Happy Promise Day 2025: প্ৰেমত পৰা সকলৰ বাবে এই সপ্তাহতো খুবেই বিশেষ ৷ প্ৰেমত পৰাসকলৰ বাবে প্ৰতিটো দিনেই উৎসৱৰ দৰে, আনহাতে যিসকলে নিজৰ ক্ৰাছ বা বন্ধুৰ সৈতে সম্পৰ্ক স্থাপন কৰিব বিচাৰে তেওঁলোকৰ বাবে ই প্ৰেমৰ পৰীক্ষাৰ দৰে । ৭ ফেব্ৰুৱাৰীৰ পৰা প্ৰতিদিনে প্ৰেমিক-প্ৰেমিকাসকলে ভেলেন্টাইন ডে'ৰ এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ নিজৰ প্ৰিয়জনৰ বাবে বিশেষ কিবা কৰিবলৈ প্ৰয়াস কৰে । ভেলেণ্টাইন সপ্তাহৰ পঞ্চম দিনটোত প্ৰতিশ্ৰুতিৰ দিন অৰ্থাৎ প্ৰমিজ ডে' হিচাপে উদযাপন কৰা হয় । এই দিনটোত লাভ বাৰ্ডছে ইজনে আনজনৰ বিভিন্ন প্ৰতিশ্ৰুতি আগবঢ়ায় ।
প্ৰেমৰ সপ্তাহৰ পঞ্চম দিনা প্ৰ'মিছ ডে' পালন কৰা হয় ৷ এই দিনটোত প্ৰেমিক যুগলে ইজনে আনজনক কিছু বিশেষ প্ৰতিশ্ৰুতি দিয়ে ৷ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেলেণ্টাইন উইক ১৪ ফেব্ৰুৱাৰীত অন্ত পৰে ৷ প্ৰেমিক যুগলৰ বাবে ভেলেণ্টাইন উইকৰ প্ৰতিটো দিন বিশেষ, কাৰণ প্ৰতিটো দিনেই এক নতুন দিন ৷ ভেলেণ্টাইন উইক আৰম্ভ হয় ৰ’জ ডে’ৰ পৰা ৷ আজিৰ দিনটোত প্ৰেমিক যুগলে ইজনে আনজনক গোলাপ ফুল দি প্ৰেম প্ৰকাশ কৰে ৷ পিছদিনা প্ৰ’পজ ডে, চকলেট ডে, টেডি ডে আৰু তাৰ পিছত প্ৰ’মিজ ডে উদযাপন কৰা হয় ৷
প্ৰ'মিছ ডে' (FREEPIK)
প্ৰতিটো প্ৰেমিক যুগলৰ জীৱনত ফেব্ৰুৱাৰী মাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই মাহত বহুতে নিজৰ প্ৰেমক বিচাৰি পায় আনহাতে কিছুমান মানুহৰ হৃদয়ো ভাঙে কোনোবাই আকৌ মনে মনে ভাল পাই থকা নিজৰ প্ৰিয় ব্যক্তিগৰাকীক নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ এই মাহটোলৈ অপেক্ষা কৰে যাতে তেওঁলোকে মুকলিকৈ নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰে ৷ আনহাতে কোনো সম্পৰ্কত নথকা সকলে প্ৰতিটো ভেলেণ্টাইন ডে’ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে উদযাপন কৰিবলৈ ভাল পায় ৷
যদিও এই গোটেই সপ্তাহটো প্ৰেমিক যুগলৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিন্তু আজি আমি আপোনালোকক ক'বলৈ ওলাইছো প্ৰ'মিছ ডে'ৰ ইতিহাস আৰু ইয়াৰ গুৰুত্বৰ সৈতে জড়িত এটা আকৰ্ষণীয় কাহিনী লগতে প্ৰেমৰ সম্পৰ্কক আৰু অধিক গভীৰ কৰি তোলাৰ বাবে ৫টা প্ৰতিশ্ৰুতি-
