অসম

assam

ভিছা অবিহনে ভ্ৰমণ কৰক বিশ্বৰ এই ৭ খন সুন্দৰ দেশ - Visa Free Travel for Indians

আপুনি ভ্ৰমণপ্ৰেমী নেকি ? কম বাজেটত বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? তেন্তে নিশ্চয় এই ৭খন দেশ আপোনাৰ ভ্ৰমণৰ বিশেষ স্থানৰ তালিকাত থকা উচিত ।

By ETV Bharat Lifestyle Team

Published : 4 hours ago

Published : 4 hours ago

Srilanka to offer Visa Free travel from October 1 Other countries where Indian's can visit without visa
ভিছা অবিহনে ভ্ৰমণ কৰক বিশ্বৰ এই ৭ খন সুন্দৰ দেশ (Etv Bharat)

কোনেনো বিদেশ ভ্ৰমণ কৰিব নিবিচাৰে ৷ কিন্তু পাছপ’ৰ্ট আৰু ভিছাৰ আবেদনৰ দৌৰা-দৌৰিৰ বাবে বহু লোকে বিদেশ ভ্ৰমণৰ পৰিকল্পনা পাহৰি যায় বা এই সপোন সপোনেই হৈ ৰয় ৷ কাৰণ ভাৰতীয়ক নিজৰ দেশৰ পৰা আন দেশলৈ যাবলৈ ভিছাৰ প্ৰয়োজন ৷ কিন্তু আপুনি জানি সুখী হ’ব যে এই পৃথিৱীত কিছুমান এনে সুন্দৰ দেশো আছে য’ত ভাৰতীয়ৰ বাবে ভিছা ফ্ৰী ৷

ভাৰতীয় নাগৰিকে এই দেশসমূহলৈ ভিছা ফ্ৰী যাত্ৰা কৰিব পাৰে ৷ এই তালিকাত থাইলেণ্ড, উপমহাদেশ, ইণ্ডোনেছিয়া, মালয়েছিয়া আদিৰ পৰা আৰম্ভ কৰি বহুতো দেশ আছে ৷ এতিয়া শ্ৰীলংকাইও ৩১ অক্টোবৰৰ পৰা ভাৰতীয়সকলৰ বাবে ভিছাবিহীন ভ্ৰমণৰ কথা ঘোষণা কৰিছে ৷

ভিছা অবিহনে ভ্ৰমণ কৰক বিশ্বৰ এই ৭ খন সুন্দৰ দেশ (ETV Bharat)

সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক এনে ৭ খন দেশৰ বিষয়ে ক’বলৈ ওলাইছো য’ত আপুনিও অতি কম বাজেটত বিদেশ ভ্ৰমণৰ পৰিকল্পনা পূৰ্ণ কৰিব পাৰিব, আপুনি ইয়াত আপোনাৰ সংগী বা বন্ধু-বান্ধৱীৰ সৈতেও ভ্ৰমণ কৰিবলৈ যাব পাৰে ৷

মালদ্বীপ

ভিছা অবিহনে ভ্ৰমণ কৰক বিশ্বৰ এই ৭ খন সুন্দৰ দেশ (ETV Bharat)

নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা দম্পতীৰ বাবে এই মহাদেশখনেই আটাইতকৈ জনপ্ৰিয় পৰ্যটনস্থলী ৷ ভাৰতীয়সকলৰ মতে, ই হৈছে হানিমুনৰ বাবে সৰ্বোত্তম গন্তব্যস্থান ৷ ইয়াত ভাৰতীয় নাগৰিকৰ বাবে ভিছা বিনামূলীয়া ৷ ইয়াৰ বাবেই প্ৰতি বছৰে দেশৰ পৰা লাখ লাখ পৰ্যটক এই উপমহাদেশলৈ যাত্ৰা কৰে ৷ নীলা সাগৰী আৰু বগা বালিয়েই হৈছে ইয়াৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ ইয়াৰ উপৰিও মাল এটল, ছান আইলেণ্ড, বেনানা ৰিফ, আলিমাথা দ্বীপ, আৰ্টিফিচিয়েল বিচ আৰু বাৰ’ছ দ্বীপ আদি বিশেষ পৰ্যটনস্থলী ৷ ভিছা অবিহনে ভাৰতীয়ই ৩০ দিন এই স্থানত যাত্ৰা কৰিব পাৰে ৷

ইণ্ডোনেছিয়া

ভিছা অবিহনে ভ্ৰমণ কৰক বিশ্বৰ এই ৭ খন সুন্দৰ দেশ (ETV Bharat)

যদি আপুনি ইণ্ডোনেছিয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াত ভিছাৰ প্ৰয়োজন নাই ৷ ভাৰতীয় নাগৰিকে ৩০ দিন পৰ্যন্ত ভিছা অবিহনে যাত্ৰা কৰিব পাৰে ৷ সুমাট্ৰা, জাভা, বালি দ্বীপসমূহ ইণ্ডোনেছিয়াৰ প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ ইয়াত আপুনি আপোনাৰ সংগীৰ সৈতে প্ৰকৃতিৰ কোলাত প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব ৷

মালয়েছিয়া

ভিছা অবিহনে ভ্ৰমণ কৰক বিশ্বৰ এই ৭ খন সুন্দৰ দেশ (ETV Bharat)

