অসম

assam

ETV Bharat / lifestyle

বয়সৰ চাপ কমাবলৈ বন্ধাকবিৰে এনেদৰে লওক ছালৰ যতন - WINTER SKIN CARE

শীতকালত ছালখন শুকান আৰু টানি ধৰা যেন অনুভৱ হয় নেকি, ঘৰুৱা পদ্ধতিৰে কিদৰে ল'ব ছালৰ যতন ? এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই-

WINTER SKIN CARE
সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : 5 hours ago

গুৱাহাটী: বতৰ সলনি হোৱাৰ লগে লগে, লাহে লাহে জলবায়ুৰ আদ্ৰতা কমি আহিবলৈ ধৰিছে ৷ শুকান বতাহ বলিব ধৰিছে ৷ সেয়ে এনেকুৱা সময়ছোৱাত আমাৰ ছালৰ আদ্ৰতাভাৱটোও লাহে লাহে কমি আহিবলৈ ধৰে, যাৰ ফলত ছালখন শুকান আৰু টানি টানি ধৰা যেন অনুভৱ হয় ৷ ছালখন অনুউজ্জল, শেতা যেন অনুভৱ হয় ৷ বিশেষকৈ যিসকল শুকান ছালৰ গৰাকী তেওঁলোকৰ বাবে এইকেইটা দিন খুব অসহনীয় হৈ পৰে ৷

এই সময়ত যদি ছালৰ নিয়মিত যতন লোৱা নহয় তেন্তে সৰু সৰু বলিৰেখা দেখা দিয়াৰ লগতে ছালত বয়সৰ চাপ পৰা সমস্যাই দেখা দিয়ে,যাৰ বাবে ছালৰ সৌন্দৰ্য হানি হোৱা দেখা যায় ৷ সেয়ে এই সময়ছোৱাত ঘৰুৱা পদ্ধতিৰে যতন লৈ আপোনাৰ ছালখন নিমজ আৰু উজ্জ্বল কৰি ৰাখিব পাৰি সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তৰ পৰাই জানি লও আহক-

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত (ETV Bharat)

ঘৰুৱা পদ্ধতিৰে কিদৰে ছালৰ যতন ল'ব ?

  • এই সময়ছোৱাত বজাৰত যিহেতু বন্ধাকবি বজাৰত প্ৰচুৰ পৰিমাণে উপলব্ধ হয় ৷ কুমলীয়া বন্ধাকবিৰ একেবাৰে ভিতৰত অংশটো উলিয়াই লৈ ভালদৰে পৰিস্কাৰ পানীত সিজাই ল'ব ৷
  • এতিয়া সিজোৱা বন্ধাকবিখিনি ঠাণ্ডা হোৱাৰ পাছত ভালদৰে পিটিকি ল'ব ৷
  • তাৰ পাছত সেই পিটিকা বন্ধাকবিখিনিৰ লগত এচামুছ মৌ, আৰু অকমান আলমণ্ড তেল মিহলাই ল'ব ৷
  • এতিয়া এই তিনিটা সামগ্রী খুব ভালদৰে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব ৷
বয়সৰ চাপ কমাবলৈ বন্ধাকবিৰে এনেদৰে লওক ছালৰ যতন (ETV Bharat)
  • ইয়াৰ পাছত এই মিশ্ৰণখিনি ভালদৰে মুখ আৰু ডিঙিৰ ছালত লগাই ১৫ মিনিট মান ৰাখি তাৰ পাছত ভালদৰে পানীৰে ধুই লওক ৷
  • প্ৰতি সপ্তাহত এনেদৰে যদি ফেচপেক তৈয়াৰ কৰি তিনিদিনকৈ লগায় তেন্তে ছালৰ শুকানতা আৰু টানি ধৰা ভাবটো দূৰ হ'ব ৷ লগতে ছালৰ উজ্জলতা বৃদ্ধি হোৱাৰ লগতে, ইয়াৰ দ্বাৰা ছালত মইশ্ব’ৰাইজাৰ যোগান ধৰাৰ বাবে ছালখন খুব সুন্দৰ আৰু নিমজ হৈ থাকিব ৷

যিহেতু সকলোৱে জানে যে, মৌত এবিধ প্ৰকৃতিক মইশ্ব’ৰাইজাৰ থাকে আৰু আলমণ্ড তেল আমি খাবও পাৰো সেয়ে আলমণ্ড তেল ছালত লগালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু বয়সৰ চাপ পৰাৰ যিটো সমস্যা আছে সেইটো বহুখিনি কমি যায় ৷ লগতে বন্ধকবিয়ে ছালখন টনিং কৰাৰ এটা নিজস্ব গুণ আছে , যাৰ ফলত ছালখনত বয়সৰ চাপ পৰা হ্ৰাস হয় আৰু সদায় নিমজ আৰু সুস্থ হৈ থাকিব ৷

লগতে পঢ়ক:মেক আপ কৰাৰ পূৰ্বে তেলেতীয়া ছালৰ লোকসকলে কৰক এই কাম

ABOUT THE AUTHOR

...view details