টিম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ-বেটছমেন ঋষভ পন্তক আই পি এলৰ মেগা নিলামত ২৭ কোটি টকাত ক্ৰয় কৰা হৈছে, এতিয়া লক্ষ্ণৌ ছুপাৰজায়েণ্ট দলৰ অংশ হৈ তেওঁ এই প্ৰতিযোগিতাৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে প্ৰমাণিত হৈছে ৷
কিন্তু ২০২৩ চনত তেওঁ এটি ভয়াৱহ পথ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল ইয়াৰ ফলত তেওঁৰ কেৰিয়াৰত খুবেই বেয়া প্ৰভাৱ পৰে ৷ অৱশ্যে তেওঁ কেতিয়াও হাৰ মনা নাছিল আৰু চিকিৎসাৰ পিচত এক আচৰিত ধৰণে ক্ৰিকেট জগতত পুনৰ কামবেক কৰে ৷ আৰোগ্য লাভৰ সময়ত তেওঁ বিভিন্ন ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে এটি সুস্থ জীৱনশৈলী মানি চলিছিল ৷ শেহতীয়াকৈ তেওঁৰ পুষ্টিবিদে এটি সাক্ষাৎকাৰত দুৰ্ঘটনাৰ পিচত তেওঁ কেনে ধৰণৰ খাদ্য গ্ৰহণ কৰিছিল সেই বিষয়ে বিৱৰি কয়, সেয়ে জানো আহক এই সময়ছোৱাত তেওঁ কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিছিল-
চেলিব্ৰিটি পুষ্টিবিদ শ্বেতা শ্বাহে এটি সাক্ষাৎকাৰত কয় যে, "দুৰ্ঘটনাটোৰ প্ৰায় তিনিমাহ পিচত ঋষভ পন্তে মোৰ লগত যোগাযোগ কৰিছিল, যেতিয়া তেওঁৰ শৰীৰত শক্তি অতি কম আছিল, তেতিয়া তেওঁৰ ভোক অনুভৱ হোৱা নাছিল আৰু চিকিৎসাৰ সময়ত তেওঁক যিসমূহ গধুৰ ঔষধ খাবলৈ দিয়া হৈছিল এই কাৰণেই পাচন আৰু গেষ্ট্ৰিকৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷"
খিচিৰীৰ পৰা আৰম্ভ
প্ৰথম অৱস্থাত তেওঁৰ হজম শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ৷ পন্তৰ ৰিকুৱেৰি ডায়েটৰ প্ৰথম দুসপ্তাহত প্ৰেচাৰ কুকাৰত চাউল আৰু হালধীয়া মচুৰ দাইল মিহলাই তৈয়াৰ কৰা খিচিৰী তেওঁক খাবলৈ দিয়া হৈছিল ৷ ই কেৱল শৰীৰৰ বাবে পুষ্টিকৰ হোৱাই নহয়, ই হজম কৰিবলৈও সহজ ৷ অতিৰিক্ত পুষ্টিৰ বাবে তাত কিছু শাক-পাচলিও যোগ কৰা হৈছিল ৷
ৰস খোৱাৰ পৰামৰ্শ
এচিডিটি আৰু গেষ্ট্ৰিক সমস্যা হ্ৰাস কৰিবলৈ ৰসৰ মিশ্ৰণ খাদ্যত অন্তৰ্ভুক্ত কৰা হৈছিল, যিটো প্ৰদাহ নিবাৰণকাৰী আৰু ক্ষাৰকীয় প্ৰকৃতিৰ আছিল ৷ তাত গাজৰ, বিট, আমলখি, পদিনা, ধনিয়া, জনি, তিয়ঁহ আৰু কোমোৰাৰ ৰস মিহলাই দিয়া হৈছিল ৷
ভেজি ডায়েটৰ বাবে ভোক বাঢ়িল
