূল সংস্কাৰ, যাৰ ভিতৰত আছে আৱামী লীগক নিষিদ্ধ কৰা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে শ্বেখ হাছিনাৰ বিৰুদ্ধে মোকৰ্দমা আৰম্ভ কৰা।

আনহাতে, বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিয়ে (বি এন পি)- যি আৱামী লিগৰ দীৰ্ঘদিনীয়া প্ৰতিদ্বন্দী - যিমান সম্ভৱ সোনকালে নিৰ্বাচন বিচাৰে। বি.এন.পি. ইয়াৰ বিপদজনক স্থিতিৰ বিষয়ে অৱগত, কিয়নো তেওঁলোকেও শাসনত থকা সময়ত উৎপীড়ন চলোৱাৰ অভিযোগৰ সন্মুখীন হৈছে। ইয়াৰ নেতা মিৰ্জা ফখৰুল ইছলাম আলমগীৰে ২০২৫ চনৰ জুন মাহৰ ভিতৰত নিৰ্বাচন কৰোৱাৰ আহ্বান জনাইছে, যাৰ ফলত গণ প্ৰতিবাদৰ আশংকা দেখা দিছে।

আন্তৰ্জাতিক পৰিসৰ

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা বিশ্বৰ এটা সদূৰ প্ৰান্তত ঘটিত হোৱা নাই। দেশখনৰ কৌশলগত অৱস্থানে ইয়াক আঞ্চলিক আৰু গোলকীয় প্ৰতিদ্বন্দ্বিতাৰ কেন্দ্ৰস্থলত ৰাখে। বাংলাদেশৰ স্থিৰতাৰ সৈতে ভাৰতৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। শ্বেখ হাছিনাৰ কাৰ্যকালত, ভাৰতে ঢাকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিছিল, বিশেষকৈ শক্তি আৰু সন্ত্ৰাসবাদৰ দৰে ক্ষেত্ৰবোৰত। অৱশ্যে, ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন শাসনৰ সময়ত ইছলামবাদী শক্তিৰ পুনৰুত্থানৰ আশংকা কৰি মোদী চৰকাৰে এতিয়া সজাগ দৃষ্টি ৰাখিছে।

তদুপৰি আদানি গ্ৰুপৰ বিতৰ্কই জটিলতাৰ আন এটা স্তৰ যোগ দিছে। বাংলাদেশে ইয়াৰ প্ৰায় 10% বিদ্যুতৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰ কৰে। পৰিশোধৰ বকেয়াক লৈ হোৱা বিবাদৰ ফলত ইতিমধ্যে বিদ্যুৎ যোগান হ্ৰাস পাইছে। ইউনুছে এই সমস্যাবোৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে। সীমান্তপাৰৰ পানী ভাগ-বাটোৱাৰা আৰু হাছিনাৰ ভাৰতত আশ্ৰয় গ্ৰহণক লৈ সৃষ্টি হোৱা উত্তেজনা এতিয়াও শাম নকটাকৈ ৰৈ গৈছে।

ফাইল - আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে 10 জানুৱাৰী, 2024 তাৰিখে ভাৰতৰ গান্ধীনগৰত ভাইব্ৰেণ্ট গুজৰাট গোলকীয় সন্মিলনত ভাষণ দিয়াৰ সময়ত। (AP)

ইফালে, ট্ৰাম্প ৰাষ্ট্ৰপতিত্বৰ দ্বিতীয়টো কাৰ্যকালত আমেৰিকা যুক্তৰাষ্ট্ৰই আন এক প্ৰত্যাহ্বানৰ সূচনা কৰিব পাৰে । বিদেশী ৰাষ্ট্ৰক আৰ্থিক সাহায্য আৰু জলবায়ু কাৰ্যসূচীৰ প্ৰতি ট্ৰাম্পৰ সন্দেহাত্মক স্থিতিয়ে আমেৰিকাই প্ৰতিশ্ৰুতি দিয়া প্ৰায় ১.২ বিলিয়ন ডলাৰৰ ধনৰাশিক প্ৰভাৱিত কৰিব পাৰে। বাংলাদেশে চীনৰ সৈতেও অতিৰিক্ত ঋণ আৰু অনুদানৰ বাবে আলোচনা কৰি আছে। ইউনুছে এই সূক্ষ্ম ভাৰসাম্যটো ৰক্ষা কৰিব লাগিব। বেইজিঙে ইতিমধ্যে 2 বিলিয়ন ডলাৰৰ প্ৰতিশ্ৰুতি দিছে, আৰু অতিৰিক্ত 5 বিলিয়ন ডলাৰৰ বাবে আলোচনা চলি আছে। অৱশ্যে এইদৰে দেশখন চীনৰ ঋণৰ ফান্দত পৰাৰ আশংকা অধিক।