প্ৰ'মিছ ডে' (FREEPIK)
প্ৰ'মিছ ডে'ৰ ইতিহাস
যদিও এই দিনটোৰ কোনো লিখিত ইতিহাস নাই, কিন্তু বছৰ বছৰ ধৰি ভেলেণ্টাইন সপ্তাহৰ পঞ্চম দিনটোত প্ৰ'মিছ ডে' পালন কৰি অহা হৈছে৷ যুগ যুগ ধৰি প্ৰেমিক যুগলে নিজৰ প্ৰেমৰ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিবলৈ এই দিনটোত ইজনে আনজনক বহু প্ৰতিশ্ৰুতি দিয়ে ৷ ইয়াক উদযাপন কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল আপুনি ইজনে আনজনক দিয়া প্ৰতিশ্ৰুতিবোৰ কাগজত লিখি উপহাৰ দিয়া ৷ আনহাতে মহিলাসকলে এই ধৰণৰ উপহাৰ খুবেই পচন্দ কৰে ৷
প্ৰেমৰ সপ্তাহত আগবঢ়োৱা প্ৰতিশ্ৰুতিবোৰে প্ৰেমিক যুগলৰ সম্পৰ্কত থকা আস্থা আৰু আশা বজাই ৰখাত সহায় কৰে । প্ৰেমত পৰিলে আপুনি আপোনাৰ সংগীৰ সুখৰ যত্ন লয়, তেওঁৰ সৈতে আপোনাৰ ভৱিষ্যতৰ কথা চিন্তা কৰে আৰু এই সপোন পূৰণৰ বাবে বহু প্ৰতিশ্ৰুতি দিয়ে । এনে কৰিলে সম্পৰ্কৰ বান্ধোন আৰু অধিক দৃঢ় হৈ পৰে । এইবাৰৰ প্ৰমিজ ডে'ত আপুনিও আপোনাৰ সংগীক দিয়ক প্ৰেমৰ প্ৰতিশ্ৰুতি । যদি আপুনি আপোনাৰ সংগীৰ সৈতে কি প্ৰতিশ্ৰুতি ল’ব লাগে সেই বিষয়ে জ্ঞাত নহয় তেন্তে, এই প্ৰতিবেদনৰ জৰিয়তে আপোনাৰ বাবে কিছুমান প্ৰেমৰ প্ৰতিশ্ৰুতি আগবঢ়োৱা হ'ল ৷
তেন্তে জানো আহক প্ৰেমিক যুগলে ইজনে আনজনক এনে কি প্ৰতিশ্ৰুতি (Five vows of love)কৰা উচিত যিয়ে তেওঁলোকৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব-
প্ৰ'মিছ ডে' (FREEPIK)
প্ৰেমৰ প্ৰথম প্ৰতিশ্ৰুতি
যিদৰে আছে তেনেকৈয়ে থাকক: প্ৰায়ে এনেকুৱা হয় যে যেতিয়া প্ৰেমিক-প্ৰেমিকাই প্ৰেমৰ সম্পৰ্কত প্ৰৱেশ কৰে তেতিয়া তেওঁলোকে সংগীৰ পছন্দ-অপছন্দৰ কথা মনত ৰাখিবলৈ আৰম্ভ কৰে । নিজৰ পছন্দ আৰু অভ্যাস এৰি সংগীৰ পছন্দ গ্ৰহণ কৰে । এনে পৰিস্থিতিত সংগীয়ে নিজৰ ব্যক্তিত্ব হেৰুৱাবলৈ আৰম্ভ কৰে । আৰম্ভণিতে সকলো স্বাভাৱিক আৰু ভাল যেন লাগে কিন্তু সময় পাৰ হোৱাৰ লগে লগে সংগীয়ে সম্পৰ্কত হেঁচা অনুভৱ কৰিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত এই প্ৰমিজ ডে'ত প্ৰেমিকযুগলে ইজনে সিজনক প্ৰতিশ্ৰুতি দিব পাৰে যে তেওঁলোকে যিদৰে আছে তেনেদৰেই ইজনে আনজনক ভাল পাব । এই সম্পৰ্কত তেওঁ সংগীক নিজৰ পছন্দ সলনি কৰিবলৈ বা নিজৰ পছন্দৰ সৈতে খাপ খুৱাবলৈ হেঁচা প্ৰয়োগ নকৰে ।