ঋষভ পন্তে কুকুৰা মাংস খাই খুবেই ভাল পায়, কিন্তু প্ৰথম সপ্তাহকেইটাত তেওঁক নিৰামিষ খাদ্যত ৰখা হৈছিল ৷ এই সময়ছোৱাত তেওঁ জোৱাৰ পৰঠা, জুচিনি পেনকেক, ভেজ কাবাব আৰু চূপ খাইছিল ৷ লাহে লাহে তেওঁৰ ভোক ঘূৰি আহিবলৈ ধৰিলে, তাৰ পিচত তেওঁক স্বাভাৱিক আৰু সঘনাই আহাৰ দিয়া হ’ল ৷ এই খাদ্যত তেওঁক, শুকান বুট, গুড় আৰু ঘিউ মিহলি কৰি খাবলৈ দিয়া হৈছিল, যাৰ বাবে তেওঁ প্ৰটিন, ভাল চৰ্বি আৰু আইৰণ লাভ কৰিবলৈ আৰম্ভ কৰিছিল ৷
যেতিয়া পণ্টে ফিটনেছ লাভ কৰিবলৈ আৰম্ভ কৰিলে
যেতিয়া ঋষভ পন্তৰ ফিটনেছ যাত্ৰা আৰম্ভ হ’ল, তেতিয়া তেওঁৰ খাদ্যাভ্যাসত পৰিৱৰ্তন আহিল ৷ তেওঁ উদ্ভিদ ভিত্তিক প্ৰটিন খাবলৈ আৰম্ভ কৰিলে যাৰ ফলত পেশীবোৰ সুস্থ হৈ উঠিল ৷ এই সময়ত বিশেষ ধৰণৰ লাডু পৰিবেশন কৰা হৈছিল যিবোৰ বাদাম, গুটি, মৌ আৰু খেজুৰেৰে তৈয়াৰ কৰা হৈছিল ৷ পুষ্টিবিদগৰাকীয়ে হাড় শক্তিশালী কৰাৰ এই খাদ্য পৰিকল্পনাত গণ্ড কাতিৰা পানী নামৰ প্ৰাকৃতিক খাদ্যৰ ৰসকো অন্তৰ্ভুক্ত কৰিছিল ৷
অৱশেষত পন্ত সুস্থ হৈ উঠিল
পুষ্টিবিদগৰাকীৰ বিশেষজ্ঞতা আৰু ঋষভ পন্তৰ নিষ্ঠাৰ বাবে ক্ৰিকেট খেলপথাৰৰ তাৰকাগৰাকীয়ে উজ্জ্বল প্ৰত্যাৱৰ্তন কৰিছে ৷ এতিয়া তেওঁ বিপক্ষ দলৰ পৰা বহুত ছয় মাৰে ৷ তেওঁৰ বৰ্তমানৰ খাদ্য তালিকাত কণী, কুকুৰা আৰু মাছ আদিও অন্তৰ্ভুক্ত কৰিছিল ৷
সুস্থ হোৱাৰ পিচত কি ক’লে পন্তে ?
ঋষভ পন্তৰ মতে, "শ্বাহৰ ডায়েট প্লেন গ্ৰহণ কৰাৰ পিচত কিছু স্বাস্থ্যৰ কিছু উন্নতি লক্ষ্য কৰিলোঁ, যিয়ে মোক আৰোগ্য লাভ কৰাৰ প্ৰক্ৰিয়াত অতিকৈ সহায় কৰিছিল ৷ আটাইতকৈ ভাল কথাটো হ'ল ডায়েট প্লেনটো এনেদৰে ডিজাইন কৰা হৈছিল যে মই মোৰ সকলো প্ৰিয় খাদ্যও খাব পাৰিছিলো ৷" মই খাব পৰা বিভিন্ন খাদ্য সামগ্ৰী আৰু মই বাছি ল'ব পৰা বিভিন্ন খাদ্য সামগ্ৰী, মোৰ পছন্দ, প্ৰয়োজন আৰু শৰীৰৰ ধৰণৰ অনুকূলে মোৰ খাদ্যৰ দক্ষ ক্ষমতা, লগতে চেফৰ সৈতে সমন্বয় স্থাপন কৰাটো মোৰ বাবে একেবাৰেই উপযুক্ত ৷ আজি মই মোৰ চিকিৎসক, প্ৰশিক্ষক, পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীৰ অটল সমৰ্থনৰ বাবে মই অত্যন্ত কৃতজ্ঞ, সকলোৰে মোৰ প্ৰতি থকা উৎসাহ মোৰ দ্ৰুত আৰোগ্যৰ ভেটি হৈ পৰিছে ৷"
https://www.gqindia.com/content/gq-exclusive-rishabh-pants-nutritionist-shares-his-recovery-diet-post-his-accident