মালয়েছিয়া এখন অতি সুন্দৰ ভ্ৰমণৰ বাবে এক উত্তম স্থান ৷ এই দেশখন প্ৰাচীন বহুসংস্কৃতিৰ জীৱনশৈলীৰ বাবে জনাজাত ৷ পেট্ৰ’নাছ টুইন টাৱাৰ, বাটু কেভছ, লেগোলেণ্ড মালয়েছিয়াৰ প্ৰধান পৰ্যটন স্থান ৷ যদি আপুনি পাহাৰ, জংঘল, বন্যপ্ৰাণী, বিল আদি ভাল পায়, তেন্তে মালয়েছিয়া আপোনাৰ বাবে এক নিখুঁত স্থান ৷ ইয়াতো ভিছা বিনামূলীয়া প্ৰৱেশ ৩০ দিনৰ বাবে হ’ব ৷

ভিয়েটনাম

ভিছা অবিহনে ভ্ৰমণ কৰক বিশ্বৰ এই ৭ খন সুন্দৰ দেশ (ETV Bharat)

ভিয়েটনামত এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ গুহা আছে ৷ ইয়াত বিভিন্ন দ্বীপ, অৰণ্য, ধৰ্মীয় স্থান আৰু বহুতো আকৰ্ষণীয় দৃশ্য উপভোগ কৰিব পাৰি ৷ শংক মলমল পাহাৰ ইয়াত বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ ৰাজপথৰ খাদ্যৰ বাবেও ভিয়েটনাম অতি জনপ্ৰিয় ৷ ষ্ট্ৰীট ফুডত নুডল চূপ, বিভিন্ন ধৰণৰ চাউলৰ ব্যঞ্জন উপভোগ কৰিব পাৰি ৷

থাইলেণ্ড

ভিছা অবিহনে ভ্ৰমণ কৰক বিশ্বৰ এই ৭ খন সুন্দৰ দেশ (ETV Bharat)

২০২৩ চনৰ নৱেম্বৰ মাহত থাইলেণ্ডে ভাৰতীয়সকলৰ বাবে ভিছা বিনামূলীয়াকৈ প্ৰৱেশৰ কথা ঘোষণা কৰিছিল ৷ ইয়াৰ উদ্দেশ্য আছিল দেশত পৰ্যটনক প্ৰচাৰ কৰা ৷ থাইলেণ্ডে ভাৰতৰ বাহিৰেও চীনৰ লগতে আন কিছুমান দেশৰ নাগৰিকৰ বাবে ভিছাবিহীন ভ্ৰমণৰ কথা ঘোষণা কৰিছে ৷ ভাৰতীয় নাগৰিকে চলিত বৰ্ষৰ ১১ নৱেম্বৰলৈকে ভিছা অবিহনে দেশ ভ্ৰমণ কৰিব পাৰিব ৷ গ্ৰেণ্ড পেলেচ, খাও য়াই ৰাষ্ট্ৰীয় উদ্যান থাইলেণ্ডৰ এক প্ৰধান পৰ্যটনস্থলী ৷

নেপাল

প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে নেপাল সুপৰিচিত ৷ নেপালত হিমালয়, ৰসাল সেউজীয়া অৰণ্য, ওখ পাহাৰ আদি অন্বেষণ কৰিব পাৰি ৷ মাউণ্ট এভাৰেষ্টৰ লগতে বিশ্বৰ ৮টা সৰ্বোচ্চ শৃংগ নেপালত ৷ ইয়াৰ বৌদ্ধ মঠ চাবলৈ প্ৰতি বছৰে লাখ লাখ পৰ্যটকে নেপাল ভ্ৰমণ কৰে ৷ ইয়াৰ উপৰিও প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে পহুপতিনাথ মন্দিৰ, বৌধ স্তুপ, স্বয়ম্ভু মহাচৈত্য ইত্যাদি ৷

শ্ৰীলংকা

ভিছা অবিহনে ভ্ৰমণ কৰক বিশ্বৰ এই ৭ খন সুন্দৰ দেশ (ETV Bharat)

শেহতীয়াকৈ শ্ৰীলংকাই ভাৰতৰ লগতে ৩৪খন দেশৰ নাগৰিকৰ বাবেও ভিছা বিনামূলীয়া ভ্ৰমণৰ কথা ঘোষণা কৰিছে ৷ বিশেষকৈ এই দেশখন পৰ্যটকৰ মনোমোহা আকৰ্ষণৰ বাবে পৰিচিত ৷ ইয়াত আপুনি ৰাবান জলপ্ৰপাত, মিণ্টেল মাউণ্টেন ৰেঞ্জ, এডামছ পিক, চিগিৰিয়া ৰক ফ’ৰ্ট আৰু প্ৰধান পৰ্যটনস্থলীসমূহ চাব পাৰে ৷ গতিকে যদি আপুনি কম বাজেটত বিদেশ ভ্ৰমণ কৰিব বিচাৰে তেন্তে শ্ৰীলংকাৰ পৰিকল্পনা কৰিব পাৰে ৷

এই দেশসমূহৰ বাহিৰেও ভাৰতীয়সকলে ভিছা অবিহনে ভূটান, মৰিচাছ, কেনিয়া, ইৰাণ, ডমিনিকা, গ্ৰেনাডা ইত্যাদিলৈ যাত্ৰা কৰিব পাৰিব ৷

লগতে পঢ়ক:জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব এই ৰে’লযাত্ৰা: প্ৰকৃতিৰ কোলাত হেৰাই পৰিব আপুনি - Beautiful train journeys in India

ABOUT THE AUTHOR

...view details