পশ্চাদকৰণৰ বিপদাশংকা

যেতিয়া প্ৰাৰম্ভিক আশাবাদে ৰাজনৈতিক অচলাৱস্থাৰ পথ সৃষ্টি কৰে তেতিয়া বিপ্লৱ প্ৰায়ে বিফল হয়। এতিয়া ইউনুছে সন্মুখীন হোৱা এয়াই সেই বিপদাশংকা। যদি তেওঁ অকাল নিৰ্বাচনৰ দাবীৰ পথ তৈয়াৰ কৰে, তেন্তে তেওঁ কল্পনা কৰা গাঁথনিগত সংস্কাৰবোৰ- যেনে ন্যায়িক ব্যৱস্থাক স্থিৰ কৰা আৰু মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰা - কেতিয়াও বাস্তৱায়িত নহ'ব পাৰে। এটা ত্ৰুটিপূৰ্ণ নিৰ্বাচনে আৱামী লিগ বা বি এন পিক ক্ষমতালৈ ঘূৰাই আনিব পাৰে, যাৰ ফলত স্বল্পকেন্দ্ৰিক, প্ৰৱঞ্চনাৰ শাসনৰ চক্ৰটো স্থায়ী হোৱাৰ সম্ভাৱনা থাকে।

আনহাতে, যদি ইউনুছে অত্যধিক পলম কৰে, তেন্তে জনসাধাৰণৰ সদিচ্ছা বাষ্পীভূত হ'ব পাৰে। যিসকল শিক্ষাৰ্থীয়ে এসময়ত তেওঁৰ উত্থান উদযাপন কৰিছিল পৰিৱৰ্তনৰ লেহেম গতিৰ বাবে হতাশ হৈ তেওঁৰেই বিৰুদ্ধাচৰণ কৰিব পাৰে। পুনৰ হিংসাৰ সূত্ৰপাত হ'ব পাৰে, আৰু বাংলাদেশৰ ৰাজনৈতিক হত্যাৰ ইতিহাসলৈ মন কৰিলে, আশংকাবোৰ বিপদজনকভাৱে উচ্চ ৷

আগুৱাই যোৱাৰ পথ

এই কুঁৱলীৰ পৰা বাহিৰ হোৱাৰ উপায় কি? ইউনুছে এটা সূক্ষ্ম ৰেখাত খোজ কাঢ়িব লাগিব। তেওঁ নিৰ্বাচনৰ বাবে এক স্পষ্ট সময়সীমা নিৰ্ধাৰণ কৰিব লাগিব - সম্ভৱতঃ ২০২৫ চনৰ শেষৰ ফালে - আৰু একে সময়তে অৰ্থপূৰ্ণ সংস্কাৰৰ বাবে এই বিলম্ব কিয় অত্যাৱশ্যকীয় সেয়া জনাব লাগিব।

স্বচ্ছতা এক জৰুৰী দিশ। ন্যায়িক, নিৰ্বাচনী আৰু আৰক্ষী সংস্কাৰৰ বাবে এক বিতং ৰোডমেপ প্ৰস্তুত কৰি, ইউনুছে জনসাধাৰণ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বিশ্বাস পুনৰ অৰ্জন কৰিব পাৰে।

কূটনৈতিকভাৱে, ইউনুছে সাৱধানে খোজ কাঢ়িব লাগিব। ভাৰতক নিৰাপত্তাৰ বিষয়ে আশ্বস্ত কৰা আৰু আদানি শক্তি চুক্তিৰ দৰে বিষয়ত অপ্ৰয়োজনীয় সংঘাত পৰিহাৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। একে সময়তে, অত্যধিক নিৰ্ভৰশীলতা অবিহনে চীনৰ বিত্তীয় সমৰ্থন লাভ কৰাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমৰ্থন বজায় ৰখাৰ বাবে নিপুণ কূটনীতিৰ প্ৰয়োজন হ'ব।

সদৌশেষত, আন্তৰ্জাতিক সম্প্ৰদায়ৰ এক বিশেষ ভূমিকা আছে। আইএমএফ, বিশ্ব বেংক আৰু পশ্চিমীয়া দাতাসকলে নিশ্চিত কৰিব লাগিব যে এই পৰিৱৰ্তনৰ সময়ত বাংলাদেশৰ প্ৰয়োজনীয় বিত্তীয় স্থিৰতা আছে। যদি পশ্চিমে পিছুৱাই যায়, চীনৰ প্ৰভাৱ কেৱল বাঢ়িব, যাৰ ফলত দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক ভাৰসাম্য জটিল হ'ব।

বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ কৰ্মীসকলে ১০ নৱেম্বৰ, ২০২৪ দেওবাৰে বাংলাদেশৰ ঢাকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগ দলৰ ৰেলীৰ প্ৰতিৰোধ কৰিবলৈ এক প্ৰতিবাদৰ সময়ত শ্ল'গান দিয়ে। (AP)

ভাৰতৰ ওপৰত ভূ-ৰাজনৈতিক আৰু সুৰক্ষাৰ প্ৰভাৱ

বাংলাদেশত ইছলামিক পুনৰুত্থানে ভাৰতৰ উত্তৰ-পূবক, বিশেষকৈ অসম আৰু পশ্চিম বংগক অস্থিৰ কৰিব পাৰে, যিয়ে বাংলাদেশৰ সৈতে জাতিগত আৰু সাংস্কৃতিক সম্পৰ্ক ভাগ বাটোৱাৰা কৰে। দীৰ্ঘম্যাদী অস্থিৰতাৰ ফলত আইন প্ৰৱৰ্তন দুৰ্বল হ'লে সীমান্তপাৰৰ সন্ত্ৰাসবাদ আৰু অবৈধ প্ৰব্ৰজন বৃদ্ধি হ'ব পাৰে। এই আশংকা আছে যে যদি বাংলাদেশে বিত্তীয় আৰু কৌশলগত সমৰ্থনৰ বাবে চীনৰ ফালে আগবাঢ়ি যায় তেন্তে ভাৰতৰ প্ৰভাৱ হ্ৰাস পাব পাৰে। চীনা ঋণৰ ওপৰত বাংলাদেশৰ নিৰ্ভৰশীলতাই (7 বিলিয়ন ডলাৰ সম্ভাৱ্য পেকেজ) সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাই ঋণ-ফান্দৰ কূটনীতিক আমন্ত্ৰণ কৰে।

বাংলাদেশত চীনৰ প্ৰভাৱ বৃদ্ধিৰ ফলত ভাৰতৰ ওপৰত কৌশলগত আৱৰণ বৃদ্ধি হ'ব পাৰে, বংগোপসাগৰৰ ঔদ্যোগিক বিকাশ বেল্টৰ দৰে প্ৰকল্পই চীনা সামুদ্ৰিক উপস্থিতি বৃদ্ধি কৰিব পাৰে।

ভাৰতে শ্বেখ হাছিনাৰ দৰে এক বিশ্বস্ত সহযোগী হেৰুৱাই, সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা আৰু পানী ভাগ-বাটোৱাৰা চুক্তিৰ দৰে দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিফলতাৰ আশংকা কৰিছে। আদানি গ্ৰুপৰ বিদ্যুৎ চুক্তি আৰু বিলম্বিত সীমাপাৰ শক্তি প্ৰকল্পক কেন্দ্ৰ কৰি অনিশ্চয়তা বিদ্যমান।

বাংলাদেশৰ ওপৰত অৰ্থনৈতিক আৰু নিৰাপত্তাজনিত প্ৰভাৱ

খাদ্য মুদ্ৰাস্ফীতিয়ে (13%) চৰকাৰৰ ওপৰত থকা ৰাইজৰ বিশ্বাসক আঘাত কৰিছে; দৰিদ্ৰতা বৃদ্ধি কৰিছে। আদানি গ্ৰুপে যোগান নিয়ন্ত্ৰণ কৰা কাৰ্যই ঔদ্যোগিক উৎপাদন অস্থিৰ কৰি তুলিছে বিশেষকৈ বস্ত্ৰ উদ্যোগক, যি দেশখনৰ মুঠ ৰপ্তানিৰ 84% কাৰক। বানপানীৰ কাৰণে কৃষি উৎপাদন ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত যোগান ব্যৱস্থা ব্যাহত হয় আৰু মূল্য বৃদ্ধি হয়।

হিন্দু আৰু সংখ্যালঘুসকলৰ বিৰুদ্ধে বৰ্ধিত সাম্প্ৰদায়িক হিংসাই সামাজিক সংহতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। শিক্ষাৰ্থীৰ প্ৰতিবাদৰ পুনৰাৰম্ভ আৰু আৱামী লিগ অনুগতসকলৰ প্ৰতিক্ৰিয়াৰ সম্ভাৱনাৰ ফলত আইন-শৃংখলা ভংগ হ'ব পাৰে আৰু সংখ্যালঘুসকলৰ নিৰাপত্তাৰ প্ৰতি থকা শংকা অধিক বৃদ্ধি হ'ব পাৰে। দুৰ্বল বাংলাদেশে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত শৰণাৰ্থী সংকটৰ আশংকা সৃষ্টি কৰিছে।

বৈষম্য বিৰোধী আন্দোলনত অংশগ্ৰহণকাৰী শিক্ষাৰ্থী আৰু বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ কৰ্মীসকলে দেওবাৰে, 10 নৱেম্বৰ, 2024 বাংলাদেশৰ ঢাকাত এজন আৱামী লীগ সমৰ্থকক আক্ৰমণ কৰে (AP)

চীনৰ প্ৰভাৱ স্তু্িমিত কৰাৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰই দিয়া গুৰুত্বই বাংলাদেশৰ চীন আৰু পশ্চিমৰ মাজত বজাই ৰখা সূক্ষ্ম ভাৰসাম্যৰ কাৰ্যক চাপ দিব পাৰে।আমেৰিকা যুক্তৰাষ্ট্ৰ-চীন প্ৰতিদ্বন্দ্বিতাত বাংলাদেশ এক পুতলা হৈ পৰাৰ আশংকা আছে।

উপসংহাৰ

বাংলাদেশ এক সন্ধিক্ষণত আছে। আগন্তুক সময়ত লোৱা সিদ্ধান্তবোৰে কেৱল ইয়াৰ ঘৰুৱা ভৱিষ্যতেই নহয় দক্ষিণ এছিয়া আৰু তাৰ বাহিৰৰ পৰিৱৰ্তনশীল গতিশীলতাতো ইয়াৰ ভূমিকা গঢ়ি তুলিব। সীমিত ৰাজনৈতিক অভিজ্ঞতা থকা মহম্মদ ইউনুছ নামৰ এজন ব্যক্তিৰ সমুখত এক বৃহৎ কাম ৰৈ আছে।

স্থায়ী গণতন্ত্ৰৰ ভেটিৰ সৈতে বাংলাদেশ শক্তিশালী হ'বনে? নে এনে আশাৰে আৰম্ভ হোৱা বিপ্লৱ বিশৃংখলতা আৰু প্ৰত্যাক্ৰমণলৈ পৰ্যবসিত হ’ব? কেৱল সময়হে ক'ব।

লগতে পঢ়ক:ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবীয়ে সলনি কৰিছে বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট

ABOUT THE AUTHOR

...view details